ETV Bharat / state

Mission Basundhara: টীয়কৰ ঘৰে-ঘৰে মিছন বসুন্ধৰা আঁচনি

author img

By

Published : Nov 26, 2021, 9:55 AM IST

Mission Basundhara
টীয়কৰ ঘৰে-ঘৰে মিছন বসুন্ধৰা আঁচনি

মোৰ ভূমি মোৰ অধিকাৰ শীৰ্ষক শ্ল'গানেৰে মিছন বসুন্ধৰা আঁচনি (Mission Basundhara Project)ৰ জৰিয়তে ভূমি সম্বন্ধীয় সকলো সমস্যা দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । টীয়কৰ বিভিন্ন অঞ্চলত টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে (Teok revenue cycle Office) গাঁৱে গাঁৱে ৰাজহ আদালত অনুস্থিত কৰি ৰাইজৰ ভূমি সম্বন্ধীয় কাম-কাজ কৰাত ব্যস্ত হৈ পৰিছে ।

টীয়ক, 26 নৱেম্বৰ : মিছন বসুন্ধৰা অসম চৰকাৰৰ এক বিশেষ আঁচনি (Mission Basundhara Project)। মোৰ ভূমি মোৰ অধিকাৰ শীৰ্ষক শ্ল'গানেৰে এই আঁচনিৰ জৰিয়তে ভূমি সম্বন্ধীয় সকলো সমস্যা দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ।

বিশেষকৈ চৰকাৰী আৱন্টনপ্ৰাপ্ত ভূমিৰ ম্যাদীকৰণ, উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, একচনীয়া পট্টা ম্যাদীকৰণ, দলিল সূত্ৰে নামজাৰি, বিবাদমুক্ত বাতোৱাৰা, মাটীৰ শ্ৰেণী পৰিৱৰ্তন, ভূমিৰ নথি সংশোধনী, পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভূক্তকৰণ, ৰাজহ নথিৰ পৰা দখল তথা স্বত্ববিহীন পট্টাদাৰৰ নাম কৰ্তন আদিৰ অন্তৰ্ভূক্ত কৰিছে এই মিছনত । তাৰে পৰিপেক্ষিতত টীয়কৰ বিভিন্ন অঞ্চলত টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে (Teok revenue cycle Office) গাঁৱে গাঁৱে ৰাজহ আদালত অনুস্থিত কৰি ৰাইজৰ ভূমি সম্বন্ধীয় কাম-কাজ কৰাত ব্যস্ত হৈ পৰিছে ।

এই ক্ষেত্ৰত আৰু অধিক সজাগতা আনিবলৈ বিভিন্ন অঞ্চলত বাটৰ নাট, মাইকযোগে ঘোষণা আদিৰ ব্যৱস্থা গ্ৰহণ কৰিছে । উল্লেখ্য যে, অহা ৩০ নৱেম্বৰ এই সুবিধাসমূহ গ্ৰহণৰ অন্তিম দিন । সেয়ে ৩০ নৱেম্বৰৰ ভিতৰত সকলোকে বিভাগীয় বিষয়া কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰিবলৈ কাৰ্যালয়ৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক: সৰুপথাৰত জল জীৱন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.