ETV Bharat / state

দুই লাখ ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিব চৰকাৰেঃ কেশৱ মহন্ত

author img

By

Published : Nov 19, 2020, 5:23 PM IST

keshab-mahanta-visited-teok
দুই লাখ ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিব চৰকাৰেঃ কেশৱ মহন্ত

বৃহস্পতিবাৰে টীয়কৰ কাৱৈমাৰীত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনিৰ কামৰ শুভাৰম্ভ কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ তদুপৰি আগন্তুক জানুৱাৰী মাহৰ ভিতৰত চৰকাৰে দুইলাখ ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে কেশৱ মহন্তই ৷

টীয়ক, 19 নৱেম্বৰ : উন্নয়ন আৰু প্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত চৰকাৰৰ প্ৰতিটো বিভাগে ইতিমধ্যে বিভিন্ন অভিলাষী আঁচনি আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে টীয়কৰ কাৱৈমাৰীত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ গুৰুত্বপূৰ্ণ আঁচনিৰ কামৰ শুভাৰম্ভ কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷

keshab-mahanta-visited-teok
দুই লাখ ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিব চৰকাৰেঃ কেশৱ মহন্ত

উক্ত কাৰ্যসূচীত স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱা, বিভাগীয় কেইবাগৰাকীও বিষয়ববীয়া,অগপৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া,যোৰহাট জিলা সম্পাদক দ্বিপেন বৰগোঁহাই উপস্থিতিত কাৱৈমাৰী গোঁহাই গাঁও,চীনাতলি কুমাৰ গাঁও খহনীয়া প্ৰতিৰোধৰ আঁচনি লগতে বেজৰছিগা গাঁৱৰ ব্ৰহ্মপুত্ৰৰ জাঁজীমুখৰ মথাউৰি সৱলীকৰণ আঁচনিৰ কামৰ শুভাৰম্ভ কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। আগন্তুক দিনত এই আঁচনিৰ সফল ৰূপায়ণে উক্ত নৈপৰীয়া অঞ্চলৰ সমস্যাসমূহৰ স্থায়ী সমাধান হ'ব বুলি আশা কৰিছে মন্ত্ৰীগৰাকীয়ে ৷

তদুপৰি আগন্তুক জানুৱাৰীৰ ভিতৰত চৰকাৰে দুইলাখ ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা কৰিব বুলি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই।
লগতে পঢ়ক: বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা হাইলাকান্দি নগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.