ETV Bharat / state

Assam Flood and Japanese Encephalitis report: ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি; জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

author img

By

Published : Aug 14, 2023, 10:01 PM IST

After Flood Assam now battles Japanese Encephalitis
বান আৰু জাপানীজ এনকেফেলাইটিছে সংহাৰ

বানৰ সমান্তৰালভাৱে এতিয়া ৰাজ্যত জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে । বানত ১৪ জনৰ মৃত্যু হোৱাৰ বিপৰীতে জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি পাইছে ৷

গুৱাহাটী, ১৪ আগষ্ট: ৰাজ্যত বৰ্তমান বান আৰু জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে । বানত সোমবাৰৰ দিনটোত পুনৰ দুজন লোকে প্রাণ হেৰুৱাইছে । ইয়াৰ লগতে চলিত বছৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে । দেওবাৰে শিৱসাগৰত বানত এজন লোক মৃত্যু হোৱাৰ পিছত সোমবাৰে শোণিতপুৰ জিলাত দুজন লোকৰ মৃত্যু হয় । সম্প্রতি বানৰ কৱলত আছে ৰাজ্যৰ আঠখন জিলা । আনহাতে, নামনি অসমত বেকী নদী আৰু উজনি অসমত ব্রহ্মপুত্র, দিচাং আৰু দিখৌ নৈ আজিও বিপদসীমাৰ ওপৰেদি বৈছে ।

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, কোকৰাঝাৰ, শিৱসাগৰ জিলাৰ ২২টা ৰাজহ চক্ৰৰ ৩৫৭খন গাঁও এতিয়া বানৰ কৱলত আছে । বানৰ ফলত প্ৰভাৱিত হৈছে ৭৫ হাজাৰ ২০৯জন লোক । ধেমাজি আৰু শিৱসাগৰ জিলা বানৰ ফলত সর্বাধিক প্ৰভাৱিত হৈছে । ধেমাজিৰ ৪৬,৭৫৪ জন আৰু শিৱসাগৰৰ ২২,৬৫০ জন সম্প্রতি জলবন্দী হৈ আছে । আনহাতে, ৬,১৩৬ হেক্টৰ কৃষিভূমি বানত বুৰ গৈ আছে । শিৱসাগৰৰ আঠটা বান আশ্রয় শিবিৰত সম্প্ৰতি ১,২৮৪জন বন্যার্তই আশ্ৰয় লৈ আছে ।

ৰাজ্যত জাপানী এনকেফেলাইটিছৰ আতংক

ইফালে ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্রমণ । উজনি, নামনি, উত্তৰ অসম, উপত্যকা সকলোতে এতিয়া জাপানীজ এনকেফেলাইটিছৰ আতংক । জুলাই আৰু আগষ্ট মাহত জাপানী এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱৰ সময় । অসমত চলিত বছৰত এতিয়ালৈকে জাপানীজ এনকেফেলাইটিছত ২০ জন লোকৰ মৃত্যু হৈছে । সোমবাৰে এই তথ্য সদৰি কৰিছে এন এইচ এমে ।

তথ্য মতে এতিয়ালৈকে ৰাজ্যত ৩৯০ জন লোকৰ দেহত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্রমণ ধৰা পৰিছে । যোৱা বছৰ এই সময়চোৱাত তেনে ৰোগী আছিল ৩২৫ জন আৰু ৬৯ জনৰ মৃত্যু হৈছিল । আনহাতে চলিত বছৰত এতিয়ালৈকে ৰাজ্যত ৩০৫৫ জনৰ দেহত ডেংগুৰ সংক্রমণ ধৰা পৰিছে । ইয়াৰে তিনিজনৰ মৃত্যু হৈছে । ডেংগু আক্রান্ত ৰোগীৰ ভিতৰত ১৮৫৩ জনেই কাৰ্বি আংলং জিলাৰ । আন কেইখন আক্রান্ত জিলা হ'ল ক্ৰমে ৪৯ জন ডিমা হাছাও, ৩৩ জন কামৰূপ মহানগৰ, ২৫ জন কামৰূপ আৰু ১৯ জন যোৰহাটৰ ।

লগতে পঢ়ক: Assam earthquake: উচ্চ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.