ETV Bharat / state

ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডকলৈ পুনৰ উত্তাল ওদালগুৰি

author img

By

Published : Sep 18, 2020, 9:10 PM IST

ডাঃ ৰাহুল বসুমতাৰীয়ে অধ্যয়ন কৰা ডাইমণ্ড ইংলিছ স্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত উলিওৱা এই প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ পোষ্টাৰলৈ,ৰাহুল বসুমতাৰীৰ হত্যকাৰীক ফাঁচী দিয়ক,আমাক ন্যায় লাগে আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

protest at udalguri reson dr rahul basumatary mudder case
ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডকলৈ পুনৰ উত্তাল ওদালগুৰি

দৰং,18 চেপ্তেম্বৰঃ ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডকলৈ পুনৰ উত্তাল হৈ পৰিল ওদালগুৰি চহৰ। শুকুৰবাৰে হত্যাকাণ্ডৰ প্ৰতিবাদত ওদালগুৰি চহৰৰ মাজমজিয়াত এটি প্ৰতিবাদী সমদল বাহিৰ কৰে ওদালগুৰিৰ ছাত্ৰ-ছাত্ৰী,যুৱক-যুৱতী আৰু পুৰুষ-মহিলাই। ডাঃ ৰাহুল বসুমতাৰীয়ে অধ্যয়ন কৰা ডাইমণ্ড ইংলিছ স্কুলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত উলিওৱা এই প্ৰতিবাদী সমদলত প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ পোষ্টাৰলৈ,ৰাহুল বসুমতাৰীৰ হত্যকাৰীক ফাঁচী দিয়ক,আমাক ন্যায় লাগে আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাণ্ডকলৈ পুনৰ উত্তাল ওদালগুৰি
ইপিনে প্ৰতিবাদকাৰী সকলে ৰাহুলৰ হত্যাকাৰীক ফাঁচী দিয়াৰ লগতে ঘটনাৰ অনুসন্ধানৰ বাবে বিশেষ অনুসন্ধানকাৰী দল গঠনৰ দাবী কৰে। উল্লেখযোগ্য যে, ওদালগুৰি চহৰত নিকটৱৰ্তী ১নং শান্তিপুৰৰ যুৱক তথা যোৰহাটৰ ডাঃ জে কে শইকীয়া হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক ৰাহুল বসুমতাৰীৰ মৃতদেহ ক্ষত বিক্ষত অৱস্থাত যোৱা ৫ চেপ্তেম্বৰৰ পুৱা যোৰহাটৰ চন্দন নগৰৰ ভাড়াঘৰত উদ্ধাৰ কৰা হৈছিল ।

লগতে পঢ়কঃ বজালীলৈ সঘন আহ-যাহ বিজেপিৰ ৰাজ্যিক সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.