HSLC Result 2023: ৰুবিনাৰ মেট্ৰিকৰ ৰিজাল্ট যথেষ্ট ভাল হ’ল; কিন্তু চকুলো টুকিব লগীয়া হৈছে পিতৃয়ে
Published: May 24, 2023, 7:27 PM

ধুবুৰী, 24 মে’: আৰ্থিক দৈন্যতাকো প্ৰত্যাহ্বান জনাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ধুবুৰীৰ ছাগলচৰা প্ৰথম খণ্ড গাঁৱলৈ সুনাম কঢ়িয়াই আনিলে মেধাৱী ছাত্ৰী ৰুবিনা ইয়াছমিনে (HSLC Result 2023)। পাঁচটা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৫২৬ নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হোৱা ৰুবিনাৰ এগৰাকী চিকিৎসক হোৱাৰ সপোন (Inspiring story of Rubina Yasmin) ৷ কিন্তু অসহায় পিতৃৰ হাতত এতিয়া কন্যাৰ নামভৰ্তিৰ বাবে নাই প্ৰয়োজনীয় ধন ।
সৰুৰে পৰাই পঢ়াৰ উপৰিও ৰং তুলিকাৰে ধেমালি কৰি থাকি ভাল পাই ৰুবিনাই ৷ কিন্তু ৰুবিনাৰ পিতৃ পেছাত এগৰাকী দিন হাজিৰা কৰা ৰাজমিস্ত্ৰী । ৰাজমিস্ত্ৰী হিচাপে কাম কৰি কোনোমতে সংসাৰ চলাই অহা ৰবিয়াল হকে বহু কষ্টেৰে নিজৰ কন্যাৰ সপোন পূৰণ কৰিবলৈ চেষ্টা কৰি গৈছে । যদিও এতিয়া কন্যাৰ ফলাফল ঘোষণা কৰাৰ পিচতে কন্যা ৰুবিনাৰ নামভৰ্তি কৰাবলৈ পিতৃ ৰবিয়ালৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ ধন ।
যাৰ বাবে চৰকাৰৰ ওচৰত সহায় বিচাৰিছে অসহায় পিতৃয়ে । আনকি কন্যাৰ সপোন পূৰণ কৰিবলৈ ৰবিয়াল হকে কিনি ৰাখিছে এডোখৰ মাটি । মাটিখিনি বিক্ৰী কৰি নিজ কন্যাৰ সপোন পূৰণ কৰিব বুলি কয় অসহায় পিতৃ ৰবিয়ালে ৷ ৰুবিনাৰ এনে ফলাফলৰ পিচতেই গাঁওখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷