ETV Bharat / state

3 years of CAA protest in Assam : লখিমপুৰত ক'লা পতাকা লৈ আছুৰ প্ৰতিবাদ

author img

By

Published : Dec 11, 2022, 2:18 PM IST

ৰাজ্যজুৰি আছু আৰু উত্তৰ পূৱ ছাত্ৰ সংগঠনৰ আহ্বানত ক'লা দিৱস হিচাপে পালন কৰা হৈছে । আছুৱে লখিমপুৰত ক'লা পতাকা উৰুৱাই কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest in Lakhimpur)। চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে আছুৱে ।

3 years of CAA protest in Assam
লখিমপুৰত ক'লা পতাকা লৈ আছুৰ প্ৰতিবাদ

লখিমপুৰ,১১ ডিচেম্বৰ : কা' বিৰোধী আন্দোলনৰ তিনিটা বছৰ সম্পূৰ্ণ হ'ল (3 years of CAA protest)। আজিৰ দিনটোতে অৰ্থাৎ ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনা দেশৰ সংসদত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হৈছিল । কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ ওপৰত বলপূৰ্বকভাৱে এই আইন জাপি দিয়াৰ অভিযোগত ৰাজ্যত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছিল । কা' বিৰোধী প্ৰতিবাদে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ।

ৰাজধানী চহৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আছুকে ধৰি বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । যাৰ বাবে সমগ্ৰ অসমতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছিল (CAA protest in Assam)। ১২ ডিচেম্বৰৰ দিনাও ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ততে প্ৰতিবাদ অব্যাহত আছিল । কা' বিৰোধী আন্দোলনত ৰাজ্যৰ ৬ গৰাকী লোক শ্বহীদ হৈছিল ।

লখিমপুৰত ক'লা পতাকা লৈ আছুৰ প্ৰতিবাদ

সেই আন্দোলনৰ কথা আজিও পাহৰিব পৰা নাই ৰাজ্যবাসীয়ে । কা' আইনৰ বিৰোধিতা কৰি বিগত বছৰৰ দৰে এইবাৰো এইদিনটো ৰাজ্যজুৰি আছু আৰু উত্তৰ-পূৱ ছাত্ৰ সংগঠন চমুকৈ নেছ'য়ে ক'লা দিৱস হিচাপে পালন কৰিছে (AASU observed Black day on Dec 11)। ৰাজ্যৰ ভিন্ন প্ৰান্তত আছুৱে ক'লা পতাকা উৰুৱাইছে । আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলিও জনাইছে আছুৱে । আনহাতে পুনৰ এবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

লখিমপুৰ জিলা আছুৱেও ক'লা দিৱস পালন কৰে (Lakhimpur AASU observed Black day)। লখিমপুৰ চহৰত আছুৱে উৰুৱালে ক'লা পতাকা । এই বিতৰ্কিত কা' আইনৰ পুনৰবাৰ বিৰোধিতা কৰি লখিমপুৰ আছুৰ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে । লখিমপুৰ জিলা ছাত্ৰ সন্থা আৰু উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই যৌথভাৱে এই প্ৰতিবাদত অংশ লয় (AASU protest against CAA in Lakhimpur)।

ইফালে আছুৱে কা'ৰ বিৰুদ্ধে আইনী যুদ্ধৰ লগতে ৰাজপথৰ যুঁজ চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰে । তদুপৰি অনাগত দিনত কা'ৰ বিৰুদ্ধে ৰাজ্যজুৰি ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে আছু নেতাসকলে ।

লগতে পঢ়ক :AASU observed Black Day : কা' বিৰোধী আন্দোলনৰ তিনি বছৰ উপলক্ষে আছুৱে উৰুৱালে ক'লা পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.