ETV Bharat / state

অসমসহ উত্তৰ-পূবত 27 ডিচেম্বৰলৈকে বন্ধ থাকিব 26 খনকৈ যাত্রীবাহী ৰে’ল

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 12:30 PM IST

26 passenger trains to remain closed
অসমসহ উত্তৰ-পূবত 27 ডিচেম্বৰলৈকে বন্ধ থাকিব 26 খনকৈ যাত্রীবাহী ৰে’ল

27 ডিচেম্বৰ পৰ্যন্ত অসমসহ উত্তৰ-পূবৰ কেবাখনো ৰাজ্যলৈ চলাচল কৰা 26 খনকৈ যাত্রীবাহী ৰে’লৰ চলাচল বন্ধ কৰা হৈছে ৷ এই খবৰৰ পিচতে হাজাৰ হাজাৰ যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে (Passenger trains to remain close)।

গুৱাহাটী, 20 ডিচেম্বৰ: উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত চাংসাৰি আৰু আগিয়াঠুৰি ৰে'ল ষ্টেচনৰ মাজত নিৰ্মাণ হৈ আছে দ্বৈত ৰে’ল লাইনৰ কমিছনিং কাম-কাজ ৷ এই কাম-কাজৰ পৰিপ্ৰেক্ষিতত যোৱা 17 ডিচেম্বৰৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ লগতে দক্ষিণ পাৰৰ ৰঙিয়া আৰু আজাৰা ৰে’ল ষ্টেচন হৈ অসমসহ উত্তৰ-পূবৰ কেবাখনো ৰাজ্যলৈ চলাচল কৰা 26 খনকৈ যাত্রীবাহী ৰে’লৰ চলাচল বন্ধ কৰাৰ নিৰ্দেশনা দিয়া হৈছে ৷

এই খবৰৰ পিচতে ৰে’লেৰে দৈনিক অহা যোৱা কৰা হাজাৰ হাজাৰ যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । আনকি ইতিমধ্যে চলি থকা 8 খনকৈ ৰে’লৰ চলাচল আংশিকভাৱে বাতিল কৰাৰ লগতে 31 খনকৈ ৰে’লৰ গতিপথ বা যাত্রাপথ সলনি কৰা হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'ই জানিবলৈ দিয়া মতে 27 ডিচেম্বৰ পৰ্যন্ত ৰে’লৰ স্বাভাৱিক চলাচল বন্ধ হৈ থাকিব। বাতিল কৰা 26 খনকৈ ৰে’লৰ ভিতৰত গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ চলাচল বন্ধ কৰা ৰে'লকেইখন হৈছে, আলিপুৰ দুৱাৰ-গুৱাহাটী আলিপুৰ দুৱাৰ, আলিপুৰ দুৱাৰ-লামডিং-আলিপুৰ দুৱাৰ, গুৱাহাটী-ধুবুৰী, গুৱাহাটী-মেন্দিপথাৰ, শিলঘাটৰ পৰা আলিপুৰ দুৱাৰলৈ চলাচল কৰা এক্সপ্ৰেছ ৰে’ল।

তেনেদৰে গুৱাহাটী-বদৰপুৰ-গুৱাহাটী, মুৰ্কংচেলেক-গুৱাহাটী মুর্কচেলেক এক্সপ্ৰেছ, নিউ জলপাইগুৰি-গুৱাহাটী-নিউ জলপাইগুৰি, নাহৰলণ্ডন-গুৱাহাটী শতাব্দী এক্সপ্ৰেছখনৰো যাত্রা বাতিল কৰা হৈছে। ইফালে অসমৰ বাহিৰলৈ চলাচল কৰা দূৰণিবটীয়া 31 খনকৈ ৰে’লৰ যাত্রাপথ পৰিৱৰ্তন কৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণ-পাৰেৰে কামাখ্যা-গোৱালপাৰা টাউন-নিউ বঙাইগাঁও হৈ চলাচল ব্যৱস্থা কৰা হৈছে।

ইফালে ৰে'লকেইখনৰ চলাচলৰ যাত্রাপথ সলনি কৰাৰ লগতে ৰে’ল বাতিল কৰাৰ ফলত যাত্রীসকলে ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। আনকি বহু যাত্রীয়ে ৰে’ল ষ্টেচনত ৰে’লত উঠিবলৈ অহাৰ পাচতহে এই বাতিলকৰণ সন্দৰ্ভত অৱগত হোৱাৰ পিচতেই হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

অৱশ্যে 27 ডিচেম্বৰৰ পাচত সকলো বাতলি হোৱা ৰে’ল, আংশিকভাৱে বাতিল হোৱা ৰে’ল আৰু গতিপথ সলনি কৰা সকলো ৰে’লৰে স্বাভাৱিক চলাচল পুনৰ আৰম্ভ হ'ব বুলি ৰে’লৱে কর্তৃপক্ষই সদৰী কৰিছে। শেহতীয়াকৈ ৰে’লৱে কৰ্তৃপক্ষই 20 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈ যাত্ৰীৰ সুবিধাৰ বাবে দৈনিক ৰঙিয়া আৰু নিউ বঙাইগাঁও ৰে’ল ষ্টেচনৰ মাজত তিনিখনকৈ শ্বাটল ৰে’লৰ চলাচল আৰম্ভ কৰিব বুলি সদৰী কৰিছে।

লগতে পঢ়ক: নাহৰকটীয়াৰ লংঘাৰজান চাহ বাগিচাত নাহৰফুটুকীৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.