ETV Bharat / state

Zubin Garg Birthday: ৫০ বছৰীয়া জন্মদিন উদযাপনৰ বাবে যোৰহাটত জুবিন গাৰ্গ

author img

By

Published : Nov 16, 2022, 7:28 AM IST

Updated : Nov 16, 2022, 12:08 PM IST

Zubin Garg Birthday
যোৰহাটত জুবিন গাৰ্গ

অসমৰ সংগীতজগতত অন্যতম স্থান অধিকাৰ কৰা, অসমৰ প্ৰতিগৰাকী লোকৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে ১৮ নৱেম্বৰত গৰকিব ৫০ টি বৰ্ষ(50th birthday of Zubeen Garg) । যোৰহাটত জন্মগ্ৰহণ কৰা শিল্পী গৰাকীয়ে নিজৰ ৫০ বছৰীয়া জন্মদিন উদযাপন কৰিব জন্ম জিলাখনতে । সেয়ে মঙলবাৰে নিশাই যোৰহাটত উপস্থিত হয় জুবিন(Zubeen Garg in Jorhat) ।

যোৰহাট,১৬ নৱেম্বৰ: ৫০টি সোণালী বসন্ত অতিক্ৰম কৰিব যুৱপ্ৰজন্মৰ হাৰ্থথ্ৰব জুবিন গাৰ্গে । ১৮ নৱেম্বৰত অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীগৰাকীৰ ৫০ সংখ্যক জন্মদিন(50th birthday of Zubeen Garg) । জুবিন ফেন ক্লাৱে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনটো উলহ-মালহেৰে উদযাপন কৰাৰ আয়োজন কৰিছে(Zubeen Fan Club) । জন্মজিলা যোৰহাটত ৫০ সংখ্যক জন্মদিন উদযাপন কৰিব জুবিনে(Birthday of Zubeen Garg to be celebrated in Jorhat) । সেয়েহে মঙলবাৰে নিশাই যোৰহাটত উপস্থিত হয় জুবিন গাৰ্গ(Zubeen Garg in Jorhat) ।

যোৰহাট কৰ্ট ফিল্ডত বৰ্ণাঢ্য কাৰ্যসূচীৰে জুবিন ফেন ক্লাৱে আয়োজন কৰিছে পঞ্চাশ বছৰীয়া জন্মদিনৰ । ১৮ নৱেম্বৰত গীতে-মাতে আৰু বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে নিজ জন্মজিলাত উদযাপন কৰিব জুবিন গাৰ্গে নিজৰ জন্মদিন । দিনে-নিশাই প্ৰস্তুতি আৰম্ভ কৰিছে জুৱিন ফেন ক্লাৱে ।

মঙলবাৰে নিশা শিল্পীগৰাকী যোৰহাটত উপস্থিত হোৱাৰ লগে লগে অনুৰাগীৰ মাজত ব্য়াপক উচাহ দেখিবলৈ পোৱা যায় । কাষতে মৰমৰ শিল্পী গৰাকীক পোৱাৰ হেপাঁহৰ বাবেই এতিয়া যোৰহাটবাসীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ।

৫০ বছৰীয়া জন্মদিন উদযাপন বাবে যোৰহাটত জুবিন গাৰ্গ

ইফালে ১৮ নৱেম্বৰৰ দিনা বিভিন্ন কাৰ্যসূচীৰে বিশেষ দিনটো আৰু অধিক বিশেষ কৰি তোলাৰ প্ৰয়াস কৰিছে জুবিন ফেন ক্লাৱৰ কৰ্মকৰ্তাসকলে । ১৮ নৱেম্বৰত পতাকা উত্তোলনেৰে আৰম্ভ কৰা হ'ব কাৰ্যসূচীৰ । তাৰপাছতে ৫০ বছৰীয়া জন্মদিন উপলক্ষে ৫০ টি গছপুলি ৰোপন কৰিব জুবিন ফেন ক্লাৱে । লগতে প্ৰদৰ্শন কৰা হ'ব জুবিন গাৰ্গৰ ১০০ খন ছবি । লগতে থাকিব অসমৰ বিভিন্ন কলা-কুশলীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ।

নিশাৰ ভাগত বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যানুষ্ঠানৰ লগতে জুবিন গাৰ্গৰ ৫০ সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটীৰ এগৰাকী শিল্পীয়ে প্ৰস্তুত কৰা এটি গীত মুকলি কৰি কেক কাটিব জুবিন গাৰ্গে । সমূহ অসমবাসীৰ সহায়-সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজকসকলে ।

লগতে পঢ়ক: Stone Quarry Collapsed in Mizoram : মিজোৰামত শিল খহি অসমৰ এজন শ্ৰমিকৰ মৃত্যু নিশ্চিত, দুজন সন্ধানহীন

Last Updated :Nov 16, 2022, 12:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.