ETV Bharat / state

ৰাজ্যত 4.2 ৰিখটাৰ স্কেলত ভূমিকম্প সংঘটিত

author img

By

Published : Oct 3, 2020, 10:02 PM IST

ৰাজ্যত 4.2 ৰিখটাৰ স্কেলত ভূমিকম্প ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পৰা কামৰূপ বুলি অনুমান কৰিছে গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

4.2 -magnitude earthquake rocks Assam kamrup
ৰাজ্যত 4.2 ৰিখটাৰ স্কেলত ভুমিকম্প সংঘটিত

দক্ষিণ কামৰূপ, 3 অক্টোবৰ : ৰাজ্যত শনিবাৰে নিশা অনুভূত হয় মৃদু ভূমিকম্প জোকাৰণি । নিশা 9 বাজি 6 মিনিটত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভত হয় এই জোকাৰণি । ৰিখটাৰ স্কেল অনুসৰি এই ভূমিকম্পৰ প্ৰাৱল্য আছিল 4.2

এই ভূমিকম্পৰ অভিকেন্দ্ৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পৰা কামৰূপ বুলি অনুমান কৰিছে গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । উল্লেখ্য যে, এই ভূমিকম্পত ক্ষয়ক্ষতিৰ খবৰ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.