ETV Bharat / state

Workshop of Department of Surgery: যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শৈল্য চিকিৎসা বিভাগৰ কৰ্মশালা

author img

By

Published : Apr 1, 2023, 10:14 PM IST

Workshop of  Department of Surgery
যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শৈল্য চিকিৎসা বিভাগৰ কৰ্মশালা

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শৈল্য চিকিৎসা বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন উন্নত প্ৰযুক্তিৰ বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে (Workshop of Department of Surgery)৷

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শৈল্য চিকিৎসা বিভাগৰ কৰ্মশালা

যোৰহাট, 1 এপ্ৰিল: পোন প্ৰথমবাৰৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শৈল্য চিকিৎসা বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পিত্তথলী/ পিত্তনলী/ অগ্নাশয় ৰোগৰ চিকিৎসাৰ বাবে বিভিন্ন উন্নত প্ৰযুক্তিৰ বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰা হৈছে (Workshop of Department of Surgery)৷ শনিবাৰে অনুষ্ঠিত হোৱা এই কৰ্মশালাখনত Endoscopic Retrograde cholangiopancreatography (ERCP)/Laparoscopic Common Bill duct exploration-ৰ ওপৰত আলোকপাত কৰা হয় ৷

চিকিৎসক ডাঃ এন. এন. দাস, ডাঃ ফৰিদুল হুছেইন, ডাঃ সিদ্ধাৰ্থ ফুকন আৰু ডাঃ যদুনাথ বুঢ়াগোহাঁইৰ তত্বাৱধানত কৰ্মশালাখন সুকলমে অনুস্থিত হৈ যায় ৷ অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰে (Workshop at Jorhat Medical College and Hospital)।

এই কৰ্মশালাৰ লক্ষ্য হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (Jorhat Medical College and Hospital) শৈল্য চিকিৎসা বিভাগৰ জৰিয়তে জিলাখনৰ ৰাইজৰ সুবিধাৰ্থে যোৰহাটলৈ উন্নত প্ৰযুক্তি অনাৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শৈল্য চিকিৎসা বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলক পিত্তথলী/ পিত্তনলী/ অগ্নাশয় ৰোগৰ চিকিৎসাৰ বাবে উপলব্ধ বিভিন্ন উন্নত প্ৰযুক্তিৰ বিষয়ে শিকোৱা।

উল্লেখ্য যে বৰ্তমান সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় হৈছে যোৰহাটবাসীৰ লগতে কাষৰীয়া জিলা আৰু নাগালেণ্ডৰ জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱাৰ মূল আশা ভৰসাৰ স্থল ৷ বিগত সময়ছোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ে জনসাধাৰণক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰি আহিছে। ফলত বৰ্তমান সময়ত চিকিৎসা সেৱাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৰোগী সংখ্যা দিনক দিনে দ্ৰুত হাৰত বৃদ্ধি পাইছে। মহাবিদ্যালয়খনৰ চিকিৎসকসকলেও ৰোগীক পৰ্যাপ্ত স্বাস্থ্য সেৱা প্ৰদান কৰাত কোনো ধৰণৰ ক্ৰুতি ৰখা নাই ৷

ইয়াৰোপৰি চিকিৎসা মহাবিদ্যালয়খনৰ পৰীক্ষা ফলাফল আজি তাৰিখত উন্নত বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ তাৎপৰ্যপূৰ্ণ যে শৈল্য চিকিৎসা বিভাগত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ফলত ৰোগীসকল বিশেষভাৱে উপকৃত হ’ব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰিছে ৷

লগতে পঢ়ক: Liver transplant in Assam : আয়ুসুন্দ্ৰা হাস্পতালত আৰম্ভ হ'ব যকৃত সংৰোপণৰ চিকিৎসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.