ETV Bharat / sitara

NCBৰ জালত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান !

author img

By

Published : Oct 3, 2021, 2:09 PM IST

নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ' চমুকৈ এনচিবিয়ে আটক কৰিছে বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক । আৰিয়ান খানৰ উপৰিও আন কেইবাজনকো আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাটোৱে । পিছে কি অপৰাধ কৰিলে শ্বাহৰুখ খানৰ পুত্ৰই ?

Mumbai cruise drugs case
NCBৰ জালত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান

চিটাৰা ডেস্ক , ৩ অক্টোবৰ : শেহতীয়াকৈ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যথেষ্ট পৰিমাণে সষ্টম হৈছে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ' (NCB) । মুম্বাইত বিভিন্ন ধৰণৰ অভিযান চলাইছে এনচিবিয়ে । শনিবাৰে মুম্বাইৰ এখন ক্ৰুজত অনুষ্ঠিত হোৱা এটা হাই-প্ৰফাইল পাৰ্টিত চলোৱা অভিযানৰ সময়ত এনচিবিয়ে কমেও ১০ জন লোকক আটক কৰে । এনচিবিয়ে অভিযানৰ সময়ত কেইজনমান যাত্ৰীৰ সামগ্ৰীও জব্দ কৰিছে ।

কোকেইন, গাঞ্জা আৰু অন্যান্য নিচাযুক্ত দ্ৰব্যসহ ড্ৰাগছ উদ্ধাৰ কৰা হৈছিল সেই অভিযানত । লক্ষণীয় বিষয়টো হ'ল যে সেই পাৰ্টিত উপস্থিত আছিল বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ (Shah Rukh Khan) পুত্ৰ আৰিয়ান খান । এনচিবিয়ে আটক কৰা ১০ জন লোকৰ ভিতৰত আৰিয়ান খানও অন্যতম ।

ইতিমধ্যে তদন্তকাৰী দলটোৱে আৰিয়ান খানক সোধপোছ অব্যাহত ৰাখিছে । এই ঘটনা পোহৰলৈ অহাৰ পাচতে বলীউড জগতত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

ইফালে আৰিয়ানৰ উপৰিও বলীউডৰ আন কোনো অভিনেতা-অভিনেত্ৰীৰ সন্তানো সেই পাৰ্টিত আছিল নেকি তাৰো অনুসন্ধান চলাই আছে এনচিবিয়ে । এনচিবিৰ জোনেল সঞ্চালক সমীৰ ৱানখেডেয়ে জনোৱা মতে এতিয়ালৈ এই ঘটনা সন্দৰ্ভত কোনো লোককে গ্ৰেপ্তাৰ কৰা হোৱা নাই । অৱশ্যে সেই পাৰ্টিত আন কোনো বলীউডৰ তাৰকা উপস্থিত আছিল নেকি সেই বিষয়ে সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কোনো ধৰণৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশ চৰকাৰৰ ব্ৰেণ্ড এম্বেচেডৰৰ দায়িত্বত কংগনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.