ETV Bharat / state

Noonmati fraud : ঋণৰ আশাত প্ৰৱঞ্চকৰ জালত পৰি এজন লোকে হেৰুৱালে ৭০ হাজাৰ টকা

author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 7:16 PM IST

Noonmati fraud
লোনৰ আশাত প্ৰৱঞ্চকৰ জালত পৰি এজন লোকে হেৰুৱালে ৭০ হাজাৰ টকা

আপুনি নভৱাকৈ আপোনাৰ বেংক একাউণ্টৰ পৰা অকস্মাৎ নোহোৱা হ’ব পাৰে লাখ লাখ টকা। বেংকৰ গ্ৰাহকক ঋণৰ সুবিধা প্রদান কৰাৰ নামত গুৱাহাটী মহানগৰীত পিটপিটাই ফুৰিছে প্ৰৱঞ্চকৰ দল। এনে প্ৰৱঞ্চকৰ জালত পৰি নুনমাটি অঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মাধৱ ডেকাই 70 হাজাৰ টকা হেৰুৱাব লগা হয় ৷

লোনৰ আশাত প্ৰৱঞ্চকৰ জালত পৰি এজন লোকে হেৰুৱালে ৭০ হাজাৰ টকা

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: সাৱধান! বেংকৰ গ্ৰাহকক ঋণৰ সুবিধা প্রদান কৰাৰ নামত গুৱাহাটী মহানগৰীত পিটপিটাই ফুৰিছে প্ৰৱঞ্চকৰ দল। এনে প্ৰবঞ্চকৰ কবলত পৰি বেংকৰ গ্ৰাহকে হেৰুৱাব পাৰে বেংকত জমা কৰা সাঁচতীয়া ধন। আপুনি নভৱাকৈ আপোনাৰ বেংক একাউণ্টৰ পৰা অকস্মাৎ নোহোৱা হ’ব পাৰে লাখ লাখ টকা। এনে দুষ্ট চক্ৰৰ কবলত পৰি গুৱাহাটীৰ নুনমাটি অঞ্চলৰ এগৰাকী ব্যক্তিয়ে বেংকৰ জমা ধন হেৰুৱাব লগা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।

জানিব পৰা মতে, অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মাধৱ ডেকাই নিজৰ নিৰ্মীয়মান ঘৰটোৰ বাবে ৪ লাখ টকা লোন বিচাৰি হাতীগাঁও চাৰিআলিত থকা এছ বি আইৰ কাৰ্যালয়লৈ যায়। তাতে তেওঁ নৃপেন ডেকা নামৰ এজন ব্যক্তিৰ সৈতে চিনাকি হয়। লোকজনে মাধৱ ডেকাক ভাৰতীয় ষ্টেট বেংকৰ কোনো এটা শাখাৰ পৰা তেওঁৰ প্ৰয়োজন হোৱা ৪ লাখ টকাৰ লোন মোকলাই দিব পাৰিব বুলি আশ্বাস প্ৰদান কৰে। সেই অনুসৰি নৃপেন ডেকা নামৰ লোকজনে লোনৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ সংগ্ৰহ কৰে।

তাৰ পিচত লোকজনে মাধৱ ডেকাক তেওঁৰ একাউণ্টটো পাঞ্জাবাৰী ষ্টেট বেংকলৈ সলনি কৰিব লাগিব বুলি কয়। ঋণ পোৱাৰ আশাত মাধৱ ডেকাই সেই কথাটো সন্মতি প্ৰদান কৰে। তাৰ পৰৱৰ্তী সময়ত লোকজনে মাধৱ ডেকাৰ বেংক একাউণ্টত সংলগ্ন হৈ থকা মোবাইল নম্বৰ বিচাৰে। তাৰ পিচত লোকজনে অতি চতুৰতাৰে মাধৱ ডেকাৰ মোবাইল নম্বৰৰ পৰা চিমখন উলিয়াই নিজৰ মোবাইলত ভৰাই লয় তাৰ পিছত পুনৰ ছিমখন লোকজনক উভতাই দিয়ে।

এনেদৰে কিছুদিন যোৱাৰ পিচত লোকজনে মাধৱ ডেকাক প্ৰথম অৱস্থাত বিশেষ অসুবিধাৰ বাবে লোনটো নহ’ব বুলি জানিবলৈ দিয়ে। পুনৰ কেইমাহমানৰ পিচত লোকজনে মাধৱ ডেকাক ফোন কৰি লোনটো হ’ব বুলি কৈ এইবাৰ নেডফি হাউচৰ ওচৰত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ব্ৰহ্মপুত্ৰ প্ৰিমিয়াম লৈ তেওঁৰ একাউণ্টটো স্থানান্তৰ কৰিব লাগিব বুলি কয়।

লোনৰ ধন পোৱাৰ আশাত লোকজনৰ কথামতে মাধৱ ডেকাই পৰৱৰ্তী সময়ত তেওঁৰ একাউণ্টটো উক্ত বেংক লৈ স্থানান্তৰিত কৰে। কিন্তু কেইমাহমান পিচত তেওঁৰ একাউণ্টৰ পৰা ৭০ হাজাৰ টকা ধন উলিয়াই নিয়া বুলি তেওঁৰ মোবাইললৈ মেচেজ অহাত হতভম্ব হৈ পৰে।

তেওঁ বেংকলৈ গৈ বেংকৰ পাছ বুক আপডেট কৰাত সেই ধন কোনোবাই উলিয়াই নিয়াটো নিশ্চিত হয়।এই ঘটনাৰ লগত নৃপেন ডেকা নামৰ প্ৰৱঞ্চকজন জড়িত থকাৰ অভিযোগ তুলি ইতিমধ্যে ভুক্তভোগী লোকজনে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। লগতে ভুক্তভোগী মাধৱ ডেকাই এই ঘটনাৰ লগত বেংকৰ কোনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: 4 Robbers detained: তিনিচুকীয়া আৰক্ষীৰ জালত চাৰি দুধৰ্ষ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.