ETV Bharat / state

চৰকাৰী সিদ্ধান্তক লৈ অসন্তুষ্টি সাংবাদিক মহলৰ, পেন্সন, এককালীন সাহায্য, ফেল’শ্বিপ প্ৰদানৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 8:47 AM IST

ৰাজ্য চৰকাৰৰ এক হঠকাৰী সিদ্ধান্তৰ বাবে সাংবাদিক মহলত প্ৰতিক্ৰিয়া ৷ সাংবাদিকসকলৰ পেন্সন, এককালীন অনুদান আৰু ফেল‘শ্বিপৰ দৰে চৰকৰী আঁচনিৰ সুবিধাসমূহ বন্ধ কৰি দিছে ৰাজ্য চৰকাৰে ৷

Jorhat Press club Meets
চৰকাৰী সিদ্ধান্তক লৈ অসন্তুষ্টি সাংবাদিক মহল

যোৰহাট, 2 ডিচেম্বৰ : ৰাজ্য চৰকাৰৰ এক হঠকাৰী সিদ্ধান্তৰ বাবে ৰাজ্যৰ সাংবাদিক মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ কিয়নো দীৰ্ঘদিন ধৰি অসমৰ সাংবাদিকসকলে পেন্সন, এককালীন সাহায্য আৰু ফে’লশ্বিপ আদিৰ দৰে চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ কৰি আহিছে ৷ কিন্তু হঠাৎ ৰাজ্য চৰকাৰে সাংবাদিকক প্ৰদান কৰা উক্ত আঁচনিসমূহ বন্ধ কৰি দিছে ৷ যাৰবাবে ৰাজ্যৰ সাংবাদিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ইফালে অসম চৰকাৰৰ কাৰ্যক গৰিহণা জনাইছে যোৰহাট প্ৰেছ ক্লাৱে ৷ শুকুৰবাৰে ক্লাৱত অনুষ্ঠিত এক কাৰ্যনিৰ্বাহক সভাত এক প্ৰস্তাৱ যোগে সাংবাদিকসকলৰ কল্যাণৰ স্বাৰ্থত উক্ত আঁচনিসমূহ শীঘ্ৰে পুনৰ আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে ।

তদুপৰি যোৰহাট প্ৰেছ ক্লাৱে আগন্তুক বাজেটত সাংবাদিকসকলৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ বাবেও অসম চৰকাৰক আহ্বান জনায় । যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি অশোক কুমাৰ বৰুৱা আৰু সাধাৰণ সম্পাদক পৰমানন্দ বৰাই এক বিবৃতিত যোগে কয় যে, অসম চৰকাৰে 2016 চনৰ পৰা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ বাবে এখন পেন্সন আঁচনি প্ৰৱৰ্তন কৰিছিল ।

তেওঁলোকে কয়, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু বিহাৰকে আদি কৰি ৰাজ্যসমূহত সাংবাদিকৰ পেন্সন, বীমা আৰু চৰকাৰী বাছত বিনামূলীয়া ভ্ৰমণৰ দৰে আদি বিভিন্ন সুবিধা বৃদ্ধি কৰিছে ৷ কিন্তু বিপৰীতে অসম চৰকাৰে সাংবাদিকৰ পেন্সন, এককালীন অনুদান, ফেল‘শ্বিপ আৰু ভ্ৰমণ আদিৰ দৰে আঁচনিসমূহ বন্ধ কৰি দিছে ।

এয়া অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি তেওঁলোকে কয় যে, দুবছৰ ধৰি অসম চৰকাৰে সাংবাদিকৰ পেন্সনৰ বাবে কোনো আৱেদন বিচৰা নাই । ইয়াৰ ফলত ৰাজ্যত বহু সাংবাদিক পেন্সনৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷ লগতে বন্ধ কৰি দিয়া হৈছে এককালীন অনুদান । সেয়ে যোৰহাট প্ৰেছ ক্লাৱে এই বিষয়সমূহ মুখ্যমন্ত্ৰী আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ দৃষ্টিগোচৰ কৰাৰ বাবে যোৰহাট জিলা আয়ুক্তৰ যোগেদি এক স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক : ড৹ বাণীকান্ত কাকতি মেধা বঁটা: ৰঙা-নীলা স্কুটী চলাই শিক্ষাৰ্থীয়ে খেদিব সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.