ETV Bharat / state

Actor Jatin Bora : যতীন বৰাও এদিন এনেদৰে সমালোচিত হ’ব বুলি কোনোবাই ভাবিছিলনে !

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 7:02 PM IST

Actor Jatin Bora
যতীন বৰাও এদিন এনেদৰে সমালোচিত হ’ব বুলি কোনোবাই ভাবিছিলনে!

যতীন বৰাই হয়তো ভবাই নাছিল তেওঁ এদিন ইমান নেতিবাচক সমালোচনাৰ সন্মুখীন হ’ব বুলি ৷ সামাজিক মাধ্যমত যতীন বৰাক একাংশই দিছে কাপোৰ ধোৱন ৷ একালত সকলোৰে মাজত জনপ্ৰিয় অভিনেতাগৰাকী নেতা হোৱাৰ বাবেই বহুতেই নাচাও বুলি কৈছে তেওঁৰ ছবি ৷

যতীন বৰাও এদিন এনেদৰে সমালোচিত হ’ব বুলি কোনোবাই ভাবিছিলনে!

নিউজ ডেস্ক, 28 অক্টোবৰ: তেওঁ হয়তো কেতিয়াও কল্পনাই কৰিব পৰা নাছিল এনেকুৱাও এটা সময়ে যে তেওঁক লগ দিব ৷ হয়তো তেওঁ ভবাই নাছিল- সাধাৰণতে ক্ষন্তেকীয়া আৱেগিক, সহজেই অতীত পাহৰা লোকসকলেও তেওঁ আৱেগিক হৈ কৰা কামবোৰ মনত ৰাখিব ৷ হয়তো তেওঁ ভবাই নাছিল তেওঁ দিয়া উপহাৰকো একালৰ অনুৰাগীয়ে লেই-লেই ছেই-ছেই কৰিব ৷ কিন্তু বাস্তৱত সেয়াই হ’ল ৷ সামাজিক মাধ্যমৰ পৃষ্ঠা লুটিয়াবই নোৱাৰি- নাচাওঁ, নাচাওঁ আৰু কেৱল নাচাওঁ ৷ অধিকাংশই নাচায় ৰীয়েল লাইফৰো সুদক্ষ অভিনেতা যতীন বৰাৰ চিনেমা ৷ যাৰ যিমান শব্দ মজুত আছে সিমান ব্যৱহাৰ কৰি একপ্ৰকাৰে কাপোৰ ধোৱন দিছে যতীন বৰাক ৷ যদি মন্তব্যবোৰ যতীন বৰাই পঢ়িছে, তেন্তে ভাবিছে- ‘‘নায়ক হ’ব খুজি...’’

কেৱল দৰ্শকৰ মৰমেই যেন পৰ্যাপ্ত নাছিল যতীন বৰাৰ বাবে ! তেওঁক লাগিছিল আৰু বহুত কিবাকিবি ৷ সেই বহুত কিবাকিবিসমূহ বিচাৰিয়েই তেওঁ এনেভাৱে দৌৰা আৰম্ভ কৰিলে যে সাধাৰণ ৰাইজে তেওঁক সুবিধাবাদী, সুযোগসন্ধানী আদি বিশেষণেৰে বিভূষিত কৰিবলৈ বাধ্য হ’ল ৷ নহ’বনো কিয় ? এইজন সেইজনেই যতীন বৰা, যিজনে 15 বছৰীয়া কংগ্ৰেছ চৰকাৰৰ শাসন কালত যিমান পাৰে সিমান সুবিধা চৰকাৰৰ পৰা আদায় কৰিছিল ৷ যতীন বৰাৰ কেৰিয়াৰৰ আৰম্ভণিতেই অসমত চলি আছিল অগপ চৰকাৰৰ শাসন ৷

সেই সময়তেই চৰকাৰৰ পৰা যিমানখিনি সুবিধা ল’ব পাৰি, সিমানখিনি সুবিধা লোৱাত তেওঁ কৃপণালি মুঠেও কৰা নাছিল ৷ অনুৰূপভাৱে আনুষ্ঠানিকভাৱে কংগ্ৰেছী নহ’লেও কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত এইজন অভিনেতা হৈ পৰিছিল অসমৰ শীৰ্ষ কংগ্ৰেছ নেতাসকলৰ বুকুৰ কুটুম ৷ মুঠতে চল চাই কঠিয়া পৰাৰ যিখিনি অৰ্হতাৰ প্ৰয়োজন, সেই সকলো বিলাকেই যতীন বৰাৰ আছিল আৰু আজিও আছে ৷

এতিয়া চৰকাৰ কংগ্ৰেছৰ নাই ৷ সেয়েহে সুবিধা ল’বলগীয়া হ’লে বিজেপি চৰকাৰৰ পৰাই ল’ব লাগিব ৷ সেয়েহে বিজেপি দলৰ প্ৰতি তেওঁৰ দেহত উৎপন্ন হ’ল এক চৌম্বকীয় শক্তি ৷ তাৰ মাজতো এটা শংকা নথকা নহয়, কিজানি তেওঁৰ চিনেমাৰ দৰ্শক কমি যায় ! সেয়েহে কা আন্দোলনৰ সময়ত উভচৰ প্ৰাণীৰ দৰে এবাৰ এফালে জপিয়ালে, এবাৰ সিফালে জপিয়ালে ৷ তাকে দেখি বৰাৰ অনুৰাগী হৈ পৰিল হতবাক ! যতীন বৰাই ৰীয়েল লাইফতো ইমান সুন্দৰ অভিনয় কৰিব পাৰে !

দুখ পালে একাংশ ৰাইজে ৷ একালত যতীন বৰাৰ অভিনয় চাবলৈ উদ্বাউল হৈ থকা ৰাইজ এতিয়া আৰু তেওঁৰ পক্ষত নাই ৷ ব্যক্তিগত জীৱনৰ স্বাধীনতাৰ কথা বুজিলেও এতিয়া আকোঁৰগোঁজ ৰাইজ ৷ ৰাজনৈতিকভাৱে ক্ষমতাশালী, বিজেপি নেতা যতীন বৰাক এতিয়া যেন নায়কৰ ৰূপত আৰু নাচায় ৰাইজে ৷ সেয়েহে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ৰাঘৱ ছবি চাবলৈও নাই যোৱা ৰাইজ ৷ যতীন বৰাৰ চিনেমা নাচাও বুলি কোৱাৰ আগত এবাৰো ভাবিবলগীয়া হোৱা নাই ৰাইজৰ ৷ ক্ষোভ উজাৰিছে সামাজিক মাধ্যমত ৷ যিয়েই যেনেকৈ পাৰে তেনেকৈয়েই কটু সমালোচনা কৰিছে একালৰ নায়ক যতীন বৰাক ৷ আউটপুট- যতীন বৰাৰ আৱেগৰ বৃহৎ বান্ধে শুকুৱালে দৰ্শকৰ সোৱনশিৰি ৷

লগতে পঢ়ক: Bigg Boss 17: যেতিয়া বিগ বছৰ ঘৰলৈ আহিল ঈশা মালভিয়াৰ বৰ্তমানৰ প্ৰেমিক; প্ৰাক্তন প্ৰেমিকৰ হ’ল এই অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.