ETV Bharat / state

Assam HSLC Result 2023: হোটেলৰ টেবুলত পঢ়িয়েই ৰাধিকাই লিখিলে জীৱনৰ জয়গান

author img

By

Published : May 24, 2023, 10:08 PM IST

Teok especially able student Radhikas achievement
হোটেলৰ টেবুলত পঢ়িয়েই ৰাধিকাই লিখিলে জীৱনৰ জয়গান

জটিল জীৱন সংগ্ৰামক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল টীয়কৰ এগৰাকী মেধাৱী ছাত্ৰী । দৃষ্টিহীনতা ৰোগত ভোগা ৰাধিকাই অভাৱী পৰিয়ালটোলৈ আনিলে একাজঁলি পোহৰ (Teok especially able student Radhikas achievement) ।

হোটেলৰ টেবুলত পঢ়িয়েই ৰাধিকাই লিখিলে জীৱনৰ জয়গান

টীয়ক,২৪ মে': অভাৱ, শাৰীৰিক বাধাগ্ৰস্ততা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে । সেই কথা যেন বাৰে বাৰে প্ৰমাণিত হৈ আহিছে । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাতো বহু অভাৱী তথা বিশেষভাৱে সক্ষম বহু শিক্ষাৰ্থীয়ে প্ৰমাণ কৰি দিছে সেই কথা । ব্যতিক্ৰম নহ'ল টীয়ক (Assam HSLC Result 2023) ।

জগন্নাথ চুব্বা, টীয়কৰ এটা চিনাকী নাম । এজন সহজ সৰল ব্যক্তি । পূৰ্বতে টীয়ক আৰক্ষী থানাৰ গাড়ী চলাইছিল যদিও পাছলৈ টীয়ক আৰক্ষী থানাৰ সমীপতে এখন সৰু হোটেল খুলি জীৱন অতিবাহিত কৰিছে জগন্নাথ চুব্বাই । সকলো সময়তে হাঁহি ফূৰ্তিৰে দিন পাৰ কৰে চুব্বাই ।

পিছে এতিয়া চুব্বাৰ চকুত চকুপানী । এয়া কিন্তু বিষাদৰ চকুলো নহয়, এয়া আনন্দৰ চকুলো । চুব্বা পৰিয়ালটোলৈ অহা এটা ভাল খবৰে আনন্দিত কৰি তুলিলে টীয়কবাসীক । কিয়নো চুব্বাৰ জ্যেষ্ঠ কন্যা ৰাধিকা চুব্বাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ কৰি পিতৃ-মাতৃৰ লগতে সকলোকে গৌৰৱান্বিত কৰি তুলিছে (Teok especially able student Radhikas achievement) ।

ছাত্ৰী ৰাধিকা আজি জীৱন সংগ্ৰামত জয়ী হৈছে । অতি কষ্টেৰে জীৱনৰ প্ৰতিটো দিন পাৰ কৰিছিল ৰাধিকাই । মাক দেউতাকৰ লগত পুৱা প্ৰায় ছয়মাহ বজাতে দেউতাকৰ পুৰণি টাটা চুমুখনত উঠি দোকান পাইহি । তাৰ পাছত গাড়ীতে বহি কিতাপ পঢ়াত ব্যস্ত হৈ পৰে । হোটেলতে কিবা এটা খাই নিদিষ্ট সময়ত বিদ্যালয়লৈ যায় আৰু পুনৰ বিদ্যালয়ৰ পৰা আহি হোটেলৰ কাম-কাজত মাক দেউতাকক সহায় কৰাৰ সমান্তৰালকৈ হোটেলৰ টেবুলতে পঢ়া-শুনা আৰম্ভ কৰে (Inspiring story of Radhika Chubba) ।

ৰাতি পুনৰ আঠ ন বজাত হোটেলতে খোৱা-লোৱা কৰি ঘৰ পাইগৈ । এইদৰে গাড়ী, হোটেলৰ টেবুলত হোটেলত গ্ৰাহকক চাহ ভাত যোগান ধৰি আজি সফলতা লাভ কৰিছে ৰাধিকাই । উল্লেখযোগ্য যে সৰুৰে পৰা ৰাধিকা দৃষ্টিহীনতা ৰোগত ভুগি আছে । বৰ্তমান এটা চকুৰে সম্পূৰ্ণ নেদেখে আৰু এটা চকুৰে মাত্ৰ ৩০% হে দেখিবলৈ সক্ষম ৰাধিকা ।

চিকিৎসকৰ মতে কোনো কাৰণতে আধা ঘণ্টাতকৈ অধিক সময় টিভি মোবাইল বা পঢ়াত ব্যস্ত থাকিব নালাগে এনে ৰোগী । ইমান জটিলতাৰ মাজতো ৰাধিকা আজি উজ্বলি উঠিছে । সৰুৰে পৰা পুলিচ প্ৰশাসনৰ মাজত ডাঙৰ হোৱা ৰাধিকাৰ আগন্তুক দিনত এগৰাকী দক্ষ আৰক্ষী বিষয়া হোৱা মন । সেয়ে এয়া সপোন যাতে বাস্তৱত পৰিণত হয় তাৰ বাবে সমূহ ৰাইজৰে সহায়-সহযোগিতা তথা আশীৰ্বাদ কামনা কৰিছে ৰাধিকাৰ পৰিয়ালৰ লগতে স্থানীয় শুভাকাংক্ষীসকলে ।

লগতে পঢ়ক: HSLC Result 2023: ৰুবিনাৰ মেট্ৰিকৰ ৰিজাল্ট যথেষ্ট ভাল হ’ল; কিন্তু চকুলো টুকিব লগীয়া হৈছে পিতৃয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.