ETV Bharat / state

AJP Press conference: মুখ্যমন্ত্ৰীয়ে নাগৰিকপঞ্জী অসাৰ কৰিব বিচাৰিছে

author img

By

Published : Oct 13, 2022, 8:01 PM IST

এন আৰ চিক লৈ সৰৱ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ (AJP President Lurinjyoti Gogoi)। নাগৰিকপঞ্জীৰ পৰা বাদ পৰা সন্দেহযুক্ত বিদেশীক ‘প্রত্যাখ্যান জাননী' নিদিয়া বাবে ন্যায়্যাধীকৰণত গোচৰ নোহোৱাৰ অজুহাতত নতুন বিষয়াসকলক অব্যাহতি দিব বিচৰা হৈছে,যিটো আইনবিৰোধী । নিজৰ দলীয় ৰাজনীতি আৰু বিফলতা ঢাকিবলৈ ন্যায়াধীকৰণত নতুনকৈ নিযুক্ত বিষয়াসকলক অব্যাহতিহে দিব বিচাৰিছে ।

Press conference of AJP
মুখ্যমন্ত্ৰীয়ে নাগৰিকপঞ্জী অসাৰ কৰিব বিচাৰিছে

গুৱাহাটী,১৩ অক্টোবৰ: মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Dr Himanta Biswa Sarma)ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসাৰ কৰিব বিচাৰিছে । এই অভিযোগ অসম জাতীয় পৰিষদ(AJP president react on NRC) চমুকৈ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ । বৃহস্পতিবাৰে এজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি তেওঁ এই অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে ২০০৫ চনৰ ৫ মে'ত প্ৰাক্তন প্রধান মন্ত্ৰী ড৹ মনমোহন সিঙৰ (Former PM Dr Manmohan Singh) অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অনুষ্ঠিত আলোচনাত অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ।

তেওঁ কয় যে অসম চুক্তিৰ (Assam Accord) আধাৰতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (National Register of Citizens) প্ৰস্তুতৰ সিদ্ধান্ত হৈছিল । ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ১৯৭১ চনৰ ভোটাৰ তালিকাকে (Electoral Rolls of 1971) মূলতঃ আধাৰ হিচাবে লোৱাৰ সিদ্ধান্ত হৈছিল । এই আলোচনাত অসম চৰকাৰৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিছিল । সেই সিদ্ধান্ত অনুসৰি অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ কাম আগবাঢ়িছিল ।

গগৈয়ে পুনৰ কয় য়ে দুয়োখন চৰকাৰৰ অলস মনোবৃত্তিৰ বাবে প্রস্তুতিৰ কাম বহু পলম হৈছিল । নিয়ম-নীতিবোৰ সংবিধানৰ আধাৰতে প্ৰস্তুত কৰা হৈছিল। অসমৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নিৰ্মাণৰ বিষয়টো নাগৰিকত্ব আইনৰ অন্তৰ্ভুক্ত কৰা হৈছিল । বিভিন্ন পক্ষৰ সন্মতিক্রমে উচ্চতম ন্যায়ালয়ৰ তদাৰকত নাগৰিকপঞ্জীৰ প্ৰস্তুতৰ কাম আৰম্ভ হৈছিল । বহু বিধি-পথালিৰ মাজত ২০১৯ চনৰ ৩১ আগষ্টৰ নিশা অৱশেষত কাম আৰম্ভ হোৱাৰ প্ৰায় ৫ বছৰৰ মূৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন প্ৰকাশ হৈছিল । প্ৰস্তুতিৰ ইতিহাস অসমৰ মানুহে ভালদৰে জানে ।

তেওঁ লগতে কয় যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে প্ৰতিটো স্তৰতে বাধা দিছিল । উচ্চতম ন্যায়ালয়ৰ নির্দেশ নামানি বিষয়াবর্গক সঘনে বদলি কৰিছিল । ৰাজ্য চৰকাৰৰ অসহযোগী মনোভাৱৰ বাবে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা অসম বঞ্চিত হ’ল । প্রকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন ত্রুটিপূৰ্ণ হৈ ৰ'ল । অসমৰ বিদেশী নাগৰিকৰ সমস্যাটোৰ ভয়াৱহতা অনুপাতে নাগৰিকপঞ্জীখনক লৈ জনসাধাৰণ সন্তুষ্ট হ’ব নোৱাৰিলে । ছাত্ৰ সন্থাকে ধৰি বিভিন্ন পক্ষৰ পৰা পৰ্য্যালোচনা কৰাৰ দাবী উত্থাপিত হ’ল । এফালে বহুতো খিলঞ্জীয়া মানুহৰ নাম বাদ পৰিল আৰু আনফালে বহুতো সন্দেহযুক্ত বাংলাদেশীৰ নাম অন্তর্ভুক্ত হ’ল । তেতিয়াৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নিৰ্মাণ কৰ্তৃপক্ষৰ সমন্বয়ক প্রতীক হাজেলাই এখন অশুদ্ধ তালিকা প্রকাশ কৰি উচ্চতম ন্যায়ালয়ৰ সন্মতি লৈ অসম এৰিলে ।

এজেপিৰ সভাপতিগৰাকীয়ে পুনৰ কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পর্কীয় শুনানিত উচ্চতম ন্যায়ালয়ে সমস্যাটো ব্যাপকতা অনুধাৱন কৰি বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো দ্ৰুততৰ কৰিবলৈ দুশখন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ গঠনৰ নিৰ্দেশ দিছিল । ইয়াৰ বাবে যাৱতীয় সদস্য আৰু কৰ্মচাৰী নিয়োগ কৰিবলৈ অসম চৰকাৰক নির্দেশ দিছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Gauhati High Court) তদাৰকত ন্যায়াধীৰণৰ সদস্যসকলক বাছনি কৰা হৈছিল । সদ্যহতে ১৭৯ জন সদস্যই ন্যায়াধীকৰণৰ কামত নিয়োজিত হৈ আছে । আনহাতে ,অতিৰিক্ত ন্যায়াধীকৰণসমূহ গঠনৰ বাবে যাবতীয় ধন কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিছে ।

তেওঁ কয় যে ন্যয়্যাধীকৰণসমূহত প্রায় ১ লাখ নতুন গোচৰ জমা হৈ আছে । নতুনকৈ নিয়োজিত ন্যায়াধীকৰণৰ সদস্যসকলক পুৰণি গোচৰবোৰো বিবেচনা কৰাৰ দায়িত্ব অর্পণ কৰিছে । ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যিবোৰ নাম বাদ পৰিল সেইসকলোকে কিয় বাদ পৰিল তাৰ কাৰণ দৰ্শাই ‘প্রত্যাখ্যান জাননী’ (rejection slip) জাৰি কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমতে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক বাৰে বাৰে সকীয়াই আহিছে । ইয়াৰ লগতে বাদ পৰা খিলঞ্জীয়া মানুহকো নাম অন্তর্ভুক্ত কৰাৰ সুবিধা দিবলৈ ন্যায়ালয়ৰ নিৰ্দেশতে কোৱা আছে । অথচ ৰাজ্য চৰকাৰে ‘প্রত্যাখ্যান জাননী’বোৰ দিবলৈ আজিলৈকে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই । ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে ২০২২ চনৰ ১৩ ছেপ্তেম্বৰত নতুনকৈ নিযুক্তি দিয়া ন্যায়্যাধীকৰণৰ সদস্যসকলক অব্যাহতি দিবলৈহে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ক জনাইছে ।

নাগৰিকপঞ্জীৰ পৰা বাদ পৰা সন্দেহযুক্ত বিদেশীক ‘প্রত্যাখ্যান জাননী' (Rejection Notice of NRC) নিদিয়া বাবে ন্যায়্যাধীকৰণত গোচৰ নোহোৱাৰ অজুহাতত নতুন বিষয়াসকলক অব্যাহতি দিব বিচৰা হৈছে বুলি তেওঁ কয় । উচ্চতম ন্যায়ালয়ে প্রকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনক আনুষ্ঠানিক মোহৰ এতিয়ালৈকে নামাৰিলেও ‘প্রত্যাখ্যান জাননী’ জাৰি কৰাত কোনো আইনগত বাধা নাই । বৰঞ্চ এই প্ৰক্ৰিয়াটো দ্ৰুততৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক কেইবাবাৰো জনাইছে । চৰকাৰে ৰহস্যজনকভাৱে ‘প্রত্যাখ্যান জাননী’বোৰ দিয়া নাই । নিজৰ দলীয় ৰাজনীতি আৰু বিফলতা ঢাকিবলৈ ন্যায়াধীকৰণত নতুনকৈ নিযুক্ত বিষয়াসকলক অব্যাহতিহে দিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে ।

তেওঁ দৃঢ়তাৰে কয় যে চৰকাৰৰ এই সিদ্ধান্ত এটা গভীৰ ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয় । নাগৰিকপঞ্জীখনৰ গুৰুত্ব নোহোৱা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা কৰিছে । ইয়াৰে পদক্ষেপ হিচাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন আৰু অৰ্থসাহায্য, নিযুক্তি প্ৰক্ৰিয়াৰ বিজ্ঞাপনৰ চৰ্ত আদি সকলো কথাৰ বিপৰীতে গৈ মুখ্যমন্ত্ৰীয়ে ন্যায়াধীকৰণৰ বিষয়াসকলক অব্যাহতি দিব বিচাৰিছে । মুখ্যমন্ত্রী ড৹ শৰ্মাই দায়িত্ব লোৱাৰে পৰা ইটোৰ পিছত সিটো অসমবিৰোধী সিদ্ধান্ত লৈ আহিছে বুলি তেওঁ কয় ।

এজেপিৰ সভাপতিগৰাকীয়ে এই অসমবিৰোধী আৰু আত্মঘাতী সিদ্ধান্ত অনতিপলমে প্রত্যাহাৰ কৰিবলৈ দাবী জনায় । তেওঁ লগতে কয় যে অসম জাতীয় পৰিষদৰ এইটো দৃঢ় স্থিতি যে ১৯৭১ চনৰ পিছৰ জাতি-ধর্ম-ভাষা নির্বিশেষে সকলো বাংলাদেশী চিনাক্ত হ’ব লাগিব । চিনাক্ত বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিব লাগিব । শেষত অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব । এই স্থিতিৰ পৰা অসমৰ জনসাধাৰণ আঁতৰি আহিব নোৱাৰে। অসমৰ সংকট অধিক গভীৰ হৈছে । অসম জাতীয় পৰিষদে বিশ্বাস কৰে যে অসমৰ অৱস্থা খিলঞ্জীয়া ত্ৰিপুৰীৰ দৰে হোৱাৰ পথত আগবাঢ়িছে। সীমা আজিও অসুৰক্ষিত । পূৰ্বতে কংগ্ৰেছ চৰকাৰ আৰু এতিয়াৰ বিজেপি চৰকাৰৰ আশিসধন্য অগণন বাংলাদেশীয়ে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় দিনক দিনে ক্ষুণ্ন কৰি আহিছে । তেওঁ কয় যে ড৹ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকপঞ্জীখন অসাৰ কৰি তুলিবলৈ বিচাৰিছে । সংবাদমেলত এজেপিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:Labhita Drama Controversy: অভিজিৎ ভট্টাচাৰ্যক গৰিহণা থিয়েটাৰ প্ৰযোজক সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.