ETV Bharat / state

আৰক্ষীৰে গিজগিজাই থকা মহানগৰীত চোৰৰ চাফাই অভিযান

author img

By

Published : Aug 10, 2021, 10:00 PM IST

কভিড পৰিস্থিতিৰ বাবে জাৰি হৈ থকা সান্ধ্য আইন আৰু আংশিক লক-ডাউনৰ সুযোগ গ্ৰহণ কৰি মহানগৰীত সক্ৰিয় হৈছে চোৰৰ দল ৷ যাৰ ফলত গুৱাহাটীত ধাৰাবাহিকভাৱে সংঘটিত হৈছে ইটোৰ পিছত সিটো চুৰি কাণ্ড ৷

THIEF AT GUWAHATI
মহানগৰী গুৱাহাটীত চোৰৰ উপদ্ৰৱ

গুৱাহাটী, 10 আগষ্ট : ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰশাসনে জাৰি কৰা সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি মহানগৰী গুৱাহাটীত সক্ৰিয় হৈছে চোৰৰ দল ৷ মহানগৰ আৰক্ষীৰ তলাচীৰ মাজতেই বিভিন্ন স্থানত চোৰে সংঘটিত কৰিছে এটাৰ পিছত আনটো চুৰি কাণ্ড ৷ আৰক্ষীৰ চোকা পহৰাৰ মাজতে সোমবাৰে নিশা মহানগৰীৰ জু-তিনিআলিৰ তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চাফাই অভিযান চলাই লুটি নিয়ে কেইবালাখ টকাৰ সা-সামগ্ৰী ৷

মঙলবাৰে, পুৱাৰ ভাগত দোকান কেইখনৰ গৰাকীয়ে দোকান খুলিবলৈ গৈ সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হৈ আৰক্ষীক খবৰ দিয়ে ৷ জানিব পৰা অনুসৰি জু-ৰোড-নাৰেংগী পথত অৱস্থিত মৰমী ভট্টাচাৰ্যৰ ব্যৱসায়িক অট্টালিকাটোত আছিল ইউনিয়ন বেংক অফ ইণ্ডিয়া, Ahija.Com.আৰু পেষ্টিজৰ শ্ব-ৰুম ৷ সোমবাৰে নিশাৰ ভাগত এটা বৃহৎ চোৰৰ দলে অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ অট্টালিকাটোত প্ৰৱেশ কৰে ৷

লগতে পঢ়কঃ মণিপুৰৰ মোৰেহত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

প্ৰথমে চোৰৰ দলটোৱে চিপৰাঙেৰে ইউনিয়ন বেংক, Ahija.Com. আৰু পেষ্টিজ কাৰ্যালয় কেইটাৰ মূল প্ৰৱেশ দ্বাৰৰ ছাটাৰ ভাঙি প্ৰৱেশ কৰে ৷ তাৰ পিছত চোৰৰ দলটোৱে Ahija.Com. নামৰ প্ৰতিষ্ঠানখনৰ পৰা প্ৰায় 15 টা লেপটপ, ম'বাইল, DSLR কেমেৰা আৰু আপত্তিজনক বহুতো নথি পত্ৰ লুট কৰি লৈ যায় ৷ একেদৰে ইউনিয়ন বেংকতো চোৰৰ দলটোৱে লুট-পাত চলায় ৷

এই সমগ্ৰ দৃশ্য প্ৰতিষ্ঠান কেইটাত থকা চি চি টিভি কেমেৰাত আবদ্ধ হৈছে ৷ আনহাতে, অট্টালিকাটোৰ ওপৰত থকা প্ৰেছটিজৰ কাৰ্যালয়টোৰ ভিতৰত চোৰৰ দলে প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ ৰন্ধন সামগ্ৰী লুট কৰি নিয়ে ৷ ঘটনাস্থলীত গীতানগৰ আৰক্ষী আৰু CID ৰ দল উপস্থিত হৈ চিচি টিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ উল্লেখ্যনীয় যে, শেহতীয়াকৈ নতুন নতুন কৌশল অৱলম্বন কৰি চোৰে সংঘটিত কৰি আহিছে চুৰি কাৰ্য ৷

মন কৰিবলগীয়া যে, কভিড পৰিস্থিতিৰ গ্ৰাসত পৰি একাংশ লোকে কৰ্ম সংস্থাপন হেৰুওৱাৰ লগতে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে বহু পৰিয়ালে ৷ যাৰ বাবে এনেধৰণৰ কাৰ্য সংঘটিত হোৱাৰ আশংকা কৰিছে একাংশ লোকে ৷

লগতে পঢ়কঃ দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল ভুৱা উগ্ৰপন্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.