ETV Bharat / state

International Forest Day 2023: গিৱন অভয়াৰণ্যক সেউজীয়া কৰাৰ অংগীকাৰ বন বিভাগৰ

author img

By

Published : Mar 22, 2023, 7:51 PM IST

International Forest Day celebrations in Morioni
গিবনক সেউজকৰণ কৰা অংগীকাৰ বন বিভাগৰ

মৰিয়নিৰ গিৱন অভয়াৰণ্যত আন্তঃৰাষ্ট্ৰীয় বন দিৱস উদযাপন(International Forest Day celebrations in Morioni) । অভয়াৰণ্যখনৰ ৬৬০ হেক্টৰ ভূমি সেউজীয়া কৰাৰ লক্ষ্য বন বিভাগৰ । আন্তঃৰাষ্ট্ৰীয় বন দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰে বিভিন্ন কাৰ্যসূচী ।

গিবনক সেউজকৰণ কৰা অংগীকাৰ বন বিভাগৰ

যোৰহাট, ২২ মাৰ্চ: মঙলবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় বন দিৱস (International Forest Day 2023) । বিভিন্ন প্ৰকাৰৰ বনাঞ্চলৰ তাৎপৰ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰৰ ২১ মাৰ্চ দিনটো আন্তঃৰাষ্ট্ৰীয় বন দিৱস হিচাপে পালন কৰা হয় । আন্তঃৰাষ্ট্ৰীয় বন দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ একমাত্ৰ অভয়াৰণ্য মৰিয়নিৰ গিবন অভয়াৰণ্যত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় বন দিৱস (International Forest Day celebrations in Morioni) ।

উল্লেখ্য যে, অসম গ্ৰামীণ বিকাশ ন্যাসৰ সহযোগত যোৰহাট বন বিভাগ আৰু মৰিয়নি আঞ্চলিক বন বিভাগে মৰিয়নিৰ গিবন অভয়াৰণ্যত ৬৬০ হেক্টৰ ভূমিত বানানীকৰণৰ লক্ষ্য বান্ধি লৈছে (Gibbon Sanctuary in Morioni) । এই দিৱসৰ ওপৰত সংগতি ৰাখি গিবন অভয়াৰণ্যত অনুষ্ঠিত হোৱা বৃক্ষৰোপণ কাৰ্যসূচীত যোৰহাট জিলাৰ উপ বন সংৰক্ষক বিবি সিং, বনাঞ্চলিক বিষয়া পৰিস্মিতা নেওগ, মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেশ কলিতা, অসম গ্ৰামীণ বিকাশ ন্যাসৰ কেইবাজনো সদস্যসহ বহুকেইজন বন্যপ্ৰেমী লোক উপস্থিত থাকে (Forest department pledges to green Gibbon) ।

উল্লেখ কৰা প্ৰয়োজন যে, ক্ৰমাগতভাৱে ৰাজ্যত বনাঞ্চল পৰিমাণ হ্ৰাস পাই আহিছে । তাৰ ফলস্বৰূপে গোলকীয় উষ্ণতাৰ (Global warming) আৰু জলবায়ু পৰিৱৰ্তন ঘটিছে । সেয়েহে সময় থাকোতে মানৱ জাতিলৈ আহিব পৰা সংকটৰ পৰিত্ৰাণ বিচাৰি বৃক্ষৰোপণৰ দৰে মহৎ কাৰ্যসূচী চৰকাৰ তথা প্ৰকৃতিপ্ৰেমীসকলে গ্ৰহণ কৰি আহিছে । কাৰণ বন ভূমি পৰিমাণ হ্ৰাস পোৱা বাবে বনৰীয়া জীৱ-জন্তু জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ চলাই আহিছে আৰু ক্ৰমান্বয়ে হাতী আৰু মানুহ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে ।

এনে ধৰণৰ সমস্যা পৰা পৰিত্ৰাণ পাবলৈ হ'লে বনাঞ্চল পৰিমাণ বৃদ্ধি কৰাটো এক প্ৰকাৰ অনিবাৰ্য হৈ পৰিছে । সেয়েহে মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় বন দিৱসৰ লগত সংগতি ৰাখি ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো এলানি গছপুলি ৰোপন কাৰ্যসূচী গ্ৰহণ কৰাৰ হয় । ইয়াৰ এটাই উদ্দেশ্য পৃথিৱীখন সেউজীয়া কৰি ৰখা । এই পদক্ষেপক পৃথিৱীখনক ভালপোৱা প্ৰত্যেকগৰাকী লোকে সহযোগিতা আগৱঢ়োৱাৰ কথা প্ৰকাশ কৰে প্ৰকৃতি প্ৰেমী লোকসকলে ।

লগতে পঢ়ক: Lat Maldal arrested: উৎকোচ লৈ জালত পৰিল বিশ্বনাথ ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল লগন বাছোৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.