ETV Bharat / state

Guwahati double murder case: আইনৰ সুৰুঙাৰে সাৰি যাব নেকি কংলকিনী বন্দনা; কি কয় অধিবক্তাই ?

author img

By

Published : Feb 28, 2023, 10:06 PM IST

Advocate on Guwahati double murder case
বন্দনা হত্যাকাণ্ডৰ সন্দৰ্ভত কি ক’লে অধিবক্তাই?

ৰাজ্য কঁপোৱা বন্দনা কলিতাৰ দ্বাৰা সংঘটিত ডাব’ল মাৰ্ডাৰ কেচৰ সন্দৰ্ভত প্ৰতিদিনেই ফাদিল হৈছে ন ন তথ্য ৷ এই বৰ্বৰ ঘটনা সন্দৰ্ত কিদৰে গ্ৰহণ কৰা হ’ব পাৰে আইনী প্ৰক্ৰিয়া ৷ শুনক অধিবক্তা আছলাম খানৰ মুখেৰেই (Advocate on Guwahati double murder case)...

বন্দনা হত্যাকাণ্ডৰ সন্দৰ্ভত কি ক’লে অধিবক্তাই?

গুৱাহাটী, 28 ফেব্ৰুৱাৰী: ৰাজ্য কঁপোৱা গুৱাহাটীৰ ডাব’ল মাৰ্ডাৰ কেচ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে (Guwahati Double Murder case)। অৱশ্যে বৰ্তমানলৈকে আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডৰ চাৰ্জশ্বীট আদালতত দাখিল কৰা নাই ৷ এই ঘটনাক লৈ বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰি আহিছে যদিও এই সমগ্ৰ ঘটনাক আইনী দৃষ্টিভংগীৰে কেনেদৰে চোৱা হৈছে এই সন্দৰ্ভত ই টি ভি ভাৰতৰ ফালৰ পৰা বিশেষ অধিবক্তাৰ মতামত গ্ৰহণ কৰা হৈছিল (Advocate on Guwahati double murder case)।

এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ আছলাম খানে কয়, ‘‘গুৱাহাটীৰ ডাব’ল মাৰ্ডাৰৰ ঘটনাৰ বহুখিনি কথা সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ । এই ক্ষেত্ৰত আইনী দৃষ্টিভংগীৰে কথাখিনি ব্যক্ত কৰিব লাগিব । এতিয়াও আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে কেনেদৰে তদন্ত কৰিব লাগে সেয়া আৰক্ষীৰ বিষয়বস্তু । কথা হ'ল তদন্ত সঠিকভাৱে হ'ব লাগে । আৰু বিজ্ঞানসন্মত তথ্য সংগ্ৰহ কৰাৰ প্ৰয়োজন । ইয়াৰ ভিত্তিত আৰক্ষীয়ে চাৰ্জশ্বীট তৈয়াৰ কৰি আদালতত দাখিল কৰিব লাগিব । ভাৰতীয় দণ্ডবিধি ধাৰা ঠিক মতে আৰোপ কৰিব লাগিব । আদালতে এই সকলো বিষয়বোৰ চালি জাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰিব ।’’

লগতে অধিবক্তাগৰাকীয়ে কয়, ‘‘গোচৰটো ৰেয়াৰ কেচ (Rare Case) হ’ব নে সাধাৰণ ঘটনাৰ দৰে হ'ব সেয়া আদালতে তথ্য প্ৰমাণ চাই সিদ্ধান্ত গ্ৰহণ কৰিব । তাৰ ওপৰত ভিত্তি কৰি দোষীৰ শাস্তি নিৰ্ণয় কৰা হ'ব । বৰ্তমানলৈ আমি জানিব পৰা মতে, আৰক্ষীয়ে আৰক্ষীৰ কাম কৰি আছে ।’’

উল্লেখ্য যে, গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতা সহ অৰূপ ডেকা আৰু ধনটি ডেকাক সোমবাৰে পুনৰ চাৰিদনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছিল । আদালতে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ হত্যাকাণ্ডৰ অধিক তথ্য প্ৰমান সংগ্ৰহৰ বাবে বন্দনা কলিতা সহ অৰূপ ডেকা আৰু ধনটি ডেকাক চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰদান কৰে । সম্প্ৰতি বন্দনা কলিতাক পানবজাৰ মহিলা আৰক্ষী থানাত আৰু অৰূপ আৰু ধনটিক নুনমাটি আৰক্ষী থানাত ৰখা হৈছে। আৰক্ষীয়ে তিনিওৰে মাৰাথান জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, বন্দনা কলিতাসহ অৰূপ ডেকা আৰু ধনটি ডেকাই সুস্থ মস্তিষ্কৰে পৰিকল্পিতভাৱে হত্যা কৰিছিল অমৰজ্যোতি দে’ আৰু শংকৰী দে’ক (Brutal murder in Guwahati) ৷ এতিয়াও বন্দনাৰ স্বামী অমৰজ্যোতি দে’ৰ শৰীৰৰ অৱশিষ্ট অংশৰ লগতে শংকৰী দে’ৰ কটা মূৰৰ অংশ বিচাৰি পোৱা নাই ।

স্মৰ্তব্য যে, বন্দনা কলিতাসহ অৰূপ ডেকা আৰু ধনটি ডেকাই অমৰজ্যোতি দে’ আৰু শংকৰী দে’ক হত্যা কৰি টুকুৰা টুকুৰ কৰি কটা শৰীৰৰ অংশ মেঘালয়ৰ পাহাৰৰ পৰা পেলাই দিছিল । অমৰজ্যোতি দে’ৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল বন্দনা কলিতা । অগাধ সম্পত্তিৰ লালসাত প্ৰেমৰ জাল পেলাই অমৰক প্ৰেমৰ জাল পেলাইছিল বন্দনাই । অমৰক প্ৰেমৰ জালত পেলায় অমৰজ্যোতিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ অমৰজ্যোতিৰ মাতৃ শংকৰী দে’ৰ অগাধ ধন–সম্পত্তিৰ মালিকনী হোৱাৰ পৰিকল্পনা কৰিছিল বন্দনাই ।

বন্দনাৰ এই অভিসন্ধিত সহযোগ কৰিছিল ধনটি আৰু অৰূপে । শাহু শংকৰী দে’ আৰু স্বামী অমৰজ্যোতি দে’ক ২৩ দিনৰ ব্যৱধানত দুই সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকাক লগত লৈ বন্দনা কলিতাই হত্যা কৰিছিল ।

লগতে পঢ়ক: Guwahati Double Murder update : স্বামী-শাহুৰ হত্যাকাণ্ডত ব্যৱহৃত দা উদ্ধাৰ; দা বেচি বিপদত পৰিল দোকানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.