ETV Bharat / state

Ajit Chetia murder case: ডকাইতে হত্যা কৰিছিল অজিত চেতিয়াক; জালত পৰিল চাৰি হত্যাকাৰী

author img

By

Published : Mar 3, 2023, 8:32 PM IST

ajit chetia murder accused arrested
আৰক্ষীৰ জালত অজিত চেতিয়া হত্যাকাণ্ডৰ অভিযুক্ত

হত্যাকাণ্ড সংঘটিত হোৱাৰ দহ মাহৰ পাচত গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চাৰিটাকৈ অভিযুক্তক ৷ সমগ্ৰ মহানগৰীক জোঁকাৰি যোৱা এমট্ৰনৰ গাণনিক বিষয়া অজিত চেতিয়াৰ হত্যাকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ ডকাইতি কৰিবলৈ আহি চাৰি দুৰ্বৃত্তই ২০২২ ৰ ৯ এপ্ৰিলৰ নিশা হত্যা কৰিছিল চেতিয়াক (Ajit Chetia murder in Guwahati) ৷

আৰক্ষীৰ জালত অজিত চেতিয়া হত্যাকাণ্ডৰ অভিযুক্ত

গুৱাহাটী, ৩ মাৰ্চ: হত্যাকাণ্ডৰ প্ৰায় ১০ মাহৰ পিচত আৰক্ষী জালত পৰিল অজিত চেতিয়া হত্যাকাণ্ডৰ অভিযুক্ত । ৯ এপ্ৰিল ২০২২ ত মহানগৰীৰ তেতেলীয়াত নিশা সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড । ঘৰত কোনো নথকাৰ সুযোগ লৈ হত্যা কৰা হৈছিল অজিত চেতিয়া নামৰ এজন লোকক । হত্যাকাণ্ডৰ পাচতো তদন্ত লেহেমীয়া কৰিছিল মহানগৰ আৰক্ষীয়ে (Ajit Chetia murder in Guwahati)।

কিন্তু নতুন আৰক্ষী আয়ুক্ত হিচাবে দিগন্ত বৰাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে খোল খালে পুৰণি এই হত্যাকাণ্ডৰ ফাইল । প্ৰায় ১১ মাহৰ পাচত পুনৰ তদন্ত আৰম্ভ হয় উক্ত ঘটনাৰ । তদন্ত ‍আৰম্ভ হোৱাৰ পিচতে ঘটনাৰ লগত জড়িত ৫ জনকৈ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ধৃত অভিযুক্তকেইজন ক্ৰমে দৰং জিলাৰ চাইদুৰ ৰহমান ওৰফে গেলা, ফটাশিল আমবাৰীৰ চুৰাত জামাল ওৰফে কালু, বৰপেটাৰ আব্দুল ৰচিদ, ৰফিকুল ইছলাম ওৰফে গেণ্ডা আৰু সোণৰী দিলৱাৰ খান । পূৰ্বেও চুৰি সোণ-ৰূপ ক্ৰয় কৰি গ্ৰেপ্তাৰ হৈছিল সোণাৰী দিলৱাৰ খান । এই কথা সংবাদমেলযোগে সদৰী কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (Ajit Chetia murder accused arrested)।

কি দৰে সংঘটিত হৈছিল এই হত্যাকাণ্ড:

২০২২ ৰ ৯ এপ্ৰিলৰে এই ঘটনা । ডকাইতি কৰাৰ উদ্দেশ্যে এমট্ৰনৰ গাণনিক বিষয়া অজিত চেতিয়াৰ ঘৰত প্ৰৱেশ কৰিছিল চাৰিজনীয়া ডকাইতৰ দলটো । সেই সময়ত চেতিয়াৰ পত্নী আৰু সন্তান শিৱসাগৰৰ ঘৰলৈ গৈছিল । ঘৰত কোনো নথকাৰ সুযোগতে হত্যা কৰা হৈছিল অজিত চেতিয়াক । বিচনাত শুই থকা অৱস্থাত বাটামেৰে মূৰত প্ৰহাৰ কৰি হত্যা কৰিছিল অজিত চেতিয়াক । তাৰ পাচতে ডকাইতি কৰি সমগ্ৰ সামগ্ৰী লুটিছিল চাৰি জনীয়া গেংটোৱে (Guwahati police arrest dacoit gang)।

লগতে পঢ়ক: Assam forest minister on eviction: বনাঞ্চলত বেদখল নচলিব; বন মন্ত্ৰীৰ হুংকাৰ

চাইদুৰ ৰহমান ওৰফে গেলা, চুৰাত জামাল ওৰফে কালু, আব্দুল ৰচিদ, ৰফিকুল ইছলাম ওৰফে গেণ্ডাই দিনৰ পোহৰতে মহানগৰীৰ বিভিন্ন স্থানত চাৰ্ভে কৰি ফুৰে কোনটো ঘৰত চুৰিকাণ্ড সংঘটিত কৰিব । ঘৰত কোনো নথকাৰ খবৰ পাই ৯ এপ্ৰিলত ডকাইতিকাণ্ডৰ বাবে অজিত চেতিয়াৰ ঘৰটোক লক্ষ্য কৰি লৈছিল । নিশা প্ৰায় ১ বজাত চাৰি ডকাইতে চেতিয়াৰ ঘৰৰ কাষৰ পৰিত্যক্ত ঘৰত লগ হয় আৰু অজিত চেতিয়াৰ ঘৰৰ খিৰিকীৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰে (Ajit Chetia murder case)।

ঘৰটোত প্ৰৱেশ কৰি ভিতৰত এজন লোকক শুই থকা দেখি বাটামেৰে মূৰত প্ৰহাৰ কৰে । বাটামেৰে মূৰত কৰা প্ৰচণ্ড আঘাতৰ ফলত থিতাতে নিহত হৈছিল অজিত চেতিয়া । তাৰ পিচতে ঘৰৰ ভিতৰৰ নগদ ধন আৰু সোণৰ অলংকাৰ লুটি লৈ গৈছিল ডকাইতৰ দলটোৱে । পুনৰ সেই পৰিত্যক্ত ঘৰটোলৈ গৈ লুট কৰা সামগ্ৰীসমূহ সমানে ভগাই নিজৰ কামত ব্যস্তু হয় ডকাইতৰ দলটো । এডাল সোণৰ চেইন কালু নামৰ অভিযুক্তটোৰ পত্নীৰ ডিঙিৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে (Ajit Chetia murder case updates)।

২০২২ চনৰ ১০ এপ্ৰিলত সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছিল । সেই সময়ত জালুকবাৰী আৰক্ষীয়ে সন্দেহৰ আৱৰ্তত মঞ্জুৰ আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰিছিল । কিন্তু সেই সময়ত কোনো বিশেষ তথ্য লাভ নকৰাৰ বাবে থমকি ৰৈছিল তদন্ত । ইয়াৰ ১০ মাহ পিচত পুনৰ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে (Murder cases in Guwahati) ৷

লগতে পঢ়ক: Guwahati double murder case: আইনৰ সুৰুঙাৰে সাৰি যাব নেকি কংলকিনী বন্দনা; কি কয় অধিবক্তাই ?

বেংগালুৰুৰ পৰা ব্যক্তিগত কোম্পেনীত চালক হিচাপে কাম কৰি থকা অৱস্থাত চাইদুৰ ৰহমান ওৰফে গেলাক ২৫ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পিচতে সমগ্ৰ তথ্য পোহৰলৈ আহিছিল । এই সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড আছিল এই চাইদুৰ ওৰফে গেলা । দীৰ্ঘদিনৰ মূৰত কেইবাটাও হত্যাকাণ্ডৰ ঘটনা সমাধান হ'ল যদিও সময়ত আৰক্ষীৰ তদন্তৰ গাফিলতিৰ কথা আওপকীয়াকৈ স্বীকাৰ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.