ETV Bharat / state

বহাগ বিহুত বন্ধ নাই ডাক কৰ্মচাৰীৰ

author img

By

Published : Apr 10, 2021, 10:33 PM IST

no-holiday-in-bohag-bihu
বহাগ বিহুত বন্ধ নাই ডাক কৰ্মচাৰীৰ

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপনৰ পৰা বঞ্চিত কৰিলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক | প্ৰতি বছৰে প্ৰথম বহাগৰ দিনটোত বহাগ বিহুৰ বন্ধ পাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলে ৷ কিন্তু এই বছৰ কেন্দ্ৰীয় চৰকাৰৰ বন্ধৰ তালিকাত নাই বহাগ বিহুৰ বন্ধ | ইয়াৰ ফলত ডাক বিভাগৰ কৰ্মচাৰী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ ৷

যোৰহাট,10 এপ্ৰিল : অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপনৰ পৰা বঞ্চিত কৰিলে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক | প্ৰতি বছৰে প্ৰথম বহাগৰ দিনটোত বহাগ বিহুৰ বন্ধ পাই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলে ৷ কিন্তু এই বছৰ কেন্দ্ৰীয় চৰকাৰৰ বন্ধৰ তালিকাত নাই বহাগ বিহুৰ বন্ধ | ইয়াৰ ফলত ডাক বিভাগৰ কৰ্মচাৰী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টিৰ ৷

বহাগ বিহুত বন্ধ নাই ডাক কৰ্মচাৰীৰ

কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি শনিবাৰে যোৰহাটত গ্ৰামীন ডাক কৰ্মচাৰী সকলে এক সংবাদ মেল সম্বোধন কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক কোনো কাৰণতে মানি নলয় কৰ্মচাৰীসকলে । বিহুৰ দিনাখন কৰ্মৰত অৱস্থাত থাকিলে কৰ্মচাৰীসকলে বহাগ বিহুৰ যি নীতি নিয়ম সেয়া মানি চলিব নোৱাৰিব ৷ সেয়েহে কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী তথা অসম চৰকাৰৰ মুখ্য ডাক বিষয়াক 1 বহাগ তথা 15 এপ্ৰিল তাৰিখে বন্ধ ঘোষণা কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা 1 বহাগৰ দিনাখন কৰ্মচাৰীসকলে অনশন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : শান্তি-সমম্বয়ৰ বাৰ্তা কঢ়িয়াই চাইকেল যাত্ৰা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.