ETV Bharat / state

আলফাৰ চুক্তি বিজেপি দলৰ ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ: লুৰীণজ্যোতি গগৈ

author img

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 6:50 PM IST

ULFA Govt Peace Agreement: বিজেপিয়ে আলফাক ব্যৱহাৰ কৰি এই চুক্তিখন স্বাক্ষৰিত কৰিছে বুলি মন্তব্য অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ তেওঁ কয় যে চুক্তিখনত অসমৰ কোনো‌ মৌলিক সমস্যাৰ সমাধান‌ সূত্ৰ নাই ৷

ULFA Govt Peace Agreement
অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

আলফা-চৰকাৰৰ শান্তি চুক্তি সন্দৰ্ভত অজাপৰ সভাপতিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 30 ডিচেম্বৰ : আলফা আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিক বিজেপি দলে ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰা বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অভিযোগ কৰিছে ৷ গুৱাহাটীত শনিবাৰে সংবাদ মাধ্যমৰ আগত আলফা আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয় যে, বিজেপিয়ে আলফাক ব্যৱহাৰ কৰি এই চুক্তিখন স্বাক্ষৰিত কৰিছে ৷

তেওঁ কয় যে আলফাৰ চুক্তিখন পৰেশ বৰুৱা অবিহনে অসম্পূৰ্ণ ৷ আলফা (স্বা) ৰ সেনাধ্যক্ষ পৰেশ‌ বৰুৱাক আলোচনালৈ আনি এই চুক্তিখন সম্পূৰ্ণ কৰাৰ প্ৰয়োজন আছিল ৷ কিন্তু বিজেপি চৰকাৰৰ এই ক্ষেত্ৰত কোনো‌ সদিচ্ছা প্ৰকাশ পোৱা নাই ৷ তেওঁ লগতে কয় যে চুক্তিখনত অসমৰ কোনো‌ মৌলিক সমস্যাৰ সমাধান‌ সূত্ৰ নাই ৷ 'কা' বলবৎ নকৰাৰ কোনো‌ কথা উল্লেখ নাই ৷ অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰৰ কথা উল্লেখ নাই ৷ সম্পদৰ ওপৰত অসমৰ মানুহৰ অধিকাৰৰ কথা নাই ৷ অসমৰ‌ বানপানীৰ ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ কোনো কথা উল্লেখ নাই ৷

ইফালে লুৰীণজ্যোতি গগৈয়ে কয় যে, ভাৰতবৰ্ষৰ স্বাধীনোত্তৰ ইতিহাসত অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বহু চুক্তি সম্পাদন হ’ল, কিন্ত অধিক সংখ্যক চুক্তি ৰূপায়ন হে নহ’ল ৷ অসমত খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়া মানুহে 6 বছৰ আন্দোলন কৰিব লগা হৈছিল, 855 জনে জীৱন দিব লগা হৈছিল, লক্ষ লক্ষ মানুহ নিৰ্যাতিত হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিত স্বাক্ষৰিত অসম চুক্তিখনো ফলপ্ৰসূ ৰূপায়ণ নহ’ল ৷ আৰু অলেখ উদাহৰণ আছে বুলি কয় গগৈয়ে ৷

অজাপৰ সভাপতিজনে কয় যে, অসমৰ অসমীয়া মানুহৰ আৰ্থিক, সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক অধিকাৰ সৰ্বকালৰ বাবে সুৰক্ষিত কৰিবলৈ অসম চুক্তিৰ 6 নং দফাৰ আধাৰত সাংবিধানিক ৰক্ষাকবচৰ পৰামৰ্শাৱলীক কাৰ্যকৰী কৰাৰ দিশটোৱে চুক্তিখনত কোনো অগ্ৰাধিকাৰ নাপালে ৷

লগতে পঢ়ক : আলফাৰ শীৰ্ষ নেতৃত্বৰ ৰাজনৈতিক অপৰিপক্কতা প্ৰকাশ পাইছে : ড৹ হীৰেন গোহাঁই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.