ETV Bharat / state

Baideou Hotel: কাকজানৰ জনপ্ৰিয় ‘‘বাইদেউ হোটেল’’ ৰ স্বত্বাধিকাৰী বাইদেউৰ কথাৰে

author img

By

Published : Jul 6, 2023, 8:21 PM IST

কাকজানবাসীৰ বাবে তেনেই চিনাকি এটা নাম ৷ সকলোৰে পৰিচিত কাকজানৰ ‘‘বাইদেউ হোটেল’’ ৰ স্বত্বাধিকাৰী বাইদেউৰ কথাৰে...

Baideou Hotel owner Babita Bora inspiring story
কাকজানৰ জনপ্ৰিয় ‘‘বাইদেউ হোটেল’’ ৰ স্বত্বাধিকাৰী বাইদেউৰ কথাৰে

কাকজানৰ জনপ্ৰিয় ‘‘বাইদেউ হোটেল’’ ৰ স্বত্বাধিকাৰী বাইদেউৰ কথাৰে

টীয়ক, 6 জুলাই : অসমীয়াত এষাৰ কথা আছে কামত সৰু-বৰ নাই ৷ প্ৰৱল ইচ্ছা আৰু দৃঢ় মনোবল থাকিলে সকলো সম্ভৱ ৷ জীৱন সংগ্ৰামত হাৰ মানিবলৈ নিশিকা এগৰাকী সফল মহিলা ৷ আপুনি যদি যোৰহাট জিলাৰ কাকজানলৈ গৈছে তেনেহ’লে জনপ্ৰিয় বাইদেউৰ "বাইদেউ হোটেল" আপোনাৰ বাবে তেনেই পৰিচিত ৷

তেওঁৰ নাম ববিতা বৰা, ঘৰ কাকজান আৰন্ধৰা গাঁৱত ৷ আজিৰ পৰা ন বছৰৰ পূৰ্বে স্বামীক হেৰুৱাইছিল ববিতাই ৷ একমাত্ৰ সন্তানটিক বুকুত সাৱটি জীয়াই থকাৰ তাড়ণাত নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে প্ৰথমে কাকজানত পথৰ কাষতে এখন সৰুকৈ চাহৰ দোকান আৰম্ভ কৰিছিল ববিতাই ৷ দিন বাগৰাৰ লগে লগে দোকানখনত লাহে লাহে চাহ পুৰিৰ পৰা ভাত ৰান্ধিবলৈ আৰম্ভ কৰিলে ববিতাই, পৰৱৰ্তী সময়ত দৈনিক প্ৰায় 30ৰ পৰা 35 কেজিৰো অধিক চাউলৰ ভাত বিক্ৰী কৰি এক জনপ্ৰিয় তথা প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে নিজৰ চিনাকী দাঙি ধৰিছিল ববিতা বৰাই ৷

বাইদেউ হোটেলত ঘৰুৱা তথা থলুৱা সুস্বাদু অসমীয়া ব্যঞ্জনৰ জুতিৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ বৃহত্তৰ টীয়ক অঞ্চলৰ গ্ৰাহকে ভিৰ কৰেহি ৷ হোটেলত উপলব্ধ চাহ,পকৰি, মিঠাই, ভাত, মাছ, মাংস সকলো বাইদেউৱে নিজেই ৰান্ধি গ্ৰাহকক যোগান ধৰি আজি জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰিছে ৷

শেহতীয়াকৈ ব্যৱসায় ডাঙৰ হৈছে বাইদেউৰ ৷ ফুটপাথৰ হোটেলখনৰ পৰাই কাকজানতে এখন কাপোৰ, জোতা, চেণ্ডেল তথা প্ৰসাধন সামগ্ৰীৰে এখন অত্যাধুনিক দোকান খুলি নিজৰ ব্যৱসায় বৃদ্ধি কৰিছে বাইদেউৱে ৷ লগতে দুয়োখন দোকানতে পাঁচজনকৈ কৰ্মচাৰী নিয়োগ কৰি নিজৰ লগতে পাঁচটাকৈ পৰিয়ালক সংস্থাপনো দিছে বাইদেউৱে ৷

এতিয়া সকলোৰে আদৰ্শ হিচাপে পৰিচিত এইগৰাকী ববিতা বাইদেউৱে যোৰহাট জিলাখনৰ বৰ্ষপূৰ্তিৰ কাৰ্যসূচীত আত্মসহায়ক গোটৰ মেলাত অংশগ্ৰহণ কৰি তিনিদিনত পঞ্চলিছ হাজাৰ টকাৰ হাঁহ আৰু মুৰ্গীৰ মাংস বিক্ৰী কৰি বিশেষ সমাদৰ লাভ কৰিছে ৷ হঠাৎ জীৱনলৈ অহা ধুমুহাৰ সৈতে মোকাবিলা কৰি আজি এগৰাকী সফল মহিলা তথা মাতৃ হিচাপে সমাজত নিজকে প্ৰতিষ্ঠা কৰি বিভিন্ন সামাজিক কামকাজতো ব্যস্ততাৰ মাজতে ভাগ লৈ সামাজিক দ্বায়বদ্ধতাৰ পৰিচয় দিছে এইগৰাকী ববিতা বৰাই ৷

লগতে পঢ়ক: Flood washed away a culvert:নাৰায়ণপুৰৰ শিমলুগুৰিত ভঙা কালভাৰ্টে জ্বলা-কলা খুৱাইছে ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.