ETV Bharat / state

সোণৰ অলংকাৰ পিন্ধি বাহিৰলৈ যোৱাৰ আগত দহবাৰ ভাবক !

author img

By

Published : Aug 10, 2021, 9:39 PM IST

আপুনি গম নোপোৱাকৈয়ে আপোনাৰ ডিঙিতে নাইকীয়া হৈ যাব পাৰে পৰিধান কৰি থকা সোণৰ চেইন ডাল ৷ সেয়ে সোণৰ অলংকাৰ পিন্ধাৰল আগত দহবাৰ ভাবক ৷

gold chain theft incidentn in  nalbari
সোণ অলংকা পৰিধান কৰা মহিলা সকল সাৱধান হাওঁক

নলবাৰী, 10 আগষ্ট : আপুনি যদি সোণৰ চেইন ডিঙিত পৰিধান কৰি আছে তেন্তে আপুনি এতিয়াৰ পৰা সাৱধান হওক ৷ কিয়নো আপুনি গম নোপোৱাকৈয়ে আপোনাৰ ডিঙিতে নাইকীয়া হৈ যাব পাৰে সোণৰ চেইন ডাল ৷ বিশেষকৈ সাৱধান হওক মহিলা সকল ৷

মহিলা সকলে প্ৰায়ে সোণৰ চেইন পৰিধান কৰে ৷ সোণৰ আ-অলংকাৰ প্ৰতি মহিলা সকলৰ হেঁপাহো সুকীয়া ৷ পৰম্পৰাগতভাৱে মহিলাসকলে প্ৰায়ে পৰিধান কৰে সোণৰ চেইন বা আঙুঠি ৷

আপুনি হেঁপাহৰ সেই সোণৰ চেইন ডাল পৰিধান কৰি থকাৰ অৱস্থাত যদি হঠাৎ আপোনাৰ গাৰ পৰা চেইন ডাল নাইকীয়া হৈ যায় তেতিয়া আপুনি কি কৰিব ? কথাবোৰত আপুনি আচৰিত হৈছে ৷ পিছে আপুনি আচৰিত হোৱাৰ আগতে সাৱধান হ'ব লাগিব ৷

যদি আপুনি সোণৰ আ-অংলকাৰ পৰিধান কৰাৰ সময়ত সাৱধান হয় তেন্তে চিন্তাৰ কাৰণ নাই ৷ নলবাৰীৰ এটা ঘটনাৰ আধাৰত কোৱা হৈছে এই কথাবোৰ ৷ মঙলবাৰৰ দিন ভাগৰ ঘটনা ৷ বানেকুছিৰ পৰা নলবাৰীলৈ টেম্পোৰে আছিল এগৰাকী মহিলা আৰু তেওঁ কন্যা ৷ টেম্পোৰে আহি থকা সময়তে সংঘটিত হৈছিল কোনেও নভৱা ঘটনাটো ৷

সোণ অলংকা পৰিধান কৰা মহিলা সকল সাৱধান হাওঁক

লগতে পঢ়ক:7 মাহৰ পাচত পোহৰলৈ আহিছে এটা জঘন্য ধৰ্ষণৰ ঘটনা

ঘটনা সংঘটিত হৈছিল নলবাৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ নিচেই কাষতে ৷ কন্যাৰ সৈতে মহিলা গৰাকী আহি থকা টোম্পোখনৰ পাছে পাছে আহি আছিল বাইক আৰোহী দুই যুৱক ৷ যুৱক দুজনৰ উদ্দেশ্য হয়তো আপুনি অলপ হ'লেও অনুধাৱন কৰিব পাৰিছে ৷ হয়, আপুনি ভবাৰ দৰেই যুৱক দুজনৰ দৃষ্টি আছিল টোম্পোখনত আহি থকা মহিলা গৰাকীৰ ডিঙিৰ চেইন ডালত ৷

সময় আৰু সুবিধা বুজি হঠাৎ মহিলা গৰাকীৰ ডিঙিৰ পৰা চেইন ডাল থপিয়াই উধাও হয় দুই যুৱক ৷ একো ততেই ধৰিব নোৱাৰিলে মহিলাগৰাকীয়ে ৷ ভুক্তভোগী মহিলা গৰাকী নাম মিনাক্ষী বৰ্মন ৷ মহিলা গৰাকীয়ে নলবাৰী সদৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে ৷

কেইদিনমান পূৰ্বেও এগৰাকী ব্যক্তিৰ গাত বান্দৰকেকোৰা চটিয়াই দুই লাখ টকাৰ এটা বেগ লৈ উধাও হৈছিল চিলনী চোৰ ৷ নলবাৰীত প্ৰায়ে সংঘটিত হৈ আহিছে এনে ঘটনা । গতিকে আপুনিও সাৱধান হওক ৷ কিয়নো ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে এতিয়া সক্ৰিয় হৈ উঠিছে চিলনী চোৰৰ এটা বৃহৎ চক্ৰ ৷

লগতে পঢ়ক: তামোল বিচাৰি যোৱাৰ চলেৰে ১১ বছৰীয়া কিশোৰীক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.