ETV Bharat / state

নিৰ্বাচনকেন্দ্ৰিক সংঘাতত উত্তপ্ত জগন্নাথ মহাবিদ্যালয়

author img

By

Published : Apr 30, 2022, 1:48 PM IST

clashes-between-two-groups-before-election-in-jb-college
নিৰ্বাচনকেন্দ্ৰিক সংঘাতত উত্তপ্ত জগন্নাথ মহাবিদ্যালয়

আজি অনুষ্ঠিত হৈছে ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন(Student union body election in JB College) ৷ এই নিৰ্বাচনক কেন্দ্ৰ কৰি মহাবিদ্যালয়খনত শনিবাৰে পুৱতি নিশা দুটাকৈ ছাত্ৰৰ দলৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷ আছু সমৰ্থিত ছাত্ৰৰ এটা দলে আন এটি ছাত্ৰৰ দলক শাৰিৰীকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সম্প্ৰতি মহাবিদ্যালয়খনত আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ জোৱানৰ এটা দল মোতায়েন কৰিছে জিলা প্ৰশাসনে ৷

যোৰহাট, 30 এপ্ৰিল : যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত নিৰ্বাচনকেন্দ্ৰিক(Clashes between two groups before election in JB College) সংঘাত ৷ শনিবাৰে পুৱতি নিশা প্ৰায় 3 বজাত দেৱালত বেনাৰ, পোষ্টাৰ লগাবলৈ যোৱা ছাত্ৰৰ এটা দলক আক্ৰমণ আন এটা দলৰ ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে ৷ লগতে তেওঁলোকে অভিযোগ উত্থাপন কৰা অনুসৰি, বেনাৰ, পোষ্টাৰ লগাবলৈ যোৱা ছাত্ৰৰ দলটোক আক্ৰমণ কৰিছিল আছুৰ দ্বাৰা সমৰ্থিত আন এটা ছাত্ৰৰ দলে ৷

আজি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ নিৰ্বাচন

প্ৰায় 100 জনীয়া ছাত্ৰৰ দ্বাৰা গঠিত দলটোৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় আন কেইবাগৰাকীও ছাত্ৰ ৷ আহত ছাত্ৰকেইজন মহাবিদ্যালয়খনৰে এটা আৱাসৰ আৱাসী বুলি চিনাক্ত কৰা হৈছে ৷ আছুৰ দ্বাৰা সমৰ্থিত দলটোৱে ৰ’ড, বেট, যাঠি আদিৰে আনটো দলক প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে ৷

কেৱল এয়াই নহয়, আছু সমৰ্থিত ছাত্ৰৰ দলটোৱে নিৰ্বাচনৰ নামত মহাবিদ্যালয়খনৰ আন কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক মানসিকভাৱে অপদস্থ কৰা বুলিও জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিছতে যোৰহাট জিলা প্ৰশাসনে মহাবিদ্যালয়খনত আৰক্ষীৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ জোৱানৰ এটা দল মোতায়েন কৰে ৷ সম্প্ৰতি মহাবিদ্যালয়খনত এনে সংঘাতৰ বাবে উত্তেজনা বিৰাজ কৰিছে ৷

লগতে চাওক: বৃটেইনত উপস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৫ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.