ETV Bharat / state

অসম জাতীয় পৰিষদৰ ভৱিষ্যৎ সম্পৰ্কে ৰাণা প্ৰতাপ বৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

author img

By

Published : Sep 19, 2020, 5:01 AM IST

‘‘অসম জাতীয় পৰিষদ এতিয়া এটা পুলিহে । বৃক্ষ হ’বলৈ এতিয়াও সময় আছে । ৰাইজৰ মাজলৈ যাব লাগিব যাতে অসমৰ ৰাইজে দলটোক আস্থাত লয়’’ - ইটিভি ভাৰতৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা ৰাণা প্ৰতাপ বৰুৱাৰ ৷

interview with rana preatap baruah
interview with rana preatap baruah

যোৰহাট, 18 ছেপ্টেম্বৰ : ৰাজ্য খনত ক্ৰমান্বয়ে সৃষ্টি হৈছে নিৰ্বাচনৰ পৰিৱেশৰ । এতিয়া ৰাজ্যত বলিছে নিৰ্বাচনৰ বতাহ । কি বিজেপি, কি অসম গণ পৰিষদ, কি কংগ্ৰেছ সকলো এতিয়া সাজু হৈছে । ইতিমধ্যে কঁকালত টঙালি বান্ধিছে দলসমূহে । ইয়াৰ লগে লগে সাজু হৈ পৰিছে আন এক ৰাজনৈতিক দল ।নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰ আন্দোলনত জঁপিয়াই পৰা সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যৌথ সংগ্ৰামৰ মিলনত নতুনকৈ ভূমিষ্ঠ হৈছে নতুন ৰাজনৈতিক দল "অসম জাতীয় পৰিষদ" ৷ ৰাইজৰ মন জয় কৰিব পাৰিব নে এই দলটোৱে ৷ নে ৰাজনৈতিক বোকাত লুতুৰি পুতুৰি হৈ অসম গণ পৰিষদ দলৰ দৰে হ’বগৈ ৷ এই সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা ৰাণা প্ৰতাপ বৰুৱাই ৷

ৰাণা প্ৰতাপ বৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ
কি ভুমুকা গ্ৰহণ কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । ‘কা’ আন্দোলনত অংশ লোৱা শিল্পীসকলৰ সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰিলে নেতাগৰাকীয়ে ৷ ‘অসম জাতীয় পৰিষদ এতিয়া এটা পুলিহে । বৃক্ষ হ’বলৈ এতিয়াও সময় আছে । ৰাইজৰ মাজলৈ যাব লাগিব যাতে অসমৰ ৰাইজে দলটোক আস্থাত লয় ৷ সকলো দিশ সামৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাণা প্ৰতাপ বৰুৱাই কৈ গল এটাৰ পাচত আনটো পৰিকল্পনাৰ কথা ৷
অসম জাতীয় পৰিষদৰ ভৱিষ্যৎ কি হ’ব !
কি হ’ব এই নতুন ৰাজনৈতিক দলৰ ভৱিষ্যৎ । সেইয়া সময়ে ক’ব ৷ ৰাইজে কেনেদৰে আঁকোৱালি ল’ব সেইয়া হ’ব গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডকলৈ পুনৰ উত্তাল ওদালগুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.