ETV Bharat / state

যোৰহাটত ৰাইজৰ দলৰ বিশাল যোগদান কাৰ্যসূচী

author img

By

Published : Aug 10, 2021, 10:45 PM IST

raijor dol joining programme
যোৰহাটত ৰাইজৰ দলৰ বিশাল যোগদান কাৰ্যসূচী

যোৰহাটত ৰাইজৰ দলত যোগদানৰ এক জোৱাৰ উঠিছে ৷ মঙলবাৰে যোৰহাট জিলা কাৰ্যালয়ত অনুষ্ঠিত হয় ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচী ৷

যোৰহাট, 10 আগষ্ট : যিসময়ত ৰাজ্যক শাসন কৰা বিজেপি দললৈ বিৰোধী দলৰ একাংশ বিধায়ক সোঁত বৈছে, সেই সময়তে যোৰহাটত দেখা গ’ল এক বিপৰীত ছবি ৷ বিজেপি নহয়, এইবাৰ ঢৌ উঠিছে ৰাইজৰ দলত যোগদানৰ ৷ মঙলবাৰে যোৰহাটত একাংশ ছাত্ৰ সংগঠন তথা বিজেপি আৰু কংগ্ৰেছৰ কৰ্ম কৰ্তাই যোগ দিলে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত ৷

এই উদ্দেশ্যেৰে মঙলবাৰে যোৰহাট জিলা কাৰ্যালয়ত অনুষ্ঠিত হয় ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচী ৷ ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি শৰ্মাত সভাপতিত্বত আয়োজিত হয় এই যোগদান কাৰ্যসূচী ৷ সভাত দলৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু কৰ্মীৰ উপস্থিতত কুৰিৰো অধিক বিজেপি, কংগ্ৰেছ, ছাত্ৰ সংগঠন কৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে ৷

যোৰহাটত ৰাইজৰ দলৰ বিশাল যোগদান কাৰ্যসূচী

লগতে পঢ়ক: সোণৰ অলংকাৰ পিন্ধি বাহিৰলৈ যোৱাৰ আগত দহবাৰ ভাবক !

সভাৰ শেষত সাংবাদিকৰ আগত দিব্যজ্যোতি শৰ্মাই কয় যে, ৰাইজৰ দল আৰু অখিল গগৈৰ সংগ্ৰামী সত্বাৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়িছে ৷ এইয়া ৰাইজৰ দলৰ বাবে ভাল খবৰ ৷ বৰ্তমানৰ চৰকাৰখনৰ ব্যৰ্থতাৰ কথা ৰাইজে ইতিমধ্যে বুজি পাইছে ৷ গতিকে এইধৰণৰ যোগদান কাৰ্যসূচী দলটোৰ সাংগঠনিক দিশটোক অধিক শক্তিশালি কৰিব ৷

তাৰোপৰি চৰকাৰক সমালোচনা কৰি শৰ্মাই কয় যে, 'ৰাইজক প্ৰতাৰণা কৰি একাংশ বিধায়কে বিজেপিত যোগদান কৰিছে ৷ কিন্তু সেই সময়তে যোৰহাটত ৰাইজৰ দলত যোগদানৰ এক জোৱাৰ উঠিছে ৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হয় বৰ্তমান চৰকাৰখন সাধাৰণ ৰাইজৰ স্বাৰ্থ সিদ্ধিত সম্পূৰ্ণ বিফল হৈছে ৷'

জিলাখনৰ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিজেপিত যোগদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৰ্মাই কয়, ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নীবাসীক সম্পূৰ্ণৰূপে প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে ৷ কুৰ্মীয়ে এই কথা উপলব্ধি কৰা উচিত ৷ কুৰ্মীৰ এই প্ৰতাৰণা-বিশ্বাসঘাতকতাৰ প্ৰত্যুত্তৰ ৰাইজে সময়ত দিব বুলি কয় শৰ্মাই ৷

লগতে পঢ়ক: আৰক্ষীৰে গিজগিজাই থকা মহানগৰীত চোৰৰ চাফাই অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.