ETV Bharat / state

Polygamy in Assam: মুছলমানতকৈ হিন্দু মানুহে বহুবিবাহ বেছিকৈ কৰে; আমিনুল ইছলাম

author img

By

Published : Aug 7, 2023, 5:25 PM IST

Polygamy in Assam
এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলাম

কাৰোবাৰ সন্তান নহ’লে পুনৰ বিবাহ কৰিব পাৰে সেইটো বহু বিবাহ কেনেকৈ? কোনোবাই পত্নী ঢুকালে আকৌ বিয়া পাতিব পাৰে সেইটো কেনেকৈ বহু বিবাহ হ’ব ? অৰুণাচলত ১৭গৰাকী পৰ্যন্ত বিয়া পাতে, যদি হিম্মত আছে তাত বন্ধ কৰি দেখুৱাওক: আমিনুল ইছলাম

এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা বিধায়ক আমিনুল ইছলাম

গুৱাহাটী,৭ আগষ্ট: এইবাৰ বহুবিবাহক লৈ বিতৰ্ক ৷ বহুবিবাহ সম্পৰ্কে এক অদ্ভূত মন্তব্য এআইইউডিএফ নেতা আমিনুল ইছলামৰ ৷ কেৱল মুছলমানেই নহয়, হিন্দু মানুহেও বহুবিবাহ কৰে বুলি যুক্তি আমিনুল ইছলামৰ ৷

বহুবিবাহ ৰোধৰ উদ্দেশ্যৰে আইন প্ৰণয়নৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুবী ফুকন নেতৃত্বাধীন বিশেষজ্ঞ সমিতিয়ে দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত প্ৰতিবেদন দাখিল কৰে ৷ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰাৰ পিছতে পুনৰ বিষয়টো লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

বহুবিবাহ সন্দৰ্ভত বিধায়ক তথা এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে সোমবাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । দিশপুৰত সাংবাদিকে সোধা একাধিক প্ৰশ্নৰ উত্তৰত প্ৰসংগক্ৰমে মানকাচাৰৰ বিধায়কজনে বহুবিবাহ একেবাৰে ব্যক্তিগত বিষয় বুলি উল্লেখ কৰে । তেওঁ কাৰোবাৰ সন্তান নহ’লে পুনৰ বিবাহ কৰিব পাৰে, কোনোবাই পত্নী ঢুকালে আকৌ বিয়া পাতিব পাৰে সেইটো কেনেকৈ বহুবিবাহ হ’ব বুলি ওলোটাই প্ৰশ্ন উত্থাপন কৰে ৷ বিধায়কগৰাকীয়ে অৰুণাচলত ১৭গৰাকী পৰ্যন্ত বিয়া পাতে, যদি হিম্মত আছে তাত বন্ধ কৰি দেখুৱাওক বুলিও ওলোটাই চৰকাৰক কটাক্ষ কৰে ৷

ইফালে লোকপিয়লৰ দোহাই দি এআইইউডিএফৰ নেতাজনে সম্প্ৰতি মুছলমানতকৈ হিন্দু মানুহে বহুবিবাহ বেছিকৈ কৰে বুলি মন্তব্য কৰে ৷ বহুবিবাহ বিৰোধী আইন প্ৰণয়ন প্ৰসংগত বিধায়ক আমিনুল ইছলামে কয়, চৰকাৰখনে বহুবিবাহ বিৰোধী ভূমিকাৰে বুজাব খুজিছে যে “আমি মুছলমানৰ বহু বিবাহো বন্ধ কৰিলো, হিজাবো বন্ধ কৰিলো, তিনি তালকো বন্ধ কৰিলো, গৰু খোৱাও বন্ধ কৰিলো, সন্তান জন্ম দিয়া বন্ধ কৰিলো । এইবোৰৰ যোগেদি দেখুৱাব খোজা হৈছে যে মুছলমানক আমি চাপত ৰাখিছো । এইবোৰ দেখুৱাবৰ বাবেই এই পলিচি হাতত লৈছে এইখন চৰকাৰে ৷”

লগতে পঢ়ক: Polygamy in Assam: বহুবিবাহ ৰোধৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্রীক দিলে প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.