ETV Bharat / state

গুৱাহাটীৰ হোটেল পলিটিকছ : আঁৰত অমিত শ্বাহৰ সংগ !

author img

By

Published : Jun 22, 2022, 10:44 PM IST

ajp-press-meet-on-maharashtra-politics
ajp-press-meet-on-maharashtra-politics

গুৱাহাটীৰ হোটেল পলিটিকছ (Guwahati hotel politics ) ৷ অসম চৰকাৰে বানে ধোৱা অসমক মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ অভিকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ষড়যন্ত্ৰ কৰিছে ৷ মহাৰাষ্ট্ৰৰ ৰাজনীতি অমিত শ্বাহ তথা মোট ভাইক প্ৰধানমন্ত্ৰীৰ গাদীত বহুৱাৰ এক অংশ বিশেষ ৷

গুৱাহাটী, 22 জুন : সমগ্ৰ দেশৰ ৰাজনীতিত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গুৱাহাটী মহানগৰ (Guwahati hotel politics) ৷ মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি 41 গৰাকী বিসম্বাদী বিধায়কে অসমৰ শাসনাধীস্থ বিজেপি দল আৰু চৰকাৰৰ আতিথ্যত গুৱাহাটীৰ তাৰকাযুক্ত হোটেলত বাহৰ পাতিছে (Maharashtra political crisis) ৷ ইয়াৰ পিছতে এতিয়া সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদ (AJP press meet on Maharashtra political crisis)৷

বুধবাৰে অসম জাতীয় পৰিষদৰ গুৱাহাটীস্থ কাৰ্যালয়ত এক সংবাদমেলযোগে দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই অসম চৰকাৰে বানে ধোৱা অসমক মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ অভিকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ষড়যন্ত্ৰ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰি কয়- যিখন অসমত প্ৰায় ৫৫ লাখ লোকে বানৰ কবলত পৰি জীৱন মৃত্যুৰে যু্ঁজি আছে সেইখন অসমত মহাৰাষ্ট্ৰৰ অনৈতিক ৰাজনৈতিক বিসম্বাদী যুঁজৰ অভিকেন্দ্ৰ হিচাপে গঢ় দিয়াটো গৰিহণাৰ যোগ্য । যিসময়ত অসমৰ বান পৰিস্থিতিৰ বুজ লবলৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ সময় নাই সেই সময়ত অসমৰ বিজেপিৰ ৰাজনৈতিক অভিলাস পূৰণ কৰিবলৈ মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতা কৰিবলৈ অংশীদাৰ কৰা হৈছে অসম চৰকাৰক ৷ এই সময়ত অসম চৰকাৰৰ মৌলিক দায়িত্ব হ'ল অসমৰ বানাক্ৰান্ত ৰাইজক সাহাৰ্য প্ৰদান কৰা আৰু তেওঁলোকক উদ্ধাৰ কৰাৰ লগতে ক্ষয় ক্ষতিসমূহৰ ক্ষতিপূৰণ প্ৰদান কৰা ৷

ajp-press-meet-on-maharashtra-politics

অসমৰ এই দ্বিতীয় বানে অসমক বেয়াকৈ জুৰুলা কৰিছে৷ যোৱা বিধানসভা নিৰ্বাচনত অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ভোট বিচাৰি 4/5 বাৰকৈ আহিছিল৷ সেইজন প্ৰধামন্ত্ৰীয়ে কিন্তু বানাক্ৰান্ত ৰাইজৰ দুখৰ সময়ত সমভাগী হ'বলৈ আহিবলৈ সময় নাপালে ৷ ইয়াৰ দ্বাৰাই বিজেপিৰ দল আৰু চৰকাৰৰ অসমৰ প্ৰতি যি দায়বদ্ধতা সেইয়া স্পষ্টভাৱে বুজিব পাৰি৷ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহত যেতিয়া প্ৰাকৃতিক দুৰ্যোগ হয় সেইসময়ত ভাৰত চৰকাৰে হাজাৰ হাজাৰ কোটি কোটি টকা মুকলি কৰি দিয়ে ৷ তেনে ক্ষেত্ৰত যোৱা দুই বছৰত অসমৰ বাবে এটকাও মুকলি কৰি নিদিলে কেন্দ্ৰীয় চৰকাৰে৷ তাৰোপৰি চলিত বৰ্ষত মাত্ৰ 51 কোটি টকাহে মুকলি কৰি দিছে৷ অসমৰ জনসাধাৰণত কেৱল ভোটৰ স্বাৰ্থত পণ্যৰ দৰে ব্যৱহাৰ কৰিছে ৷

ইয়াৰ সমান্তৰালকে এই সমগ্ৰ মহাৰাষ্ট্ৰৰ ৰাজনীতি প্ৰক্ৰিয়াৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গাদীচ্যুত কৰাৰ প্ৰচেষ্টা কৰা বুলি মন্তব্য প্ৰকাশ কৰে ৷ মহাৰাষ্ট্ৰৰ ৰাজনীতি অমিত শ্বাহ তথা মোট ভাইক প্ৰধানমন্ত্ৰীৰ গাদীত বহুৱাৰ এক অংশ বিশেষ ৷ অসমত পূৰ্বতে বিধায়ক কিনা বেচা কাৰ্য ইতিহাসত নাছিল ৷ আগতে উত্তৰ প্ৰদেশ বিহাৰতহে বিধায়ক কিনা বেচাৰ অনৈতিক ৰাজনীতিৰ কথা শুনা পাইছিলো ৷ অসমত হিমন্ত বিশ্ব শৰ্মা কিনা বেচা ৰাজনীতি তথা অপৰাধমূলক ৰাজনীতিৰ মাষ্টাৰমাইণ্ড বুলি জাঙুৰ খাই উঠে নেতাগৰাকীয়ে ৷

বিজেপি দলে ২০১৬ আৰু ২০২১ চনৰ নিৰ্বাচনী ইস্তাহাৰত অসমৰ বান সমস্যা সম্পুৰ্ণৰূপে নিৰ্মূল কৰাৰ আশ্বাস দিছিল । বিজেপি দলৰ নেতাসকলে অসমৰ বান আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ আশ্বাস দিছিল । কিন্তু এই দিশত এতিয়ালৈ একো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি তেওঁ সদৰি কৰে আসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে ৷ তেওঁ অসমৰ শেহতীয়া বানৰ ভয়াৱহতা আৰু ক্ষয়-ক্ষতিলৈ চাই অসমৰ বাবেও বিশেষ আৰ্থিক পুঁজি আগবঢ়োৱা আৰু অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক : মহাৰাষ্ট্ৰৰ বিধায়কৰ দল হোটেলত থাকিলে আমাৰ চৰকাৰে GST পাব: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.