ETV Bharat / state

যোৰহাটৰ ১১৯ খন প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষকৰেই চলিছে পাঠদান

author img

By

Published : Sep 26, 2022, 9:56 PM IST

Teachers scarcity in several primary school in Jorhat
চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ দুৰাৱস্থা: যোৰহাটৰ ১১৯ খন প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষকৰেই চলিছে পাঠদান

যোৰহাটৰ কেইবাখনো প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন আছু সজাতি দলৰ (Primary school in Jorhat visit by AASU delegation)৷ যোৰহাটৰ শিক্ষা ব্যৱস্থাত আৰম্ভ হৈছে নেকি অৰজাকতা ৷ এজনীয়া শিক্ষক-শিক্ষকবিহীন বিদ্যালয়ৰ সমস্যা বিৰুদ্ধে দৃঢ় স্থিতি যোৰহাট জিলা ছাত্ৰ সন্থাৰ ৷

যোৰহাট,26 ছেপ্টেম্বৰ: ৰাজ্যত প্ৰায়বোৰ শিক্ষানুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম ৷ এই সমস্যা দীৰ্ঘদিনীয়া । দিছপুৰৰ মচনদত কেইবাটাও দলৰ চৰকাৰ বাগৰাৰ সমান্তৰালভাৱে চৰকাৰৰ ঘৰৰ পৰা কেইবাবাৰো শিক্ষাৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি আহিল যদিও সময়ত সকলো পৰিণত হয় ফুটুকাৰ ফেনত ৷

ৰাজ্যত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে যি মূহুৰ্তত উন্নত শিক্ষাৰ জয়গান গাই আহিছে সেইসময়তেই অসমৰ ৰাজহুৱা খণ্ডৰ, চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰ প্ৰতি ৰাজঘৰৰ চৰম অমনোযোগিতা আৰু অৱহেলা মনোভাৱ প্ৰদৰ্শনৰ বাবে ফলাফল, আন্তঃগাঁঠনি, শিক্ষক-ছাত্ৰৰ অনুপাত সকলো দিশৰ পৰা চৰকাৰী বিদ্যালয়সমূহত একপ্ৰকাৰ মৃত্যুঘণ্টা বজাহে পৰিলক্ষিত হৈছে ।

যোৰহাট জিলাতো প্ৰায় ১১৯ খন বিদ্যালয়ত এজনীয়া শিক্ষক বহুকেইখন বিদ্যালয় শিক্ষকবিহীনভাৱে চলি থকা অৱস্থাৰ বিৰুদ্ধে ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি নেৰা-নেপেৰা সংগ্ৰাম অব্যাহত ৰাখিছে ৷ আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে যোৰহাট জিলাৰ এজনীয়া শিক্ষকৰ সমস্যাৰে ভাৰাক্ৰান্ত প্ৰত্যেকখন বিদ্যালয়ত উপস্থিত হৈ শিক্ষক-ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সৈতে মত বিনিময় কৰে (Primary school in Jorhat visit by AASU delegation) ।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকদ্বয় ক্ৰমে জিতু নেওগ, দীপ দত্ত, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে ২ নং কাকজন বাগান প্ৰাথমিক বিদ্যালয় (ক), ২ নং কাকজন বাগান প্ৰাথমিক বিদ্যালয় (খ), ২১০ নং দৰিকিয়াল প্ৰাথমিক বিদ্যালয় , কঁঠালগুৰি বাগান প্ৰাথমিক বিদ্যালয় আদি প্ৰাথমিক বিদ্যালয়সমূহ পৰিদৰ্শন কৰি শিক্ষকৰ সমস্যাৰ বুজ লয় ।

পৰিদৰ্শন কালত উপস্থিত থাকি জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈয়ে কয় যে, চৰকাৰী বিদ্যালয়সমূহৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও বিদ্যালয়ৰ যি মৌলিক সমস্যা অৰ্থাৎ শিক্ষক নিযুক্তিকৰণৰ সমস্যা সমাধানৰ বাবে আজি পৰ্যন্ত কোনো স্থায়ী, দৃঢ় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল ।

ইয়াৰ পূৰ্বেও ছাত্ৰ সন্থাই এক সমস্যা সমাধানৰ বাবে কেইবাখনো স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ লগতে কেইবালানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছতো আজিপৰ্যন্ত চৰকাৰৰ গা নলৰিল(All assam students union) । কথাই প্ৰতি ভাল শিক্ষা, উন্নত শিক্ষা, বেটী পঢ়াও, বেটী বচাও (Beti basao beti padhao)শ্ল'গানেৰে শিক্ষা গ্ৰহণ সকলোৰে মৌলিক অধিকাৰ বুলি সততে জাহিৰ কৰি ফুৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শিক্ষাৰ্থীসকলে আজি কি পৰিৱেশত শিক্ষা গ্ৰহণ কৰিছে, সকলো বিষয়ত শিক্ষাদান কৰিবলৈ উপযুক্ত শিক্ষকৰ সংখ্যা আছে নে নাই এই বিষয়বোৰত চিন্তা কৰাৰ পৰা বিৰত থাকি কেৱল কথাৰ ফুলজাৰি মাৰি চৰকাৰ চলাই আছে ।

ক্ষন্তেকীয়া চমক প্ৰদৰ্শন কৰি ৰাইজৰ আৱেগ ভোটৰ সহায়ত গাদী দখল কৰা আৰু চৰকাৰী বিদ্যালয়সমূহৰ লাওলোৱা অৱস্থাৰ কথা পাহৰি কোটিটকীয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয় উন্মোচনী অনুষ্ঠানত অতিথিৰ আসন শুৱনি কৰা চৰকাৰখনে দৰাচলতে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল শিক্ষা লাভ কৰাটো মনে-প্ৰাণে কামনা নকৰে বুলি ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । যোৰহাট জিলাত বৰ্তমান ১১৯ খন প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষকে পাঠদান কৰিব লগা এক অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি হৈছে (No Teacher in Jorhat schools) ৷

সমগ্ৰ জিলা খনত ১০ খনৰো অধিক প্ৰাথমিক বিদ্যালয়ত শিক্ষকবিহীনভাৱে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব লগা অৱস্থাৰ সৃষ্টি হোৱাৰ পাছতো শিক্ষা বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰা কথাটোৱে আচলতে চৰকাৰখন যে কেৱল উন্নয়নৰ ফটা ঢোল বজোৱাত হে ব্যস্ত সেই কথা পুনৰ প্ৰমাণিত কৰিছে । ছাত্ৰ সন্থাই এই সমস্যা সমাধান নোহোৱা পৰ্যন্ত কেতিয়াও ক্ষান্ত নহয় আৰু অনতিপলমে এই শৈক্ষিক সমস্যাৰ সমাধান নহ'লে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই কঠোৰ ধাৰাবাহিক আৰু গণতান্ত্ৰিক আন্দোলনৰ পন্থা গ্ৰহণ কৰিব বুলিও ছাত্ৰনেতাজনে ব্যক্ত কৰে ।

লগতে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকদ্বয় জিতু নেওগ আৰু দীপ দত্তই কয়, শিক্ষা হৈছে জীৱন গঢ়াৰ মৌলিক আধাৰ । শিক্ষাৰ সৈতে জড়িত কোনো বিষয়ক অৱহেলাৰ দৃষ্টিৰে চালে ছাত্ৰ সন্থাই কেতিয়াও সহ্য কৰা নাই আৰু আগলৈও নকৰে । তাৰেই এক উজ্জ্বল প্ৰমাণ হিচাপে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে আজি শিক্ষকৰ সমস্যাৰে ভাৰাক্ৰান্ত বিভিন্ন চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহ পৰিদৰ্শন কৰিছে ।

৯৯ জন ছাত্ৰ ছাত্ৰী থকা ২১০ নং দৰিকিয়াল প্ৰাথমিক বিদ্যালয়, ৭৪ জন ছাত্ৰ ছাত্ৰী থকা বালিজান নতুন মাটি প্ৰাথমিক বিদ্যালয়, ৭৪ জন ছাত্ৰ ছাত্ৰী থকা লাহিং হাবি গাওঁ প্ৰাথমিক বিদ্যালয় আৰু ৪৭ নং D R ফাইজুদ্দিন আহমেদ বিদ্যালয় ৫৩ নং ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ এজন শিক্ষকে পাঠদান কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ লগতে প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী থকা কঠালগুৰি প্ৰাথমিক বিদ্যালয়ত মাত্ৰ ৩জন শিক্ষকে পাঠদান কৰি আছে (Teachers scarcity in several primary school in Jorhat) ।

যিসময়ত ৩০ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষকৰ প্ৰয়োজন সেই সময়তেই যোৰহাট জিলাৰ এনে সমস্যাই চৰকাৰ আৰু শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপটোক উদঙাই দিছে বুলিও মন্তব্য কৰে । লগতে জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোৱে কেইবাখনো প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি যিকোনো মূল্যৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰাৰ স্বাৰ্থত সংগঠনটোৱে অনাগত সময়ত অধিক দৃঢ়ভাৱে কাম কৰি যাব বুলি সংবাদৰ আগত অৱগত কৰে ।

আজিৰ প্ৰতিনিধি দলটোত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি যদুমণি বৰুৱা, সাংস্কৃতিক সম্পাদক প্ৰীতম জ্যোতি শইকীয়া, সাংগঠনিক সম্পাদক ঋতুৰাজ গগৈ, তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক অবিনাশ ফুকন, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি নিহাৰিকা শইকীয়া, সম্পাদক ৰিয়াজ হুছেইন, কাকজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বেদান্ত ভৰালী, সাধাৰণ সম্পাদক ৰূপম বৰা, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক বিদ্যুৎ জ্যোতি দাস, নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক আশীষ ভূষণ গগৈ আদি উপস্থিত থাকে ।

লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা: ভূ-গৰ্ভৰ পানীৰ বাবেও এতিয়াৰে পৰা ভৰিব লাগিব কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.