ETV Bharat / state

TET Teacher Protest in Assam:বিদ্যালয় এৰি ৰাজপথলৈ ওলাই আহিব টেট শিক্ষক

author img

By

Published : Jul 7, 2023, 7:40 PM IST

Updated : Jul 7, 2023, 7:50 PM IST

TET Teacher Protest in Assam
বিদ্যালয় এৰি ৰাজপথলৈ ওলাই আহিব টেট শিক্ষক

বিদ্যালয় এৰি ৰাজপথলৈ ওলাই আহিব টেট শিক্ষক ৷ পুনৰ আন্দোলন হুংকাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ৷ চাকৰি নিয়মীয়াকৰণ, বেতন সুৰক্ষা আদি সমস্যাসমূহ সমাধানৰ দাবীত আন্দোলনৰ হুংকাৰ ৷

বিদ্যালয় এৰি ৰাজপথলৈ ওলাই আহিব টেট শিক্ষক

যোৰহাট,7 জুলাই: বিদ্যালয় এৰি ৰাজপথলৈ ওলাই আহিব টেট শিক্ষক ৷ পুনৰ আন্দোলনৰ হুংকাৰ শিক্ষক সমাজৰ । ৫ হাজাৰ ঠিকাভিত্তিক আৰু ষ্টেটপুলৰ টেট শিক্ষক চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়া কৰণৰ দাবীৰে প্ৰতিবাদ কৰা হ’ব বুলি উল্লেখ কৰিলে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ৷ শুকুৰবাৰে যোৰহাটৰ দিলীপ হোটেলৰ প্ৰেক্ষাগৃহত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ যোৰহাট জিলাৰ বিভিন্ন দল সংগঠন ,বিভিন্ন স্তৰৰ ব্যক্তি আৰু সাংবাদিকৰ সৈতে এক আলোচনাত মিলিত হয় । প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ সমস্যাৰ সন্দৰ্ভত আলোচনাত মিলিত হয় ৷

শিক্ষা বিভাগে বছৰ বছৰ ধৰি ৩৫হাজাৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ বিষয়টো আওকান কৰা, প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বাৰম্বাৰ আবেদন কৰাৰ পাচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ কেৱল সিমানে নহয় গুণোৎসৱৰ আচিলাৰে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ যি নিয়ম চৰকাৰে উলিয়াইছে সেয়া অযুক্তিকৰ আখ্যা দিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে ৷

৩৫হাজাৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ, বেতন সুৰক্ষা আদি সমস্যাসমূহ সমাধানৰ দাবীত আন্দোলনৰ হুংকাৰ দিছে সন্থাটোৱে ৷ আনহাতে গুণোৎসৱ আচিলাৰে শিক্ষকৰ চাকৰি নিয়মীয়া কৰণ যি নিয়ম বন্ধ কৰা আৰু টেট শিক্ষকৰ সমস্যা সমাধান কৰা আদি দাবীৰে আন্দোলনৰ বাবে সাজু হৈছে শিক্ষক সমাজ । ফলত শিক্ষক সমাজে যদি শীঘ্ৰে আন্দোলনৰ পন্থা গ্ৰহণ কৰে তেতিয়া হ'লে শিক্ষা লাভ পৰা বঞ্চিত হ'ব কণ কণ শিক্ষাৰ্থী । ৰাজ্যজুৰি অচল হ'ব প্ৰাথমিক বিদ্যালয়ত পাঠদান কাৰ্যসূচী ।

লগতে পঢ়ক:Baideou Hotel: কাকজানৰ জনপ্ৰিয় ‘‘বাইদেউ হোটেল’’ ৰ স্বত্বাধিকাৰী বাইদেউৰ কথাৰে

Last Updated :Jul 7, 2023, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.