ETV Bharat / state

মানৱ সৰবৰাহ: নৈশ বাছৰ পৰা বহিঃৰাজ্যলৈ পঠোৱা ৭ কিশোৰীক উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 9:46 AM IST

Updated : Nov 23, 2023, 10:14 AM IST

Seven girls rescued
নৈশ বাছৰ পৰা বহিঃৰাজ্যলৈ পঠোৱা ৭ কিশোৰীক উদ্ধাৰ

মানৱ সৰবৰাহৰ ভয়ংকৰ জালৰ পৰা কথমপি ৰক্ষা পৰে অসমৰ কিশোৰী ৷ বহিঃৰাজ্যলৈ পঠোৱা ৭ গৰাকীৰ কিশোৰীক উদ্ধাৰ কৰা হৈছে নৈশ বাছৰ পৰা।

যোৰহাট, 23 নৱেম্বৰ : ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে মানৱ সৰবৰাহৰ ঘটনা । এক কথাত ক'বলৈ গ'লে ক্ৰমাৎ মানৱ সৰবৰাহৰ 'হাব'লৈ পৰিণত হৈছে অসম । দাৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি, কর্মসংস্থাপনৰ প্ৰলোভন দি অথবা অপহৰণ কৰি ৰাজ্যখনৰ পৰা নিয়া কিশোৰ, কিশোৰী আৰু যুৱতীসকলক একাংশ লোকে বহিঃৰাজ্যত বিক্ৰী কৰি দিয়া বা অসৎ কার্যত লিপ্ত হ’বলৈ বাধ্য কৰোৱা ঘটনা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । এইবাৰ মানৱ সৰবৰাহৰ ভয়ংকৰ জালৰ পৰা কথমপি ৰক্ষা পৰে অসমৰ কিশোৰী ৷ বহিঃৰাজ্যলৈ পঠোৱা ৭ গৰাকীৰ কিশোৰীক উদ্ধাৰ কৰা হৈছে নৈশ বাছৰ পৰা।

বুধবাৰে নিশা অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা গুৱাহাটী অভিমুখী AR 01 M 7945 নম্বৰৰ দ্বীপ ট্ৰেভেলছ নামৰ নৈশ বাছ খনৰ পৰা গোপন সূত্ৰৰ পম খেদি যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা দলে যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ৭ গৰাকী কিশোৰীক উদ্ধাৰ কৰে। ইয়াৰে কেইবাগৰাকী কম বয়সৰ বুলি জানিব পৰা গৈছে । পিংকী কৰ্মকাৰ নামৰ এগৰাকী মহিলাই কিশোৰীকেইগৰাকী লগত লৈ গৈছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে পিংকী কৰ্মকাৰক আটক কৰিছে ৷

ইফালে জনৈক ৰূপৰেখা শৰ্মা নামৰ আন এগৰাকী মহিলাই কিশোৰী কেইগৰাকীৰ নৈশ বাছৰ টিকেট কৰি দিছিল বুলি কিশোৰীকেইগৰাকীয়ে জানিবলৈ দিয়ে ।

ইয়াৰ পিচতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত এয়া মানৱ সৰবৰাহকাৰী চক্ৰৰ কাম বুলি সন্দেহ কৰিছে। ইফালে এক তথ্য অনুসৰি জানিব পৰামতে কিশোৰীকেইগৰাকীৰ পৰিয়ালক প্ৰলোভন দি কিশোৰীকেইগৰাকী বহিঃৰাজ্যলৈ পঠোৱাৰ যো-জা কৰিছিল ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক: এ পি এছ চি কেলেংকাৰী: যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক (অপৰাধ) ছাহজাহান সৰকাৰক গ্ৰেপ্তাৰ

Last Updated :Nov 23, 2023, 10:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.