ETV Bharat / state

Atul Bora in Jorhat: সমষ্টিৰ পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ প্ৰভুত্ব বিস্তাৰ কৰিব; মন্ত্ৰী অতুল বৰা

author img

By

Published : Jun 21, 2023, 12:22 PM IST

যোৰহাটত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত কৃষিমন্ত্ৰী অতুল বৰা ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সন্তুষ্ট অসম গণ পৰিষদ ৷ মৰিগাঁৱতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন ৷

Atul Bora Reacts on Constituency Delimitation
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা

যোৰহাট, 21 জুন: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷

যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা ৷ যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি খচৰা প্ৰকাশ কৰিছে তাক লৈ অসম গণ পৰিষদে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ তেওঁ লগতে কয় যে, সমষ্টিৰ পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ প্ৰভুত্ব বিস্তাৰ কৰিব ৷

তেওঁ কয় যে, 2026 চনলৈকে অসমৰ বিধান সভা আৰু লোকসভা সমষ্টি পূৰ্বৰ দৰে থাকিব, বৃদ্ধি আৰু হ্ৰাস নহয় আৰু এইয়া খিলঞ্জীয়াৰ স্বাৰ্থত হোৱা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ অগপৰ দীৰ্ঘদিনীয়া দাবী বুলিও মন্তব্য কৰে মন্ত্ৰীজনে ৷ আনহাতে কলিয়াবৰ লোকসভা সমষ্টিৰ নাম সলনি কৰি কাজিৰঙা নামেৰে নামকৰণক কৰাক লৈ মন্ত্ৰী অতুল বৰাই গৌৰৱবোধ কৰে বুলি কয় ৷

যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই কাৰ্যসূচীত মন্ত্ৰী অতুল বৰাৰ লগতে জিলা উপায়ুক্ত পুলক মহন্ত ,আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ লগতে বহু লোকে অংশগ্ৰহণ কৰে ৷

আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বুধবাৰে মৰিগাঁৱতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ৷ মৰিগাঁও জিলাৰ আয়ুস বিভাগ, জিলা স্বাস্থ্য বিভাগ ,আৰক্ষী বিভাগ, জিলা প্ৰশাসন আৰু মৰিগাঁওবাসী ৰাইজৰ সহযোগত ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ৷ যোগ দিৱসৰ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে মুকলি কৰে মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ৷ জিলা প্ৰশাসনৰ উদ্যাগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : SP office inaugurated in Dibrugarh:ডিব্ৰুগড়ৰ নৱনিৰ্মিত আৰক্ষী অধীক্ষকৰ কাৰ্যালয় উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.