ETV Bharat / state

Task force for Tea Estate: চাহ ফেক্টৰী তদাৰকৰ বাবে টাস্ক ফ'ৰ্চ গঠন

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 3:19 PM IST

Labour Minister Sanjay Kishan
শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ

ৰাজ্যত থকা ১২ শ চাহ ফেক্টৰীৰ নিৰাপত্তা আৰু তদাৰকৰ বাবে গঠন টাস্ক ফ'ৰ্চ। ফেক্টৰীত সোমাই আঘাটপ্ৰাপ্ত শ্ৰমিকৰ স্বাস্থ্য বুজ ল'লে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে । এককালীন সাহায্য় হিচাপে ৰাজ্য চৰকাৰে প্ৰদান কৰে চেক ।

শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ

যোৰহাট, ২৭ আগষ্ট: যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ টাইৰুণ চাহ বাগিচাৰ কলঘৰত কৰ্মৰত অৱস্থাত যোৱা ২২ আগষ্টত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এজন শ্ৰমিক । কলঘৰ চিটিচি মেচিনত ভাস্কৰ মাহান্তি নামৰ শ্ৰমিকজনৰ সোঁ ভৰি সোমাই যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । পিচত শ্ৰমিকজনৰ আঘাত গুৰতৰ হোৱা বাবে উন্নত চিকিৎসা বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । দেওবাৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিকজনৰ স্বাস্থ্য বুজ লয় শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ।

শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে কয় যে বৰ্তমান শ্ৰমিকজনৰ এটা অস্ত্ৰোপ্ৰচাৰ সফলভাৱে সম্পন্ন হৈছে আৰু পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই । আনহাতে, শ্ৰমিকজন কৰ্মৰত অৱস্থাত আঘাতপ্ৰাপ্ত হোৱা বাবে বাগিচা কৰ্তৃপক্ষৰ হেমাহিৰ কথা স্বীকাৰ কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে । লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাস্কৰ মহান্তিক ৰাজ্য চৰকাৰৰ পৰা এককালিন সাহায্য হিচাপে ৬ লাখ ২৮ হাজাৰ ৮৩৩ টকাৰ এখন চেক প্ৰদান কৰে । ইপিনে, ভাস্কৰ মাহান্তিৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পাছতে তিতাবৰ টাইৰুণ চাহ বাগিচাৰ কলঘৰ পৰিদৰ্শন কৰি উক্ত ঘটনাৰ বুজ লয় মন্ত্ৰীগৰাকীয় ।

চিকিৎসাধীন অৱস্থালৈকে ভাস্কৰ মাহান্তিয়ে দৰমহা লাভ কৰাৰ লগতে উক্ত বাগিচাতে পৰিয়ালৰ এজন সদস্যক চাকৰি প্ৰদান কৰা কথা অৱগত কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে, মন্ত্ৰী সঞ্জয় কিষাণে কয় যে ৰাজ্যত থকা ১২০০ টা ফেক্টৰীত পৰ্যাপ্ত পৰিমাণে নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰিছে নে নাই সেয়া পৰ্যবেক্ষণ কৰিবলৈ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে ।

উল্লেখ্য যে আজি পৰা এক মাহ পূৰ্বে মৰিয়নি নিউ সোণোৱাল চাহ বাগিছাৰ কলঘৰ ডায়াৰত সোমাই মহেশ কোঁৱৰ নামৰ এজন শ্ৰমিকে এখন ভৰি হেৰুৱাব লগা হৈছিল। কিন্তু তাৰ পিচতো বাগিছা কৰ্তৃপক্ষই শ্ৰমিকৰ জীৱন নিৰাপত্তাত বাৰে বাৰে ভেঙুচালি কৰি অহা অভিযোগ উথাপিত হৈ আছে । সেই অভিযোগ স্বীকাৰ কৰিছে খোদ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে ।

লগতে পঢ়ক:Cash for Job; চাকৰিৰ কেলেংকাৰীৰ বজাৰত ভায়েক জড়িত থাকিলেও সুদাই নেৰে মন্ত্ৰী সঞ্জয় কিষাণে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.