ETV Bharat / state

CCTV in Guwahati : গুৱাহাটীৰ চিচিটিভি কেমেৰাত থাকিব Face reading software

author img

By

Published : Jan 11, 2023, 7:17 PM IST

CCTV in Guwahati
গুৱাহাটীৰ চিচিটিভি কেমেৰাত থাকিব Face reading software

গুৱাহাটীত চিচিটিভি কেমেৰা স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ (Assam CM on Guwahati CCTV project)। দুৰ্গা পূজাৰ পূৰ্বে ৰাজহুৱা স্থানত নতুনকৈ ২০০০ কেমেৰা স্থাপন কৰা হ'ব । ফ্লেটসমূহতো চিচিটিভি কেমেৰা বাধ্যতামূলক ।

গুৱাহাটীৰ চিচিটিভি কেমেৰাত থাকিব Face reading software

গুৱাহাটী,১১ জানুৱাৰী : গুৱাহাটীত নতুনকৈ স্থাপন কৰা হ'ব ২০০০ টা চিচিটিভি কেমেৰা (2000 CCTV to install in Guwahati )। পূজাৰ পূৰ্বেই স্থাপন কৰা হ'ব চিচিটিভি কেমেৰাসমূহ । ফেচ ৰিডিং চফটৱেৰ থাকিব চিচিটিভি কেমেৰাসমূহত । হেলমেট পৰিধান কৰিলেও চিচিটিভিত ধৰা পৰিব হেলমেট পৰিধান কৰাৰ মুখাৱয়ব

গুৱাহাটীৰ ফ্লেটসমূহতো চিচিটিভি কেমেৰা স্থাপন কৰিব লাগিব (CCTV cameras are mandatory in Guwahati flats)। ইয়াৰোপৰি পাঁচজনৰ বেছি লোক থকা দোকানতো চিচিটিভি কেমেৰা স্থাপন কৰিব লাগিব । এই ঘোষণা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM review meeting at Assam DGP office)। ইয়াৰোপৰি অসম আৰক্ষীত পঞ্জীয়ন কৰিব লাগিব ব্যক্তিগত চিচিটিভি সংযোগৰ ঠিকনা । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিধানসভাত এই সন্দৰ্ভত শীঘ্ৰে এখন আইন অনা হ'ব ।

বুধবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত আৰক্ষী বিভাগৰ পৰ্যালোচনাৰ এক দিনজোৰা বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে । বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা সময়চোৱাত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা আৰক্ষীৰ পৰিয়ালক চাকৰি দিয়া হ'ব । ২৫ জানুৱাৰীত সন্ত্ৰাসবাদীৰ হাতত নিহত ৩০০ টা আৰক্ষীৰ পৰিয়ালক চৰকাৰী চাকৰি দিয়া হ'ব ।

এতিয়াৰে পৰা পুলিচ ভেৰিফিকেচন আৰু এজাহাৰ‌ দিয়া আদি ২০ টা আৰক্ষী সেৱা পৰ্টেল আৰু এপৰ জৰিয়তে কৰা‌ হ'ব । অসম আৰক্ষী আৰু বন বিভাগত ৫০০০ টা পদত নিযুক্তি দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে (5000 new recruitment in Assam)। ১০ মে'ৰ ভিতৰত এই নিযুক্তি দিয়া হ'ব । ২০২২ চন, ২০২১ চন আৰু ২০২০ চনত অসমত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ তথ্য আৰক্ষী সঞ্চালক প্ৰধানে শীঘ্ৰে সংবাদমেলৰ জৰিয়তে সদৰী কৰিব বুলিও তেওঁ উল্লেখ কৰে ।

প্ৰতি বছৰৰ জানুৱাৰীত আৰক্ষী সঞ্চালক প্ৰধানে এই সন্দৰ্ভত সংবাদমেল দিব । আনহাতে গুৱাহাটীত স্থাপন কৰিবলগীয়া চিচিটিভি কেমেৰাত ৩০ দিনৰ ৰেকৰ্ডিং থাকিব লাগিব । শীঘ্ৰে ৪০০ টা কেমেৰা‌ স্থাপন কৰা হ'ব ট্ৰেফিক পইন্টত । পূৰ্বে ৪০০ টা কেমেৰা লগোৱা হৈছে ।

উল্লেখ্য যে বৈঠকত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে নিযুক্তি, ৰাজ্যৰ নিৰাপত্তা, অপৰাধ নিয়ন্ত্ৰণকে ধৰি বিভিন্ন দিশত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিতংভাৱে আলোচনা কৰে । এই বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘাল, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে বহু জ্যেষ্ঠ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াও উপস্থিত থাকে ।

লগতে পঢ়ক :Bagh Hazarika Controversy : প্ৰসংগ বাঘ হাজৰিকা: খিলঞ্জীয়া মুছলমান সমাজৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.