ETV Bharat / state

AIIMS Guwahati : অসমবাসীয়ে লাভ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান

author img

By

Published : Apr 14, 2023, 2:14 PM IST

AIIMS Guwahati inauguration
নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে এইমছ গুৱাহাটী

অসমবাসীয়ে আজি লাভ কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান ৷ একেটা অনুষ্ঠানতে ৩ খনকৈ মেডিকেল কলেজ ভাৰ্চুৱেলী মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে (North East 1st AIIMS inaugurated) ।

গুৱাহাটী, 14 এপ্ৰিল : অসমীয়াৰ আয়ুসৰেখা স্বৰূপ ব’হাগ বিহুৰ প্ৰথম দিনাই অসমবাসীয়ে লাভ কৰিলে চিকিৎসা সেৱাৰ ক্ষেত্ৰত অগ্ৰণী এক প্ৰতিষ্ঠান সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান ৷ গৰু বিহুৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে এইমছ গুৱাহাটী (AIIMS guwahati inauguration) ৷

উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটীৰ সমীপৱৰ্তী চাংসাৰিৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখনত আজি দিনৰ ১২ বজাত উপস্থিত হয় ৷ বৰঝাৰ বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীক বিপুল আদৰণিৰে লৈ অনা হয় চাংসাৰিৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ উদ্বোধনী অনুষ্ঠানলৈ ৷ ৷ উল্লেখ কৰা প্ৰয়োজন যে, ১১২০ কোটি টকাতকৈও অধিক পুঁজি ব্যয়েৰে নিৰ্মিত হৈছে গুৱাহাটীৰ এইমছ (North East 1st AIIMS inaugurated) ৷

৭৫০ খন বিচনাযুক্ত এক অত্যাধুনিক এই চিকিৎসালয়খনত প্ৰতি বছৰে ১০০ গৰাকী এমবিবিএছ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব । লগতে যুক্ত হ’ব ৩০ খন আয়ুষ বিচনা ৷ এই এইমছখনে উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা ব্যৱস্থালৈ উচ্চমানৰ সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এইমছৰ মুকলি অনুষ্ঠানত প্ৰায় ১,৪০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও সম্পূৰ্ণ হোৱা প্ৰকল্প ভাৰ্চুৱেলী মুকলি কৰে ।

একেটা অনুষ্ঠানতে ৩ খনকৈ মেডিকেল কলেজো মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ নলবাৰী, নগাঁও আৰু কোকৰাঝাৰ এই তিনিওখন চিকিৎসা মহাবিদ্যালয় আজি মুকলি কৰা হয় । তিনিওখন চিকিৎসা মহাবিদ্যালয় ১৮০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হৈছে । ইয়াৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তে প্ৰতি বছৰে ১০০ গৰাকীকৈ শিক্ষাৰ্থীয়ে এমবিবিএছ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব । তদুপৰি, প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত জৰুৰীকালীন সেৱা, আইচিইউ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধা আদিৰে সৈতে সংলগ্ন ৫০০ খন বিচনাযুক্ত শিক্ষণ চিকিৎসালয় আছে (Assam’s 3 medical College Hospital inaugurated)।

এইমছৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে 'আপকে দ্বাৰ আয়ুষ্মান' অভিযানৰো আনুষ্ঠানিক শুভাৰম্ভ কৰে ৷ এই অভিযানৰ জৰিয়তে স্বাস্থ্যসেৱাৰ কল্যাণমূলক আঁচনিসমূহৰ ১০০ শতাংশই প্ৰতিগৰাকী হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । পৰৱৰ্তী সময়ত ৰাজ্যখনৰ সকলো জিলাতে প্ৰায় ১.১ কোটি এবি-পিএমজেএৱাই কাৰ্ডো ঘৰে ঘৰে আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

আজি এইমছ গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ লক্ষ্মনভাই মান্দাভিয়াই ৷ অনুষ্ঠানটোত অসমৰ ৰাজ্যপাল গোলাপচান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি শাসকীয় দলৰ বহু মন্ত্ৰী-বিধায়কে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : Delhi Police Dictionary : দিল্লী আৰক্ষীৰ অভিধানৰ পৰা আঁতৰিব 383 উৰ্দু পাৰ্চী শব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.