ETV Bharat / state

Polygamy in Assam: বহুবিবাহ ৰোধৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্রীক দিলে প্ৰতিবেদন

author img

By

Published : Aug 6, 2023, 4:08 PM IST

বহুবিবাহ ৰোধক লৈ তৎপৰ অসম চৰকাৰ। গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে দেওবাৰে দাখিল কৰিলে প্ৰতিবেদন। নিৰ্ধাৰিত দুমাহৰ বিপৰীতে তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল বিশেষজ্ঞ সমিতিৰ। বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিতে ৰাজ্য চৰকাৰে বহুবিবাহ বন্ধ কৰাৰ বাবে প্ৰণয়ন কৰিব আইন।

expert-committee-submit-report-regarding-enact-law-to-stop-polygamy
বহুবিবাহ ৰোধৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্রীক দিলে প্ৰতিবেদন

গুৱাহাটী, ৬ আগষ্ট: বহুবিবাহ ৰোধৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়িল অসম চৰকাৰ। বহুবিবাহ ৰোধক লৈ অসম চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে দেওবাৰে দাখিল কৰিলে প্ৰতিবেদন। বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰিলে প্ৰতিবেদন। এই কথা সামাজিক মাধ্যমযোগে অৱগত কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। জাতি-ধৰ্ম নিৰ্বিশেষে মহিলা সবলীকৰণৰ দিশত চৰকাৰ বুলি উল্লেখ কৰিলে মুখ্যমন্ত্রীয়ে।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, অসমত বহুবিবাহৰ অন্ত পেলাবলৈ আইন প্ৰণয়ন কৰাৰ বাবে বিধানসভাৰ যোগ্যতা পৰীক্ষা কৰিবলৈ গঠন কৰা বিশেষজ্ঞ সমিতিয়ে অৱশেষত দাখিল কৰিলে প্ৰতিবেদন।

সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে কয় যে, জাতি, ধৰ্ম নিৰ্বিশেষে নাৰী সবলীকৰণৰ বাবে এক ইতিবাচক পৰিৱেশতন্ত্ৰ সৃষ্টিৰ ক্ষেত্ৰত অসম অগ্ৰসৰ হৈছে। উল্লেখ্য যে চলিত বৰ্ষৰ ১১ মে'ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাচতে এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল। বহুবিবাহ বন্ধ কৰাৰ ক্ষেত্রত আইনী পৰীক্ষাৰ লগতে এখন আইন প্ৰণয়ন কৰাৰ বাবে দক্ষতা সম্পন্ন বিশেষজ্ঞ সমিতিখন গঠন কৰা হৈছিল।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমি ফুকনৰ অধ্যক্ষতাত সমিতিখন গঠন কৰা হৈছিল। সমিতিখনত সদস্য হিচাপে আছিল মহাধিবক্তা দেবজিৎ শইকীয়া, অতিৰিক্ত মহাধিবক্তা নলিন কোহলী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান। সমিতিখনক প্ৰতিবেদন দাখিলৰ বাবে ৬০ দিনৰ সময়সীমা দিয়া হৈছিল।

কিন্তু কিছু সময়ৰ প্ৰয়োজন হোৱাত সমিতিখনে অতিৰিক্ত ২৫ দিন পাচত প্ৰতিবেদন দাখিল কৰে। অৰ্থাৎ দুমাহৰ বিপৰীতে তিনি মাহৰ ভিতৰত সমিতিখনে প্ৰতিবেদন দাখিল কৰে। উল্লেখ্য যে, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিতে ৰাজ্য চৰকাৰে বহুবিবাহ বন্ধ কৰাৰ বাবে আইন প্ৰণয়ণ কৰিব।

স্মৰ্তব্য যে, চৰকাৰখনৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষ্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি বাল্যবিবাহৰ দৰে বহুবিবাহ বন্ধ কৰাৰ বাবে আইন প্ৰণয়নৰ কথা ঘোষণা কৰিছিল। সেই ঘোষণাৰ পাচতে গঠন কৰা বিশেষজ্ঞ সমিতিখনে আজি নিজৰ প্ৰতিবেদ দাখিল কৰে।

উল্লেখ্য যে, অসম চৰকাৰে বহুবিবাহ নিষিদ্ধকৰণৰ বাবে চিন্তা-চৰ্চা কৰা বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা কৰা সময়ত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। চৰকাৰে বিশেষভাৱে মুছলমানক টাৰ্গেট কৰা বুলি সমালোচনা কৰা হৈছিল। সেই সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্রীয়ে স্পষ্টভাৱে কৈছিল যে কোনোবাই টাৰ্গেট কৰা হৈছে বুলি ভাবিলে টাৰ্গেটে কৰা হৈছে, এইটোত কি আপত্তি আছে।

পুৰুষসকলক টাৰ্গেট কৰা হৈছে আৰু মহিলাসকলক স্বাধীনতা দিয়া হৈছে বুলি মুখ্যমন্ত্রীয়ে সেই সময়ত সদৰী কৰিছিল। বিশেষজ্ঞ সমিতিয়ে প্ৰতিবেদন দাখিলৰ পাচত বিষয়টো এতিয়া চৰকাৰে কিদৰে আগুৱাই নিয়ে সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক: Strict action against polygamy: বহু বিবাহৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.