ETV Bharat / state

আইচেং অসমৰ নেতৃত্বত সংঘটিত হৈছিল যোৰহাটৰ গ্ৰেণেড বিস্ফোৰণ : আৰক্ষী

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 5:49 PM IST

Press Meet of Johat SP
যোৰহাট সেনা চাউনীৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনা

Jorhat Grenade Blast : ফাদিল হল যোৰহাটৰ ৪১ চাব এৰিয়াত সংঘটিত বিস্ফোৰণৰ তথ্য ৷ বিস্ফোৰণত সক্ৰিয়ভাবে জড়িত আছিল আলফা (স্বা) ৷ বিস্ফোৰণত জড়িত আছিল দুই যুৱক ৷ আইচেং অসমৰ নেতৃত্বত সংঘটিত হৈছিল গ্ৰেণেড বিস্ফোৰণ ৷ আৰক্ষী অধীক্ষকৰ সংবাদমেল ৷

যোৰহাট আৰক্ষী অধীক্ষকৰ সংবাদমেল

যোৰহাট, 29 ডিচেম্বৰ : 14 ডিচেম্বৰৰ নিশা প্ৰায় 7.21 বজাত যোৰহাটৰ লিচুবাৰীস্থিত সেনা বাহিনীৰ 41 চাব এৰিয়াৰ ব্ৰহ্মপুত্ৰ গেটৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ ন ন তথ্য পোহৰলৈ আহিছে ৷ বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত যোৰহাট আৰক্ষী আৰু সেনাই বিস্ফোৰণস্থলী পৰীক্ষা কৰাৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল ৷ তদন্তত যোৰহাট আৰক্ষীয়ে বহু তথ্য লাভ কৰে আৰু তদন্তৰ অন্তত এই বিস্ফোৰণৰ প্ৰকৃত কাৰণ আৰু ঘটনাত জড়িত দুই মূল অভিযুক্তক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এই ঘটনা সন্দৰ্ভত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকে ৷

সাংবাদমেলত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ ঘটনাৰ তদন্ত, বিভিন্ন স্থানৰ চি চি টি ভি ফুটেজ, বিস্ফোৰণত ব্যৱহৃত বাইকৰ তথ্যৰ জৰিয়তে যোৰহাট আৰক্ষীয়ে বিস্ফোৰণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আলফাৰ দুই লিংকমেন স্বৰূপ বিৰাজ কছাৰী আৰু অচ্যুত গগৈক বৃহস্পতিবাৰে বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ জেৰাত দুইজনে যোৰহাটৰ বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ৷ শুকুৰবাৰে দুপৰীয়া যোৰহাট আৰক্ষীয়ে ধেমাজি আৰক্ষীৰ সহযোগত জোনাইৰ পৰা আহি থকা অৱস্থাত মৰাণত অচ্যুত গগৈক গ্ৰেপ্তাৰ কৰাৰ পাছত অচ্যুত গগৈৰ তথ্যৰ ভিত্তিত বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত আনজন অভিযুক্ত বিৰাজ কছাৰীক তিতাবৰৰ বান্দৰচলিহাৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

এই দুয়োজনৰ বিষয়ে প্ৰথম তথ্য সক্ৰিয় আলফা সদস্য দীপাংকৰ গগৈৰ ম’বাইল আৰু তেওঁক কৰা জেৰাৰ পৰা জানিব পৰা গৈছে বুলি জনায় আৰক্ষীয়ে ৷ সংবাদমেলত যোৰহাটৰ আৰক্ষী অধীক্ষক মোহন লাল মিনাই কয় যে, যোৱা 14 ডিচেম্বৰৰ যোৰহাট সেনা বাহিনীৰ চৌহদত সংঘটিত হোৱা বিস্ফোৰণৰ পাছত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছিল ৷ প্ৰথম অৱস্থাত এইয়া গ্ৰেণেড বিস্ফোৰণ নে আইইডি বিস্ফোৰণ অথবা অন্য ধৰণৰ বিস্ফোৰণ সেইয়া জানিব পৰা হোৱা নাছিল ৷ বিস্ফোৰণৰ পিছদিনা ঘটনা স্থলীত এন আই এৰ দল আহি তদন্ত আৰম্ভ কৰাৰ পাছত আৰু ফৰেনচিকৰ ৰিপৰ্টৰ পাছত জানিব পৰা যায় যে এইটো আছিল এক গ্ৰেণেড বিস্ফোৰণ ৷ বিস্ফোৰণস্থলীত উদ্ধাৰ কৰা হৈছিল গ্ৰেণেডৰ লিভাৰ আৰু বিভিন্ন অংশ ৷

ইয়াৰ পাছতে যোৰহাট আৰক্ষীয়ে 555/23 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি সমগ্ৰ ঘটনাৰ তদন্ত আৰু অধিক তীব্ৰ কৰি তোলে ৷ সংগ্ৰহ কৰা হয় বিভিন্ন স্থানৰ চি চি টি ভি ফুটেজ ৷ আৰক্ষীয়ে জানিব পাৰে বিস্ফোৰণত ব্যৱহৃত বাইকৰ মডেল ৷ আৰক্ষী নিশ্চিত হয় যে বিস্ফোৰণৰ বাবে ব্যৱহাৰ কৰা হৈছিল পালচাৰ এন এইচ 125 বাইক ৷ যোৰহাটৰ এজন বিশেষজ্ঞ আৰু চি চি টি ভি ফুটেজৰ ভিত্তিত বিস্ফোৰণত ব্যৱহৃত বাইকখনৰ তথ্য আৰক্ষীয়ে উলিয়াবলৈ সক্ষম হয় ৷ বাইকখনৰ গৰাকী আছিল বিস্ফোৰণত জড়িত বিৰাজ কছাৰীৰ জেঠায়েকৰ ল’ৰাৰ আৰু জেঠায়েকৰ নামত পঞ্জীয়ন আছিল ৷ বিস্ফোৰণৰ বাবে দুই দুৰ্বৃত্তই তিতাবৰ, গড়আলি, চিনামৰা, সদৰ, বাঘচুং, লিচুবাৰী হৈ উপস্থিত হৈছিল সেনা বাহিনীৰ কেম্পৰ সন্মুখত ৷ অৱশ্যে সেইসময়ত এই পথত ভিৰ থকাৰ বাবে তেওঁলোকে কিছু সময় অপেক্ষা কৰি এখন দোকানৰ পৰা মদ কিনি তাতে সেৱন কৰি গ্ৰেণেড বিস্ফোৰণ কৰি পুনৰ ক্লাব ৰোড, গড়আলি হৈ তিতাবৰ দিশে গতি কৰে ৷

সংবাদমেলত আৰক্ষী অধীক্ষক মোহন লাল মিনাই কয় যে, বিৰাজ কছাৰী আৰু অচ্যুত গগৈৰ পোনপটীয়া সম্পৰ্ক আছিল শদিয়াৰ আইচেং অসম ওৰফে কনক গগৈ ওৰফে অভিজিত গগৈৰ ৷ এই আইচেং অসমে আলফাৰ নিয়োগকাৰী সদস্য হিচাপে কাম কৰি আহিছে ৷ আইচেং অসমৰ সম্পৰ্ক আছিল দীপাংকৰ গগৈৰ লগতো ৷ দীপাংকৰ গগৈয়ে সক্ৰিয় আলফা সদস্য হিচাপে কাম কৰি গৈছিল ৷ আনহাতে বিৰাজ আৰু অচ্যুতে প্ৰথম অৱস্থাত সামাজিক মাধ্যমযোগে আলফাৰ পেজত আলফাত যোগদানৰ কথা প্ৰকাশ কৰিছিল ৷ তাৰ পাছত অহৰহ আইচেং অসমে যোগাযোগ কৰিছিল বিৰাজ আৰু অচ্যুতৰ লগত ৷ কেওজনে টেলিগ্ৰাম ভিডিঅ’ কলৰ জৰিয়তে কথা পাতিছিল ৷ তেওঁলোক দুয়োজনে বিস্ফোৰণৰ বাবে ব্যৱহৃত গ্ৰেণেডতো লাভ কৰিছিল কোনো অজ্ঞাত ব্যক্তিৰ পৰা টীয়ক ইলেক্ট্ৰিক চাব ষ্টেচনৰ সমীপত ৷ তাৰ পৰা তেওঁলোক গ্ৰেণেড লৈ টীয়কৰ পৰা মৰিয়নী হৈ উপস্থিত হয় তিতাবৰত ৷ তিতাবৰত উপস্থিত হৈ বিৰাজৰ এজন সম্পৰ্কীয় লোকৰ ঘৰত চাহ খাই বিস্ফোৰণৰ বাবে ওলাই আহে ৷ ইয়াৰ পূৰ্বে তিতাবৰত থকাৰ সময়তে বান্দৰচলিহাৰ এখন বাগিচাৰ ভিতৰত আইচেং অসমে টেলিগ্ৰামত ভিডিঅ’ কল যোগে বিৰাজ আৰু অচ্যুতক প্ৰায় দহ মিনিট ধৰি গ্ৰেণেড বিস্ফোৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷

আনহাতে আৰক্ষী অধীক্ষকজনে সংবাদমেলৰ জৰিয়তে লগতে উল্লেখ কৰে যে, বিৰাজ আৰু অচ্যুতে বিহুৰ পাছতেই আলফাত যোগদান কৰাৰ কথা আছিল ৷ সেই অনুসৰি আলফাৰ শিবিৰত উপস্থিত হ’বৰ বাবে বিৰাজৰ একাউণ্টত পাঁচ হাজাৰ টকা জমা দিয়া হৈছিল আলফাৰ তৰফৰ পৰা ৷ বিহুৰ পাছতে দুয়োজন ডিমাপুৰত উপস্থিত হোৱাৰ পাছত তেওঁলোকক লৈ যোৱাৰ কথা আছিল আলফাৰ শিবিৰলৈ ৷ আনহাতে বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বিৰাজৰ ঘৰৰ পৰা বিস্ফোৰণত ব্যৱহৃত এ এছ 03 এ জি 9943 বাইকখনৰ লগতে দুটা হেলমেট, দুটা জেকেট, গামোচা, জোতা জব্দ কৰিবলৈ সক্ষম হয় ৷ আনহাতে জানিব পৰা মতে এই বিস্ফোৰণ সংঘটিত কৰিব নোৱাৰিলে অচ্যুত গগৈ আৰু বিৰাজ কছাৰীসহ পৰিয়ালৰ লোকক প্ৰাণ নাশৰ ভাবুকি দিছিল আলফা(স্বা) ই ৷ পেচাত গাড়ী চালক হিচাপে কাম কৰা দুয়োৰে বয়স 20ৰ পৰা 21 বছৰৰ ভিতৰত হ’ব ৷ আনহাতে আজি আৰক্ষীয়ে দুয়োকে আদালতত হাজিৰ কৰি নিজৰ জিম্মাত লৈ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিব ৷

লগতে পঢ়ক : যোৰহাটত গ্ৰেণেড বিস্ফোৰণত জড়িত যুৱকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.