ETV Bharat / state

গুৱাহাটীত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযান মল্লিকার্জুন খার্গেৰ

author img

By

Published : Oct 10, 2022, 10:08 PM IST

Mallikarjun Kharge in Guwahati
গুৱাহাটীত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযান মল্লিকার্জুন খার্গেৰ

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনৰ(AICC president election) প্ৰচাৰ চলাবলৈ গুৱাহাটীত উপস্থিত হ’ল মল্লিকার্জুন খাৰ্গে ৷

গুৱাহাটী, 10 অক্টোবৰ: অহা ১৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচনৰ(AICC president election) বাবে অসম প্ৰদেশ কংগ্ৰেছতো আৰম্ভ হৈছে ব্যাপক তৎপৰতা । এ আই চি চিৰ সভাপতি পদৰ প্ৰার্থী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মল্লিকার্জুন খাৰ্গে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোমবাৰে গুৱাহাটীত উপস্থিত হয়(Mallikarjun Kharge in Guwahati) ৷

দলৰ সভাপতি পদৰ প্ৰাৰ্থী মল্লিকার্জুন খাৰ্গেই এখন বিশেষ বিমানেৰে সোমবাৰে আবেলি ৪-৩০ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে । ৫-৩০ বজাত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয় । তাৰ পিছত ৭ বজাত সংবাদ মাধ্যমক প্ৰাৰ্থীগৰাকীয়ে সম্বোধন কৰে । সংবাদমেলত মল্লিকার্জুন খাৰ্গেই কয় যৈ দলীয় কৰ্মীসকলৰ আহ্বান আৰু বি জে পি চৰকাৰক শাসনৰ পৰা উৎখাত কৰাৰ উদ্দেশ্য এ আই চি চিৰ সভাপতি পদৰ প্ৰার্থী হিচাবে অৱতীৰ্ণ হৈছে ।

গুৱাহাটীত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযান মল্লিকার্জুন খার্গেৰ

তেওঁ কয়- ‘‘মই এ আই চি চিৰ সভাপতি হ’লে দেশবাসীয়ে দেশৰ ৰাজনীতিত এখন বেলেগ ছবি দেখিবলৈ পাব । মই নিৰ্বাচিত হ’লে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে ৫০ বছৰৰ তলৰ কংগ্ৰেছীসকলৰ বাবে ৫০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব । প্ৰকৃত আৰু নিষ্ঠাবান কংগ্ৰেছীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব’’। মল্লিকার্জুন খাৰ্গেই সংবাদমেলত বি জে পি চৰকাৰক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শাসনৰ ক্ষুৰধাৰ সমালোচনা কৰে ।

সংবাদমেলত মল্লিকার্জুন খাৰ্গেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ দায়িত্বত থকা আব্দুল খালেক ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ উপস্থিত থাকে । উল্লেখ্য যে, অহা ১৭ অক্টোবৰত সমগ্ৰ দেশতে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব আৰু ১৯ অক্টোবৰত ভোট গণনা হ’ব (Congress president election result date)।

সমগ্ৰ দেশতে ৯ হাজাৰৰো অধিক ভোটাৰে ভোটদান কৰিব আৰু অসমত ভোটাৰৰ সংখ্যা হ’ল ২৮৯ গৰাকী । ব্লক কংগ্ৰেছৰ পৰা যিসকল প্ৰতিনিধি প্ৰদেশ কংগ্ৰেছলৈ নিৰ্বাচিত হয়, সেইসকলেই এই নিৰ্বাচনত ভোটদান কৰিব পাৰে । অসমত তেনে সদস্য হ’ল ২৮৯ জন । নিৰ্বাচিত সদস্যসকলে অহা ১৭ অক্টোবৰত সকলো নিৰ্বাচনী বিধি মানি গুৱাহাটীত নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ।

উল্লেখযোগ্য যে, যোৱা ২০০০ চনত কংগ্ৰেছৰ অন্তিমটো সভাপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল । সেইবাৰ ছোনিয়া গান্ধীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী জিতেন্দ্ৰ প্ৰসাদক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি সভাপতি হিচাবে নিৰ্বাচিত হৈছিল । সেই নিৰ্বাচনত ছোনিয়া গান্ধীয়ে মুঠ ৯৭ শতাংশ ভোট লাভ কৰিছিল । তাৰ সুদীর্ঘ ২২ বছৰ পাছত এইবাৰ পুনৰ কংগ্ৰেছৰ সভাপতি পদৰ বাবে অহা ১৭ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব মল্লিকার্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মাজত ।

উল্লেখ্য যে, কংগ্ৰেছৰ ইতিহাসত একমাত্ৰ ছোনিয়া গান্ধীয়েই হ’ল দীঘলীয়া সময়ৰ বাবে সভাপতিৰ আসন অলংকৃত কৰা নেত্ৰী (Longest term congress president)। ৰাজীৱ গান্ধীৰ মৃত্যুৰ পাছত কংগ্ৰেছ দলে ছোনিয়া গান্ধীক দলৰ নেতৃত্ব ল'বলৈ অনুৰোধ কৰিছিল যদিও সেই সময়ত তেওঁ দলৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছিল । ১৯৯৭ চনত ছোনিয়া গান্ধীয়ে ৰাজনীতিলৈ অহাৰ সিদ্ধান্ত লয় আৰু ১৯৯৮ চনত তেওঁ দলৰ সভানেত্ৰী মনোনীত হয় ।

তেতিয়াৰেপৰা একেৰাহে তেওঁ ২০১৭ চনলৈ দলটোৰ সভাপতি হৈ থাকে ছোনিয়া গান্ধী (Sonia Gandhi as Congress president) । শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ দলৰ সভাপতি পদ ত্যাগ কৰাৰ পাছত দলে তেওঁৰ স্থানত ৰাহুল গান্ধীক দলৰ সভাপতি মনোনীত কৰে ২০১৭ চনত ।

২০১৯ চনত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি ২০১৯ চনত ৰাহুল গান্ধীয়ে সভাপতি পদৰপৰা পদত্যাগ কৰাত দলে পুনৰ ছোনিয়া গান্ধীকেই দলৰ অন্তৱৰ্তীকালীন সভাপতিৰ দায়িত্ব দি দলীয় নিৰ্বাচন অনুষ্ঠিত কৰে ৷ সেই মৰ্মে অহা ১৭ অক্টোবৰত দলটোৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক: সমাগত লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.