ETV Bharat / state

Akhil gogoi at Teok: টীয়কত অখিল গগৈৰ মত বিনিময় অনুষ্ঠান

author img

By

Published : Feb 18, 2022, 5:36 PM IST

Sivsagar MLA Akhil Gogoi
টীয়কত অখিল গগৈৰ মত বিনিময় অনুষ্ঠান

টীয়কত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মত বিনিময় অনুষ্ঠান (Akhil Gogoi interaction with people of Teok) ৷ এই অনুষ্ঠানৰ পৰাই সকলো বিৰোধী শক্তিক একত্ৰিত হৈ শাসনাধীস্থ চৰকাৰৰ বিৰুদ্ধে থিয় হ’বলৈ আহ্বান বিধায়ক অখিল গগৈৰ ৷

টীয়ক, 18 ফেব্ৰুৱাৰী : শুকুৰবাৰে টীয়ক সমষ্টিৰ দলীয় সতীৰ্থ তথা শুভাকাংক্ষীসকলৰ সৈতে ভাৱ বিনিময় কৰাৰ অৰ্থে বিধায়ক তথা টীয়কৰ সন্তান অখিল গগৈ টীয়কৰ হাস্পতাল তিনিআলিস্থিত মা বিবাহ ভৱনত উপস্থিত হয় (Akhil Gogoi interaction with people of Teok) ৷

উক্ত সভাত ৰাজ্যিক কাৰ্যকৰী সভাপতি কবিন্দ্ৰ চেতীয়া ফুকন, ৰাজ্যিক সাধাৰণ সম্পাদক অংকুৰ শইকীয়া, কেন্দ্ৰীয় উপ-সভাপতি দিব্যজ্যোতি শৰ্মা, যোৰহাট জিলাৰ সভাপতি দিলীপ বৰদলৈ, কেন্দ্ৰীয় তথ্য প্ৰচাৰৰ সম্পাদক দেবাংগ সৌৰভ গগৈকে প্ৰমুখ্য কৰি ভালেসংখ্যক দলীয় নেতা উপস্থিত থাকে ।

টীয়কত অখিল গগৈৰ মত বিনিময় অনুষ্ঠান

টীয়ক সমষ্টিৰ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি চাইদুল হুচেইন আৰু সম্পাদক মৃদুল বৰাই আঁত ধৰা উক্ত সভাত অখিল গগৈয়ে দেশৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে ৷ লগতে তেওঁ এই সভাতে কেন্দ্ৰীয় চৰকাৰকো তীব্ৰ সমালোচনা কৰে ৷ আনকি দেশ তথা ৰাজ্য বচোৱাৰ স্বাৰ্থৰ বিজেপি দলৰ বিপক্ষে সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনাই শিৱসাগৰৰ বিধায়কগৰাকীয়ে ।

আনহাতে, ভাষণ প্ৰসংগত সাংবাদ মাধ্যমক আক্ৰমণ কৰি কয় যে, ‘‘এতিয়া সংবাদ মাধ্যমে চৰকাৰৰ বহতীয়া হিচাপে কাম কৰিছে । এয়া ভাৰতীয় সংবিধানৰ বাবে এক ভাবুকি স্বৰূপ’’ । আনহাতে, মত বিনিময়ৰ অনুষ্ঠানতে অখিল গগৈক নদীবান্ধ, কা’ আন্দোলনৰ ধাৰাবাহিকতা কিয় নহ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে উপস্থিত ৰাইজে ।

ইয়াৰ উত্তৰত অখিল গগৈয়ে কয় যে, বৰ্তমান বিজেপি চৰকাৰৰ দিনত আন্দোলনৰ পৰিৱেশ নাই । লগতে তেওঁ বৰ্তমান চৰকাৰৰ হাতত উন্নয়নৰ বাবে কোনো ধন নাই বাবে ক’তো উন্নয়ন মূলক কামকাজ আৰম্ভ কৰিব পৰা নাই বুলিও সদৰি কৰে । ইপিনে চৰকাৰৰ এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি অনতি পলমে পুৰণ নকৰিলে আন্দোলন গঢ়ি তোলা হ'ব বুলিও মন্তব্য কৰি এই ক্ষেত্ৰত সকলো বিৰোধীকে একত্ৰিত হ'বলৈ আহ্বান জনায় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক : গ্ৰামাঞ্চললৈ সুখবৰ: পঞ্চদশ বিত্ত আয়োগৰ পুঁজিৰ ৭০ শতাংশ পুঁজিয়েই পাব গাঁও পঞ্চায়তে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.