ETV Bharat / state

AASU Controversy : আছুৰ সংবিধান সংশোধন কৰি পুনৰ বৃদ্ধ ছাত্ৰসকল সংগঠনটোত থকাৰ আশংকা

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 8:09 PM IST

আছুৰ সংবিধান সংশোধন কৰি পুনৰ বৃদ্ধ ছাত্ৰসকল সংগঠনটোত থকাৰ আশংকা
AASU Controversy

প্ৰাক্তন সভাপতি দীপাংক নাথক দ্বিতীয় কাৰ্যকালৰ হিচাপ দাখিলৰ আহ্বান নিলম্বিত নেতা দিব্যজ্যোতি মেধিৰ ৷ আছুৰ মঞ্চত বিজেপি নেতাক সম্বৰ্ধনা জনোৱাৰো অভিযোগ ৷

আছুৰ মজিয়াত তীব্ৰ বিতৰ্ক

সোণাপুৰ, ২৭ অক্টোবৰ : 'বৃদ্ধ নেতাৰ দখলত আছুৰ নেতৃত্ব' বিতৰ্কই আকৌ মূৰ দাঙি উঠিছে । সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অবৈধ আৰু বৃদ্ধ ছাত্ৰসকলক অপসাৰণ কৰাৰ উদ্দেশ্যে আছুৰ নিলম্বিত ছাত্ৰনেতা দিব্যজ্যোতি মেধিয়ে ন্যায়ালয়ত ৰুজু কৰা গোচৰৰ পৰা ৰেহাই পাবলৈ অবৈধ আৰু বৃদ্ধ আখ্যায়িত ছাত্ৰসকলে নিত্য নতুন পন্থা অৱলম্বন কৰাৰ অভিযোগ উঠিছে । সোণাপুৰৰ ডিমৰীয়া ভৱনত শুকুৰবাৰে আয়োজিত এক সংবাদমেলত দিব্যজোতি মেধিয়ে পুনৰ এবাৰ সৰৱ হৈছে আছুৰ ভিতৰচ’ৰাত ঘটি থকা অনিয়মৰ বিৰুদ্ধে ৷

আছুৰ সংবিধান অনুসৰি, আছুৰ বিষয়ববীয়াসকলৰ বয়স ৪২ বছৰৰ ঊৰ্ধ্বত হ'ব নোৱাৰে যদিও এতিয়াও কেন্দ্ৰীয় সমিতিত বহু বিষয়ববীয়াৰ বয়স ৪২ বছৰৰ ঊৰ্ধ্বত । এইসকল বৃদ্ধ অনা-ছাত্ৰই পুনৰ সংবিধান সংশোধনৰ জৰিয়তে মৰিগাঁও অধিবেশনত পুনৰ এটা কাৰ্যকালৰ বাবে সংগঠনটোৰ নেতৃত্ব দিয়াৰ পৰিকল্পনা কৰাৰ আশংকা প্ৰকট হৈ উঠিছে । ইতিমধ্যে যোৱা ১৩ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ষষ্ঠ আছুৰ সংবিধান সংশোধনী সমিতি গঠন কৰা হয় ।

উল্লেখ্য যে ২০২০ চনত আছুৰ সংবিধানৰ পঞ্চম সংশোধনীৰ জৰিয়তে আছুৰ সংবিধানত বয়সৰ ঊৰ্ধ্বসীমা ৪২ আৰু কেন্দ্ৰীয় নেতৃত্বৰ শিক্ষাগত অৰ্হতা স্নাতক হোৱাটো বাধ্যতামূলক কৰা হৈছিল যদিও সেয়া পৃষ্ঠাতে সীমাবদ্ধ হৈ থাকিল । সোণাপুৰত এক সংবাদমেলত এই ভাষ্যৰে পুনৰ এবাৰ আছুৰ নেতৃত্বক আক্ৰমণ দিব্যজ্যোতি মেধিৰ । এতিয়া অসমৰ সৰ্বস্তৰত ছাত্ৰ সংগঠনটোৰ এনে কাৰ্যকলাপৰ ব্যাপক সমালোচনা হোৱাত পৰিত্ৰাণৰ উপায় হিচাপে এনে পন্থা অৱলম্বন কৰাৰ ফলত সংগঠনটোৰ ভিতৰে-বাহিৰে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আনহাতে, আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথে আছুৰ মজিয়াৰ পৰা ২০২২ চনৰ ৮ ডিচেম্বৰত বিদায় ল'লে যদিও বিদায় লোৱাৰ দিনটোত তেওঁ কোনো ধৰণৰ হিচাপ-নিকাচ দাখিল নকৰিলে । আছুৰ মঞ্চৰ পৰা আনুষ্ঠানিক বিদায় লোৱাৰ ১০ মাহ উকলি যোৱাৰ পিছতো এগৰাকী প্ৰাক্তন সভাপতিয়ে হিচাপ-নিকাচৰ খতিয়ান দাঙি ধৰিব নোৱাৰাটো অসমৰ ছাত্ৰ সমাজৰ বাবে দুৰ্ভাগ্যজনক বিষয় । ইতিমধ্যে সামগ্ৰী প্ৰদানৰ বিনিময়ত দুই-এক প্ৰতিষ্ঠানক ধন পৰিশোধ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ।

যিহেতু প্ৰাক্তন সভাপতিগৰাকী আছুৰ কাৰ্যনিৰ্বাহক সভা অথবা প্ৰতিনিধি সভালৈ আহি হিচাপ দাখিল কৰিব পৰা এতিয়া কোনো পদ্ধতি নাই, সেয়েহে অনাগত সাত দিনৰ ভিতৰত সংবাদমেল পাতি হিচাপ-নিকাচৰ খতিয়ান ৰাজহুৱা কৰিবলৈ প্ৰাক্তন সভাপতি নাথক আহ্বান জনাইছে দিব্যজ্যোতি মেধিয়ে । ইফালে ১৩ অক্টোবৰত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিবাহকৰ সভাত ৰাজ্যিক কাৰ্যনিবাহক সমিতিৰে দুজন বিষয়ববীয়াক হিচাপ পৰীক্ষক হিচাপে নিযুক্তি দিয়াত সমগ্ৰ বিষয়টোক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।

আছুৰ সংবিধানৰ অনুচ্ছেদ ১৫ ধাৰা(ক) উপধাৰা (১) অনুসৰি কাৰ্যনিৰ্বাহকৰ কোনো বিষয়ববীয়া হিচাপে পৰীক্ষক হ'ব নোৱাৰিব । তেনেস্থলত কাক সুৰক্ষা দিয়াৰ স্বাৰ্থত অভি‌জ্ঞ হিচাপ পৰীক্ষক নিযুক্তিৰ পৰিৱৰ্তে কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াকে নিযুক্তি দিয়া হ'ল সেয়া তাৎপৰ্যপূৰ্ণ বিষয় । পঞ্জীয়নভুক্ত সংগঠনসমূহৰ নিচিনাকৈ অসমত চলি থকা সকলো অপঞ্জীয়নভুক্ত সংগঠনৰ বৰঙণিৰ উৎস আৰু বাৰ্ষিক হিচাপ-নিকাচৰ খতিয়ান বছৰৰ শেষত চৰকাৰ/সংশ্লিষ্ট বিভাগক জমা দিয়াৰ বাবে পদক্ষেপ গ্ৰহণৰ দাবী জনোৱাৰ লগতে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে যিকোনো ভাৰতীয় নাগৰিকে এই খতিয়ান লাভ কৰিব পৰাকৈ আইন প্ৰস্তুত কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায় ।

বিজেপি নেতাক আছুৰ সম্বৰ্ধনা

শেহতীয়াভাৱে বিগত ১৩ আৰু ১৪ অক্টোবৰত লংকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত হোজাই জিলা ছাত্র সন্থাৰ অধিবেশন কেন্দ্ৰীয় নেতৃত্বৰ লগতে মঞ্চত বহুৱাই সম্বৰ্ধনা জনোৱা হয় বিজেপি নেতা তথা সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ ক সদস্য দলজিৎ সিং সিদ্ধুক । এনে কাৰ্যৰ জৰিয়তে কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিতে আছুৰ সংবিধান ভৰিৰে মোহাৰি পেলোৱা হ'ল বুলি অভিযোগ দিব্যজ্যোতি মেধিৰ ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিধায়ক মানৱ ডেকা, ৰমাকান্ত দেউৰী, ৰূপজ্যোতি কুৰ্মী, আচিফ নজৰ, সাংসদ পল্লৱলোচন দাস, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আশোক সিংহল আদিক আছুৰ মঞ্চত বহুৱাই গামোচা পিন্ধাই সংবিধান উলংঘা কৰাৰ যথেষ্ট উদাহৰণ আছে বুলি লগতে উদাহৰণ দিয়ে মেধিয়ে ৷

লগতে পঢ়ক :Akhil Gogoi slams Pijush Hazarika : পীযুষ হাজৰীকাক সকীয়নি অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.