ETV Bharat / state

Flag distribution programme: যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ৰূপায়ন বিশেষ কাৰ্যসূচী

author img

By

Published : Aug 11, 2022, 9:11 PM IST

যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সহযোগত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ আবাসীসকলৰ দ্বাৰা প্ৰস্তুত কৰা জাতীয় পতাকা বিতৰণ কাৰ্য্যসূচী ৰূপায়ন ৷ এই কাৰ্যসূচীৰ মূল লক্ষ্য আছিল কাৰাগাৰৰ কয়দীসকলে প্ৰস্তুত কৰি উলিওৱা জাতীয় পতাকা শ্বহীদ কুশল কোঁৱৰৰ গোলাঘাটৰ বাসগৃহলৈ প্ৰেৰণ কৰা।

Etv Bharat
Etv Bharat

যোৰহাট, 11 আগষ্ট: ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) পালনৰ জড়িয়তে এইবাৰ "ঘৰে ঘৰে জাতীয় পতাকা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে (Har Ghar Tiranga Abhiyan)। ঘৰে ঘৰে জাতীয় পতকা উৰুৱাই স্বাধীনতা দিৱস উদযাপন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱাৰ পিছতে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত জীয়ৰী-বোৱাৰী, আত্মসহায়ক গোটসমূহে নিৰ্মাণ কৰি উলিয়াইছে তিনিবৰণীয়া জাতীয় পতাকা ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটতো দেখা গৈছে ইয়াৰ এক ব্যতিক্ৰমী কাৰ্যসূচী ৷

যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ৰূপায়ন এক বিশেষ কাৰ্যসূচী

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ৰূপায়ন কৰা হয় এক বিশেষ কাৰ্যসূচী (75th Independence Day)। এই কাৰ্যসূচী এই কাৰণেই বিশেষ কিয়নো এইবাৰ জীয়ৰী-বোৱাৰীয়ে নহয় বৰং যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীসকলে নিজ হাতেৰে তৈয়াৰ কৰি উলিয়াইছে তিনিবৰণীয়া জাতীয় পতাকা ৷

যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত তথা যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সহযোগত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ আবাসীসকলে নিৰ্মাণ কৰি উলিয়াইছে তিনিবৰণীয়া জাতীয় পতাকা ৷ কয়দীসকলে প্ৰস্তুত কৰা জাতীয় পতাকা বিতৰণ কাৰ্য্যসূচী ৰূপায়ন কৰা হয় যোৰহাটত।

এই কাৰ্যসূচীৰ আন এক বিশেষ অংশ আছিল কাৰাগাৰৰ কয়দীসকলে প্ৰস্তুত কৰি উলিওৱা জাতীয় পতাকা শ্বহীদ কুশল কোঁৱৰৰ গোলাঘাটৰ বাসগৃহলৈ প্ৰেৰণ কৰা । শ্বহীদ কুশল কোঁৱৰ যোৰহাটৰ কেন্দ্ৰীয় কাৰাগৰৰ যিটো কুঠৰীত আছিল আজি সেই স্থানৰ পৰা এক বিশেষ ৰেলীৰ জড়িয়তে গায়ন-বায়েনেৰে পতাকাখন অনা হয়।

এই পতাকা অৰ্পণ কৰা হয় যোৰহাটৰ চি আৰ পি এফৰ ১১৯ নং বেটেলিয়নক। উক্ত বেটেলিয়নে সম্পূৰ্ণ মৰ্যাদা সহকাৰে সেই বিশেষ পতাকাখন লৈ যায় শ্বহীদ কুশল কোঁৱৰৰ গোলাঘাটৰ বাসগৃহলৈ । এই কাৰ্যসূচীত উপস্থিত থাকে যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন ৷

উল্লেখ্য যে ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই ফাঁচিকাঠ বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ আছিল কুশল কোঁৱৰ (Shahid Kushal Konwar) ৷

লগতে পঢ়ক: Azadi ka Amrit Mahotsav: বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.