ETV Bharat / state

Barshashree Burhagohain Case : বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক শীঘ্ৰে মুক্তিৰ দাবী ছাত্র সন্থাৰ

author img

By

Published : Jul 14, 2022, 6:43 PM IST

সংবাদমেলত সৰৱ আছুৰ সভাপতি দীপাংক নাথ (AASU president Dipanka Nath press conference on Barshashree Burhagohain) । সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ বাবে গ্ৰেপ্তাৰ কৰাটো দুৰ্ভাগ্যজনক । ছাত্ৰীগৰাকীক এনেদৰে নিৰ্যাতন চলোৱাটো দুৰ্ভাগ্যজনক । বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি আছুৰ । বৰ্ষাশ্ৰীক নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত যাৱতীয় নিৰাপত্তা বেষ্টনীৰ মাজত পৰীক্ষাত বহিবলৈ অনুমতি আদালতৰ ।

Barshashree
Barshashree

গুৱাহাটী, ১৪ জুলাই : বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৱে (AASU demanded immidiate release of Barshashree Burhagohain) । উল্লেখ্য যে সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ আলমত ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত বিগত দুমাহ ধৰি কাৰাৰুদ্ধ হৈ আছে টীয়কৰ মেধাৱী ছাত্রী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই (Teok studen Barshashree arrested) । এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এই সন্দৰ্ভত আজি গুৱাহাটীত এখন সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ সভাপতি দীপাংক নাথে (AASU president Dipanka Nath press conference on Barshashree Burhagohain)। তেওঁ কয় যে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক প্ৰথমে কাউন্সেলিং কৰিম বুলি ঘৰৰ পৰা লৈ যোৱা হৈছিল । কিন্তু পিছত গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হ’ল । ছাত্ৰীগৰাকীৰ লগত অত্যন্ত অন্যায় কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ (Barshashree Burhagohain social media post) বাবে গ্ৰেপ্তাৰ কৰাটো দুৰ্ভাগ্যজনক ।

বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ (CM Himanta Biswa Sarma take action about Barshashree Burhagohain) দাবী কৰি আছুৰ সভাপতিগৰাকীয়ে কয় যে ছাত্ৰীগৰাকীক এনেদৰে নিৰ্যাতন চলোৱাটো দুৰ্ভাগ্যজনক । অন্যায় কৰা হৈছে । মানুহৰ বাক-স্বাধীনতাক কেতিয়াও ৰোধ কৰিব নোৱাৰে । অত্যন্ত মেধাসম্পন্ন ছাত্রীগৰাকীৰ সন্মুখত পৰীক্ষা আছে । এনে সময়ত ছাত্রীগৰাকীক এনেদৰে নিৰ্যাতন চলোৱাটো অন্যায় হৈছে বুলি তেওঁ কয় । এটা দিনো পলম নকৰি ছাত্রীগৰাকীক মুকলি কৰি দিয়াৰ দাবী জনাই তেওঁ এনে অন্যায় ভৱিষ্যতে নকৰিবলৈও চৰকাৰৰ প্ৰতি আহ্বান জনায় ।

তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে আজি জে’লত পৰীক্ষা দিয়াৰ কথা কৈছে । কিন্তু জে’লত পৰীক্ষা দিয়াটো যুক্তিসংগত নহয় । মুক্তভাৱে পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে । আজি মুক্তিৰ পৰ্যালোচনাৰ কথা চৰকাৰে কৈ লাভ নাই বুলি কৈ ইমান দিনে কি কৰি আছিল বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয় যে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ অন্যায়মূলক এই গ্ৰেপ্তাৰ কেতিয়াও সহ্য কৰা নহ'ব । ছাত্ৰীগৰাকীৰ প্ৰতি অসম চৰকাৰে অন্যায় কৰিছে । ৰাষ্ট্ৰদ্ৰোহৰ সংজ্ঞা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে সামাজিক মাধ্যমত দিয়া এটা পোষ্টক লৈ ছাত্রীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে । এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি ।

স্বাধীনতাৰ আগত আৰু পৰৱৰ্তী সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা (Jyotiprasad Agarwalla), বিষ্ণুপ্ৰসাদ ৰাভাৰ (Bishnuprasad Rabha)দৰে আদৰ্শ পুৰুষসকলে সময়ে সময়ে ৰাষ্ট্ৰৰ বিৰুদ্ধে তথা ৰাষ্ট্ৰৰ সকলো কথাত সৈমান ন'হৈ কিছুমান বিদ্ৰোহী কথা-বতৰা কৈছিল । তেখেতসকল আমাৰ বাবে আজিও পূজনীয় । তেওঁ এইধৰণৰ পুলিচৰাজ বন্ধ কৰাৰ দাবী জনায় । উল্লেখ্য যে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ মুক্তিক লৈ সামাজিক মাধ্যমত সৰৱ চৰ্চা চলি থকাৰ মাজতে গোলাঘাট সত্ৰ ন্যায়াধীশে অৱশেষত বৰ্ষাশ্ৰীক নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত যাৱতীয় নিৰাপত্তা বেষ্টনীৰ মাজত পৰীক্ষাত বহিবলৈ অনুমতি দিছে । দেৱীচৰণ মহাবিদ্যালয়ৰ (Devi Charan College student Barshashree Burhagohain) দ্বিতীয় ষাণ্মাসিকত অধ্যয়নৰত বৰ্ষাশ্ৰীৰ ১৬ জুলাইৰ পৰা পৰীক্ষা । ইতিমধ্যে ৫৭টা দিন কাৰাগাৰৰ বন্ধ কুঠৰীত বন্দিত্ব জীৱন কটাই থকা মেধাৱী ছাত্ৰীগৰাকীৰ মুক্তিৰ বাবে দাবী উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক :কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই : কি কয় অধিবক্তা-মানৱাধিকাৰ কৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.