ETV Bharat / state

Bhupen Hazarika death anniversary: ভূপেনদাক সুঁৱৰি দীঘলীপুখুৰীৰ পাৰত জ্বলি উঠিল ১০ হাজাৰ বন্তি

author img

By

Published : Nov 5, 2022, 10:00 PM IST

aasu-pay-tribute-to-dr-bhupen-hazarika-at-dighalipukhuri
ভূপেন দাক সুঁৱৰি দীঘলী পুখুৰী পাৰত জ্বলি উঠিল ১০ হাজাৰ বন্তি

শনিবাৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিক উপলক্ষে দীঘলীপুখুৰীৰ পাৰত আছুৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত ১০ হাজাৰ বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা হয় ভূপেন হাজৰিকাক (Sudhakantha Dr Bhupen Hazarika) ।

গুৱাহাটী,৫ নৱেম্বৰ: শনিবাৰে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী পালিত হয় ৰাজ্যজুৰি (11th death anniversary of Bhupen Hazarika) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন দল, সংগঠনৰ উদ্যোগত স্মৰণ কৰা হয় বিশ্ববৰেণ্য কন্ঠশিল্পীগৰাকীক (Bhupen Hazarika death anniversary) ৷

aasu-pay-tribute-to-dr-bhupen-hazarika-at-dighalipukhuri
ভূপেনদাক সুঁৱৰি দীঘলীপুখুৰীৰ পাৰত জ্বলি উঠিল ১০ হাজাৰ বন্তি

সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত আছুৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । সন্ধিয়া দীঘলীপুখুৰীৰ পাৰত ১০ হাজাৰ বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা হয় ভূপেন হাজৰিকাক (Sudhakantha Dr Bhupen Hazarika) ।

এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Students’ Union ) মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য (AASU chief adviser Samujjal Bhattacharya) , সভাপতি দীপাংক নাথকে (President Dipanka Kumar Nath) ধৰি আন বিষয়ববীয়াসকল উপস্থিত থাকে ।

ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যুবাৰ্ষিকী পালন কৰা হয় । ভোগদৈ নদীৰ পাৰত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ নিৰ্মাণ সমিতিৰ উদ্যোগত আৰু আনন্দ নগৰ উন্নয়ন সমিতিৰ সহযোগত এই বিশ্ববৰেণ্য শিল্পীগৰাকীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় (statue of Bhupen Hazarika Unveiling at Jorhat) ৷

aasu-pay-tribute-to-dr-bhupen-hazarika-at-dighalipukhuri
ভূপেনদাক সুঁৱৰি দীঘলীপুখুৰীৰ পাৰত জ্বলি উঠিল ১০ হাজাৰ বন্তি

২০১৫ চনতে আধাৰশিলা স্থাপন কৰা ১৭ ফুট উচ্চতাৰ প্লেটফৰ্ম আৰু ৯ ফুট উচ্চতাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিটো শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে উন্মোচন কৰে ৷ আনফালে সুধাকণ্ঠগৰাকীৰ মৃত্যু দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শনিবাৰে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।

গুৱাহাটীৰ জালুকবাৰীস্থিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলিৰ লগতে বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হয় । ইফালে বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত এইবাৰ নিয়ম মাফিক অনুস্তূপীয়া অনুষ্ঠান আয়োজন কৰাহে পৰিলক্ষিত হয় । উল্লেখযোগ্য যে, বিগত ২০১১ চনৰ ৫ নৱেম্বৰত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই আমাৰ মাজৰ পৰা বিদায় লৈছিল ।

লগতে পঢ়ক: Bhupen Hazarika death anniversary: ভোগদৈ নদীৰ পাৰত সুধাকন্ঠৰ প্ৰতিমূৰ্তি স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.