ETV Bharat / state

দুখীয়া লোকক ন্যায় দিয়াত ব্যৰ্থ নেকি আৰক্ষী ?

author img

By

Published : Oct 3, 2021, 6:54 PM IST

আজিও নোলাল গুৱাহাটীৰ শংকৰদেৱ হাউছিং চ'চাইটিত কৰ্মৰত টীয়কৰ ৰূপমৰ মৃত্যুৰ কাৰণ ৷ জালুকবাৰী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আত্মীয়ৰ ৷

women makes allegation against assam police to be biased
দুখীয়া লোকক ন্যায় দিয়াত ব্যৰ্থ নেকি আৰক্ষী ?

টীয়ক, 3 অক্টোবৰ : খোদ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ এখন আৰক্ষী থানাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে টীয়কৰ এগৰাকী মহিলাই । মহিলাগৰাকীয়ে হিয়া ঢাকুৰি কান্দি প্ৰশ্ন কৰিলে দুখীয়া লোকক কিয় গুৰুত্ব নিদিয়ে অসম আৰক্ষীয়ে ? মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা শক্তিয়ে মূৰত ধৰিছে নেকি অসম আৰক্ষীৰ একাংশ বিষয়াৰ বুলিও প্ৰশ্ন কৰে মহিলা গৰাকীয়ে । ক্ষোভত ভাগি পৰি, হাতযোৰ কৰি মুখ্যমন্ত্ৰীক উদেশ্য কৰি দুখীয়া হোৱাৰ বাবেই গুৰুত্ব নোপোৱাৰ অভিযোগ কৰে ।

দুখীয়া লোকক ন্যায় দিয়াত ব্যৰ্থ নেকি আৰক্ষী ?

উল্লেখ্য যে, অনামিকা দাস নামৰ মহিলা গৰাকীৰ ঘৰ টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত পুৰণি মেলেঙত । এই মহিলা গৰাকীৰ একমাত্ৰ ভাতৃ ৰূপম দাস যোৱা মাৰ্চ মাহত ঘৰৰ পৰা ওলাই গৈছিল গুৱাহাটীৰ জালুকবাৰীস্থিত শংকৰদেৱ হাউছিং চ'চাইটিত কাম কৰিবলৈ । কিন্তু যোৱা ২৯ এপ্ৰিলত যুৱকজনৰ ৰহস্যজনকভাৱে মৃত্যু হয় কৰ্মৰত অৱস্থাত । ২৯ এপ্ৰিলত মৃত্যু হোৱা ৰূপম দাসে ছয় মহলাৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা কৰা বুলি ৩০ এপ্ৰিলৰ বিয়লিহে খবৰ পাইছিল পৰিয়ালৰ লোকে ।

সেই অনুসৰি, ৩০ এপ্ৰিলৰ নিশাই জালুকবাৰী আৰক্ষী চকীত উপস্থিত হৈ ৰূপম দাসৰ মৃতদেহ চমজি লয় যদিও তেওঁৰ মৃত্যুক সহজভাৱে ল'ব নোৱাৰি আৰক্ষীক এজাহাৰ দাখিল কৰে । কিন্তু পুঁজিপতি গোষ্ঠীৰ পক্ষত থাকি আৰক্ষীয়ে এয়া আত্মহত্যা বুলি কৈয়ে ৰহস্যজনকভাৱে পৰিয়ালৰ এজাহাৰ ল'বলৈও অমান্তি হয় বুলি উত্থাপিত হৈছে অভিযোগ ।

আনকি কৰ্মৰত হাউছিং চ'চাইটিৰ কোন স্থানত মৃত্যু হৈছিল সেয়া দেখুৱাবলৈ অপাৰগতা দেখুৱা হৈছে মহিলাগৰকীক । উল্লেখ্য যে ছয় মহলাৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা কৰা বুলি কোৱা ৰূপম দাসৰ শৰীৰত নাছিল কোনো আঘাতৰ চিন । ইপিনে, মৰণোত্তৰ পৰীক্ষাতো ৰূপম দাসৰ মূৰৰ পিছফালে আঘাত কৰাৰ পৰিণতিত মৃত্যু হোৱা বুলি স্পষ্ট হৈছে ।

বৃদ্ধ পিতৃৰ লগতে ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ উৎস ৰূপম দাসক হেৰুৱাই দিক-বিদিক হেৰুৱাইছে পৰিয়ালৰ লোকে । জালুকবাৰী থানালৈ তাতবাতি কৰিও কোনো সহাৰি নাপালে পৰিয়ালটোৱে । আজিও ৰহস্য হৈয়ে থাকিল ৰূপম দাসৰ মৃত্যু। শোকত ভাগি পৰা ৰূপমৰ পৰিয়ালে জালুকবাৰী আৰক্ষীৰ বিৰুদ্ধে আনিছে এতিয়া দুখীয়া হোৱাৰ বাবেই গুৰুত্ব নোপোৱাৰ গুৰুতৰ অভিযোগ ৷

লগতে পঢ়ক : NCBৰ জালত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.