ETV Bharat / entertainment

Bigg Boss 17: যেতিয়া বিগ বছৰ ঘৰলৈ আহিল ঈশা মালভিয়াৰ বৰ্তমানৰ প্ৰেমিক; প্ৰাক্তন প্ৰেমিকৰ হ’ল এই অৱস্থা

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 5:50 PM IST

এইবাৰ ছলমানৰ উইকেণ্ড কা ৱাৰত থাকিব এক নতুন টুইষ্ট ৷ য’ত ছলমানৰ সৈতে এইবাৰ ভাতৃ আৰ্বাজ খান আৰু ছোহেইল খানেও এই অনুষ্ঠানত মনোৰঞ্জন যোগ কৰা দেখা যাব । ইফালে কেনে পৰিস্থিতিৰ সৃষ্টি হ’ল যেতিয়া বিগ বছৰ ঘৰত ঈশা মালভিয়াৰ প্ৰাক্তন প্ৰেমিক আৰু বৰ্তমানৰ প্ৰেমিকক একেলগে দেখা যাব ৷ অধিক জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

Bigg Boss 17
বিগ বছ

চিটাৰা ডেস্ক, 28 অক্টোবৰ: খুবেই চৰ্চিত ৰিয়েলিটি শ্ব’ বিগ বছৰ প্ৰতিটো ছিজনেই বিতৰ্ক আৰু উত্তেজনা যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ প্ৰায়েই বিগ বছৰ ঘৰত কিবা নহয় কিবা কাৰণত লাগিলে সেয়া পিঠাৰ বাবেই হওক বা পোহাৰ বাবেই হওক প্ৰায়েই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈ থাকে ৷ ইফালে ৰিয়েলিটি শ্ব’ বিগ বছ ছিজন ১৭ অতি ভালদৰে চলি আছে আৰু দৰ্শকেও এইবাৰৰ ছিজনটিক খুবেই পচন্দ কৰিছে ৷

প্ৰতিযোগীসকলৰ মাজতো প্ৰতিযোগিতা খুব ভালদৰে চলি আছে ৷ তাৰ মাজতে ছলমানৰ উইকেণ্ড কা ৱাৰত এইবাৰ এক নতুন টুইষ্ট আনিবলৈ গৈ আছে যি ইতিমধ্যে প্ৰ’মৰ জৰিয়তে দেখুওৱা হৈছে ৷

শ্ব’টোৰ দ্বিতীয় সপ্তাহত ইতিমধ্যে বহু খেলি-মেলিৰ সৃষ্টি হৈছে ৷ এতিয়া আন এক নতুন নাটকৰ বাবে সাজু হওক ৷ কাৰণ প্ৰতিযোগী ঈশা মালভিয়াৰ বৰ্তমানৰ প্ৰেমিক সমৰ্থ জুৰেলে বিগ বছ ১৭ৰ ঘৰত প্ৰৱেশ কৰিবলৈ ওলাইছে ৷ হয়, শ্ব’টোৰ প্ৰ’ম’ মুকলি কৰা হৈছে ৷ ইয়াকে লৈ এতিয়া অনুৰাগীসকল স্তম্ভিত আৰু উত্তেজিত ৷ আনহাতে, সমৰ্থক দেখি ঈশাৰ যেন মূৰতেই সৰগ ভাগি পৰিল ৷ প্ৰ’মত দেখাৰ দৰে ঈশা খুবেই আচৰিত যেন লাগিছে আৰু সমৰ্থক সুধিছে যে তেওঁ কিয় শ্ব’টোলৈ আহিছে ?

শেহতীয়াকৈ কাৰ্লছৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা প্ৰ’ম’ আপলোড কৰা হৈছে য’ত সমৰ্থ জুৰেলক বিগ বছ ১৭ৰ ঘৰত প্ৰৱেশ কৰা দেখা গৈছে ৷ বিগ বছে সমৰ্থক ঈশা মালভিয়াৰ বৰ্তমানৰ প্ৰেমিক হিচাপে চিনাকি কৰাই দি ক’লে, “বিগ বছৰ ঘৰলৈ সমৰ্থক স্বাগতম, সমৰ্থৰ মতে তেওঁ ঈশাৰ বৰ্তমানৰ প্ৰেমিক ৷”

প্ৰ’ম’ত সমৰ্থ ঘৰৰ ভিতৰলৈ অহাৰ লগে লগে ঈশাই ভয়ত উশাহ চুটি হ’বলৈ আৰম্ভ কৰে, ইয়াৰ পিছত ঈশা আৰু সমৰ্থে একেলগে এক বিতৰ্কত লিপ্ত হৈ পৰা দেখা গৈছে ৷ দুয়োৰে মাজত এক তৰ্কাতৰ্কি পৰিবেশৰ সৃষ্টি হয় ৷ ঈশাই সমৰ্থক কয় যে, “আপুনি কিয় এই কথা ক’লে, সমৰ্থ ?” তেতিয়া সমৰ্থে সুধিলে, “তোৰ সৈতে মোৰ কি সম্পৰ্ক ? ”ঈশাই উত্তৰত সমৰ্থক তেওঁৰ বন্ধু বুলি কোৱাৰ লগে লগে সমৰ্থে হাত চাপৰি বজাই কয়, "বহুত বঢ়িয়া.."

এই প্ৰমোত ঈশা মালৱিয়াৰ প্ৰাক্তন প্ৰেমিক অভিষেক কুমাৰক বেয়াকৈ কান্দি থকা দেখা গৈছে আৰু মুনাৱাৰ ফাৰুকীক সাৱটি ধৰি অভিষেক উচুপি উঠে ৷ অভিষেকক শান্ত কৰি থাকোঁতে মুনাৱাৰেও বিচলিত হৈ পৰে ৷ অভিষেকৰ অৱস্থা দেখি ঈশাও তেওঁক শান্ত কৰিবলৈ আহি সাৱটি ধৰে ৷

ইয়াৰ পিছতে প্ৰ’ম’ত দেখুওৱাৰ দৰে সমৰ্থ আৰু অভিষেকৰ মাজত এক কাজিয়াৰ সৃষ্টি হয় ৷ দুয়োৰে মাজত তৰ্ক তীব্ৰতৰ হোৱা দেখি বিকি জৈনে অভিষেকক ধৰে আৰু মুনাৱৱাৰে সমৰ্থক ৰখাই দিয়ে ৷ পিছত সমৰ্থে কয় যে, ‘‘অভিষেকে সেই ছোৱালীজনীক সমৰ্থন কৰিছে যি একেবাৰেই মিছলীয়া ৷ সকলোৰে সন্মুখত তাই মোক তাইৰ প্ৰেমিক বুলিও মানি ল'ব নোৱাৰে ৷’’ এতিয়া লক্ষণীয় হ’ব যে ঈশা কেনেকৈ নিজৰ দুই প্ৰেমিকৰ আৱদ্ধ হৈ পৰিব ৷ যাক লৈ দৰ্শকো অতি আগ্ৰহী হৈ পৰিছে ৷

ইফালে, এই সপ্তাহত বিগ বছৰ আতঃধঁৰোতা ছলমান খান এক নতুন টুইষ্ট আনিবলৈ গৈ আছে ৷ এইবাৰ ভাতৃ আৰ্বাজ খান আৰু ছোহেইল খানেও এই অনুষ্ঠানত মনোৰঞ্জন যোগ কৰা দেখা যাব । এই তিনিওজনক ছবিৰ পৰ্দাত চাবলৈ সদায় ভাল লাগে কাৰণ ইয়াত বহুলোকৰ শৈশৱ আৰু ব্যক্তিগত জীৱনৰ কাহিনী সন্নিবিষ্ট হৈ আছে । খান ব্রাদার্ছৰ এই ছবিবোৰো যথেষ্ট আমোদজনক ৷ ইফালে, এটি প্ৰ’ম’ৰ জৰিয়তে শ্ব’টোৰ চেটৰ কিছু ছবি ভাইৰেল হৈ পৰিছে য’ত ছলমান, চোহেইল আৰু আৰবাজে বিগ বছ ১৭ ঘৰৰ ভিতৰত ইজনে সিজনৰ লগত কথা পাতি থকা দেখা গৈছে আৰু সপ্তাহৰ শেষত চোহেইল আৰু আৰবাজক অনুষ্ঠানটিত আতঃধঁৰোতা হিচাপে থাকিব বুলি ছলমানে উল্লেখ কৰে ৷

লগতে পঢ়ক: MAMI Film Festival 2023: আম্বানীৰ মামি চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকিল এইসকল তাৰকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.