ETV Bharat / bharat

Stone Quarry Collapsed in Mizoram : মিজোৰামত শিল খহি অসমৰ এজন শ্ৰমিকৰ মৃত্যু নিশ্চিত, দুজন সন্ধানহীন

author img

By

Published : Nov 15, 2022, 10:01 PM IST

পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ABCI Infrastructure Pvt Ltdয়ে শ্ৰমিকসকলৰ বাবে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ কোম্পানীটোৱে কোনো সুদোত্তৰ দিব পৰা নাই ঘটনাৰ ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো ৷ ইয়াৰ পূৰ্বে ABCI Infrastructure Pvt Ltd ঘোচ দি বৃহৎ প্ৰকল্গৰ কাম লোৱা বিতৰ্কৰ সৈতেও সাঙুৰ খাই পৰিছিল ৷ আনকি এই বিষয়ত CBI য়ে ABCI Infrastructure Pvt Ltd ৰ সঞ্চালক পৱন কুমাৰ বাইডক ২২০২১ চনত গ্ৰেপ্তাৰো কৰিছিল ৷ উত্তৰ-পূব ৰে’লৱেৰ এটা প্ৰকল্পৰ বাবে ABCI য়ে ৰে’লৱেৰ বিষয়াক কোটিৰ ঘৰত টকা উৎকোচ দিছিল বুলি CBI য়ে অভিযোগ কৰাৰ বাতৰিয়ে সেই সময়ত সংবাদ শিৰোনাম দখল কৰিছিল ৷

Stone Quarry Collapsed in Mizoram
মিজোৰামত শিল খহি অসমৰ এজন শ্ৰমিকৰ মৃত্যু নিশ্চিত

গুৱাহাটী, ১৫ নৱেম্বৰ : অসমৰ শ্ৰমিকৰ এজন মৃত্যু আৰু দুজন সন্ধানহীন : দেশজুৰি চৰ্চা লাভ কৰা মিজোৰামৰ শিলৰ কোৱেৰীত মৃত্যু ঘটা দুৰ্ভগীয়া শ্ৰমিকসকলৰ ভিতৰত এজন শ্ৰমিক অসমৰ বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ৷ কৰুণ দুৰ্ঘটনাটো সংঘটিত হোৱা হানথিয়াল জিলাৰ উপায়ুক্ত আৰ লালৰেমছাংগাই এই তথ্য সদৰী কৰিছে ৷

অসমৰ মৃত শ্ৰমিকজন ২৬ বছৰীয়া সুৰজিৎ ৰয় (কাছাৰৰ কাটিগড়াত ঘৰ) আৰু এতিয়াও মাটিৰ তলৰপৰা উলিয়াব নোৱাৰা অৰ্থাৎ সন্ধানহীন দুজনক্ৰমে ছফিকুল ইছলাম (২৬/গোৱালপাৰাৰ জলেশ্বৰৰ টাকামাৰীত ঘৰ) আৰু জাহিদুৰ ইছলাম (২৭/ বৰপেটাৰ বাঘবৰ অঞ্চলত ঘৰ)(Assamese labour dead in Mizoram)৷ মিজোৰাম চৰকাৰৰ তথ্যমতে মুঠ ৮ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ ৪ জন শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে ৷

হানথিয়াল জিলা প্ৰশাসনে উদ্ধাৰ হোৱা মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা হাস্পতাললৈ প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত মৃত শ্ৰমিকসকলে কাম কৰা ABCI কোম্পানীৰ জড়িয়তে মৃতদেহ নিজৰ বাসগৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবপৰা গৈছে ৷

Stone Quarry Collapsed in Mizoram
মিজোৰামত শিল খহি অসমৰ এজন শ্ৰমিকৰ মৃত্যু নিশ্চিত

সোমবাৰে আবেলি মিজোৰাম ৰাজধানী আইজলৰ পৰা ১৬০ কিলোমিটাৰ দূৰৈৰ হানথিয়াল জিলাৰ মৌদাৰহতবিয়লি প্ৰায় ২.৪৫ মিনিটত এই সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল৷ এটা পাহাৰত থকা শিলৰ কুঁৱেৰী ​​খহি পৰাৰ পিছত দিশজুৰি চৰ্চা লাভ কৰিছে এই দু্ঘটনাই (Mizoram stone quarry collapsed incident)৷

বিতৰ্কিত ABCI Infrastructure Pvt Ltdৰ বাবে কাম কৰিছিল শ্ৰমিক সকলে: মিজোৰামৰ দক্ষিণাঞ্চলৰ হানথিয়ান জিলাৰ শিলৰ কোৱেৰিটোত শ্ৰমিকসকলে ABCI Infrastructure Pvt Ltd নামৰ এটা বিতৰ্কিত নিৰ্মাণকাৰী সংস্থাৰ হৈ কাম কৰি আহিছিল৷ ABCI Infrastructure Pvt Ltdএ হানথিয়াল আৰু ডন গাঁৱৰ মাজৰ পথ নিৰ্মাণৰ কাম চলাই আছে৷

এই পথ নিৰ্মাণৰ বাবেই শিলৰ কোৱেৰীটোৰ পৰা বৃহৎ পৰিমাণৰ শিল সংগ্ৰহ কৰি আহিছে প্ৰতিষ্ঠানটোৱে৷ তাৰ পৰা শিল উলিয়াবলৈ গৈয়ে সোমবাৰে প্ৰাণ হেৰুৱালে ৮ জনে আৰু সন্ধানহীন হৈ আছে এতিয়াও চাৰিজন(চৰকাৰী তথ্যমতে)৷ পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ABCI Infrastructure Pvt Ltdয়ে শ্ৰমিক সকলৰ বাবে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷

কোম্পানীটোৱে কোনো সুদোত্তৰ দিব পৰা নাই ঘটনাৰ ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে ABCI Infrastructure Pvt Ltd উৎকোচ দি বৃহৎ প্ৰকল্পৰ কাম লোৱা বিতৰ্কৰ সৈতেও সাঙুৰ খাই পৰিছিল৷ আনকি এই বিষয়ত CBI য়ে ABCI Infrastructure Pvt Ltdৰ সঞ্চালক পৱন কুমাৰ বাইডক ২২০২১ চনত গ্ৰেপ্তাৰো কৰিছিল৷

উত্তৰ-পূব ৰে’লৱেৰ এটা প্ৰকল্পৰ বাবে ABCI য়ে ৰে’লৱেৰ বিষয়াক কোটিৰ ঘৰত টকা উৎকোচ দিছিল বুলি CBI য়ে অভিযোগ কৰাৰ বাতৰিয়ে সেই সময়ত সংবাদ শিৰোনাম দখল কৰিছিল৷ পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ABCI Infrastructure Pvt Ltdয়ে শ্ৰমিকসকলৰ বাবে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷

ইফালে কোম্পানীটোৱে কোনো সুদোত্তৰ দিব পৰা নাই ঘটনাৰ ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো৷ ইয়াৰ পূৰ্বে ABCI Infrastructure Pvt Ltd উৎকোচ দি বৃহৎ প্ৰকল্পৰ কাম লোৱা বিতৰ্কৰ সৈতেও সাঙুৰ খাই পৰিছিল৷ আনকি এই বিষয়ত CBI য়ে ABCI Infrastructure Pvt Ltdৰ সঞ্চালক পৱন কুমাৰ বাইডক ২২০২১ চনত গ্ৰেপ্তাৰো কৰিছিল৷

উত্তৰ-পূব ৰে’লৱেৰ এটা প্ৰকল্পৰ বাবে ABCI য়ে ৰে’লৱেৰ বিষয়াক কোটিৰ ঘৰত টকা উৎকোচ দিছিল বুলি CBI য়ে অভিযোগ কৰাৰ বাতৰিয়ে সেই সময়ত সংবাদ শিৰোনাম দখল কৰিছিল ৷

লগতে পঢ়ক : Assam Elephant Joymala: আকৌ জয়মালাৰ ওপৰত চলিছে অত্যাচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.