ETV Bharat / state

আৰক্ষীয়ে আটক কৰিলে আৰক্ষীৰ পুত্ৰক

author img

By

Published : Oct 25, 2019, 7:27 PM IST

যোৰহাটত ভক্ষকৰ ৰূপত ৰক্ষকৰ পুত্ৰ

যোৰহাটত ভক্ষকৰ ৰূপত ৰক্ষকৰ পুত্ৰ ৷ আৰক্ষীৰ পুত্ৰ লিপ্ত হ'ল ডকাইটি কাণ্ডত ৷ নিশা টেংকাৰৰ চালক-হেণ্ডিমেনক মাৰ-ধৰ কৰি কাঢ়ি নিলে ধন ৷

যোৰহাট, 24 অক্টোবৰঃ বৃহস্পতিবাৰে নিশা যোৰহাটত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা ৷ ৰাষ্ট্ৰীয় উপ-পথত এখন তেল ভৰ্তি টেংকাৰৰ চালক-হেণ্ডিমেনক মাৰ-ধৰ কৰি ধন কাঢ়ি নিলে পাঁচ উদণ্ড যুৱকে ৷ যোৰহাট আৰক্ষীৰ তৎপৰতাত নিশাই গ্ৰেপ্তাৰ কৰিবৰ সক্ষম হয় ডকাইতৰূপী যুৱক কেইজনক ৷ আশ্বৰ্যজনকভাৱে ধৃত পাঁচ যুৱকৰ মাজৰ শিশিৰ কুমাৰ দাস যুৱকজন আছিল যোৰহাটৰ এজন আৰক্ষী বিষয়াৰ পুত্ৰ ৷ যুৱক কেইজনৰ লগতে AS-01BQ-9735 নম্বৰৰ এখন চুইফ ডিজায়াৰ গাড়ী জব্দ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে,বৰ্তমানলৈকে নিখোজ হৈ আছে টেংকাৰখনৰ হেণ্ডিমেন পাপু হাজৰিকা।

যোৰহাটত ভক্ষকৰ ৰূপত ৰক্ষকৰ পুত্ৰ

লগতে পঢ়কঃৰাইজৰ আশা আৰু বিশ্বাসত কোনো কালেই আঘাত নকৰে বিজেপি চৰকাৰে !!

যোৰহাটত চাঞল্য ঘটনা।।নিশা যোৰহাটৰ ৰাজপথত ঘটে ডকাইতি দৰে ঘটনা।।ডকাইটৰ ৰূপত আৰক্ষীৰ পুত্ৰ।।

২৪ অক্টোবৰৰ নিশা যোৰহাটৰ ৰাষ্ট্ৰীয় উপ পথত এখন তেল ভৰ্তি টেংকাৰৰ চালক-হেন্ডিমেনক মাৰ-ধৰ কৰি কাঢ়ি নিয়ে ধন।

নুমলীগড়ৰ পৰা গোগামুখলৈ ডিজেল কঢ়িয়াই নিয়া টেংকাৰ খনৰ পৰা পাচটা ডকাইত ৰূপী যূৱকে ধন দাবী কৰি মাৰপিট কৰাৰ লগতে কাঢ়ি লয় ধন।যোৰহাট আৰক্ষীৰ তংপৰতাত নিশাই গ্ৰেপ্তাৰ কৰিবৰ সক্ষম হয় এজন উচ্চ পয্যায়ৰ আৰক্ষীৰ পুত্ৰৰ লগতে আন চাৰিজন যুৱকক।আনহাতে বৰ্তমানে ও নিখুজ হৈ আছে টেংকাৰৰ হেন্ডিমেন পাপু হাজৰিকা।বোকাখাতৰ বিপুল বৰাৰ টেংকাৰ খনে নুমলীগড় ৰিফাইনেৰীৰ পৰা ডিজেল খিনি কঢ়িয়াই আনিছিল।ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ডকাইতি ৰূপী যূৱক কেইজনৰ লগতে এ এচ ০১ বি কিউ ৯৭৩৫ নম্বৰৰ এখন চুইফ ডিজেয়াৰ গাড়ী জব্দ কৰে।ধৃত যূৱক কেইজন সঞ্জয় দত্ত, মনোজ বৰা,প্ৰাচুৰ্য্য বৰা,শিশিৰ কুমাৰ দাস আৰু সোনমনি গগৈ।ধৃত ডকাইত ৰ ভিতৰত শিশিৰ কুমাৰ দাস এজন আৰক্ষী বিষয়া পুত্ৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.