ETV Bharat / state

বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা হাইলাকান্দি নগৰ

author img

By

Published : Nov 19, 2020, 2:20 PM IST

হাইলাকান্দি চহৰত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড ৷

বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা হাইলাকান্দি নগৰ
বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা হাইলাকান্দি নগৰ

হাইলাকান্দি, 19 নবেম্বৰ : এক বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে হাইলাকান্দি নগৰ । অগ্নিনিৰ্বাপন বাহিনীৰ তৎপৰতাত বিশেষ কোনো ক্ষয়ক্ষতি নোহোৱাকে নিৰ্বাৰিত হয় জুই । বৃহস্পতিবাৰে ৰাতিপুৱা হাইলাকান্দি জিলা উপায়ুক্তৰ চৰকাৰী বাসগৃহৰ ঠিক সম্মুখত থকা এটা দুতলীয়া ঘৰৰ ছাদত থকা অস্থায়ী কক্ষৰ পৰা সূত্ৰপাত হয় জুইৰ । ঘৰখনৰ গৰাকী শংকৰ দে'য়ে জানিব দিয়‍া মতে, বৈদ্যুতিক ছৰ্ট ছাৰ্কিটৰ পৰা অগ্নিসংযোগ হয় ৷ ইপিনে, অগ্নিসংযোগ হোৱাৰ কিছু মুহুৰ্তৰ ভিতৰতে অগ্নি নিৰ্বাপণ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে । যাৰ ফলতে এক বৃহৎ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলটো ৷

বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা হাইলাকান্দি নগৰ

লগতে পঢ়ক : বজালীৰ বনৰীয়া ধাবাত নিশাৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.