ETV Bharat / state

3 years of CAA protest in Assam: যোৰহাটত আছুৰ ক'লা পতাকা প্ৰদৰ্শন

author img

By

Published : Dec 11, 2022, 4:13 PM IST

২০১৯ চনৰ আজিৰ দিনটোতে দেশৰ সংসদত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা" গৃহীত হৈছিল (Citizenship Amendment Act 2019)। গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আছুকে ধৰি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । যাৰ বাবে সমগ্ৰ অসমতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছিল ।

3 years of CAA protest in Assam
যোৰহাটত আছুৰ ক'লা পতাকা প্ৰদৰ্শন

যোৰহাটত আছুৰ ক'লা পতাকা প্ৰদৰ্শন

যোৰহাট, ১১ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন চমুকৈ "কা" (Citizenship Amendment Act 2019) বিৰোধী আন্দোলনে তিনিটা বছৰ সম্পূৰ্ণ কৰিলে (3 years of CAA protest)। প্ৰৱল প্ৰতিবাদ সত্বেও ২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদত এই‌ বহু বিতৰ্কিত এই আইনখন গৃহীত হৈছিল । কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিছিল এই আইন । ফলত 'কা' বিৰোধী প্ৰতিবাদে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল । এই দিনটোক ক'লা দিৱস হিচাপে পালন আছু আৰু নেছ'ৰ । গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত ক'লা পতাকা উৰুৱাই প্ৰতিবাদ আছুৰ ।

ইয়াৰ সৈতে সংগতি ৰাখি আজি যোৰহাট জিলা ছাত্র সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে (CAA protest in Jorhat)। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে জাতি ধ্বংসী আইনখন বাতিল কৰিবলৈ দাবী জনায় । জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত প্ৰদৰ্শন কৰা ক'লা পতাকাসমূহ পিছত আৰক্ষীয়ে কাঢ়ি নিয়ে ।

উল্লেখ্য় যে আজিৰ দিনটোতেই ৰাজধানী চহৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আছুকে ধৰি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । যাৰ বাবে সমগ্ৰ অসমতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছিল (CAA protest in Assam)। ১২ ডিচেম্বৰৰ দিনাও ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে প্ৰতিবাদ অব্যাহত আছিল । "কা" বিৰোধী আন্দোলনত ৰাজ্যৰ ৬ গৰাকী লোক শ্বহীদ হৈছিল ।

"কা"ৰ বিৰোধিতাৰে কেৱল আছু বা নেছ' বুলিয়ে নহয় বিভিন্ন দল-সংগঠনেও ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে । ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সংগঠনসমূহে তীব্ৰ আন্দোলন কৰাৰ পাছতো কিন্তু চৰকাৰ একে স্থিতিতে আছে । আনকি "কা" আন্দোলনৰ আশ্ৰয় লৈ বহুতে ৰাজনৈতিক পথাৰতো ভৰি দিয়াৰ উদাহৰণ আছে অসমত । অৱশ্যে ভৱিষ্যতে অসমj সংগঠনসমূহে "কা"ৰ ক্ষেত্ৰত কেনে স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব !

লগতে পঢ়ক:3 years of CAA protest in Assam : লখিমপুৰত ক'লা পতাকা লৈ আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.